--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭১সংখ্যক জন্মদিন একপ্ৰকাৰ উৎসৱৰ দৰে পালন কৰা হ’ল দেশত। শাসকীয় বিজেপিয়ে মহা আড়ম্বেৰে উদযাপন কৰিলে মোদীৰ জন্মদিন। নানা জনহিতকৰ পদক্ষেপো গ্ৰহণ কৰা হৈছে মোদীৰ ৭১সংখ্যক জন্মদিনটোত। কুৰিদিনীয়া কাৰ্যসূচীৰে পালন কৰিবলগীয়া মোদীৰ জন্মদিনৰ প্ৰথমটো দিনতে ভাৰতে গঢ়িলে বিশ্ব ৰেকৰ্ড। প্ৰতিষেধক প্ৰদান অভিযানৰ ব্যাপক সাফল্যৰে এই অভিলেখ গঢ়িলে ভাৰতে। মোদীৰ জন্মদিন উপলক্ষে চৰকাৰে শুকুৰবাৰৰ দিনটোত টিকাককৰণ অভিযানক অধিক তীব্ৰতা দিয়াৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল। বিভিন্ন ঠাইত বিশেষ শিবিৰৰো আযোজন কৰা হৈছিল।

শুকুৰবাৰে প্ৰথমবাৰৰ বাবে দেশত প্ৰদান কৰা হ’ল ২.৫কোটি পালি প্ৰতিষেধক। শুকুৰবাৰে নিশা প্ৰায় ১২ বজাত কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডব্যই ভাৰতৰ এই ঐতিহাসিক সাফল্যৰ কথা প্ৰকাশ কৰে। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়েও প্ৰতিষেধক প্ৰদান অভিযানৰ এই সাফল্যক লৈ প্ৰতিজন দেশবাসী গৰ্বিত বুলি মত প্ৰকাশ কৰে। টুইটযোগে তেওঁ প্ৰতিগৰাকী চিকিৎসক, নাৰ্ছ, প্ৰশাসনীয় অধিকাৰী তথা সকলো ফ্ৰণ্ট লাইন কৰ্মীক এই সাফল্যৰ বাবে কৃতজ্ঞতা ব্যক্ত কৰে।

ক’ভিডক পৰাভূত কৰাৰ বাবে টিকাকৰণক অধিক গতি দিয়াৰ চেষ্টা অব্যাহত ৰাখিবলৈও মোদীয়ে আহ্বান জনায়। উল্লেখ্যে যে, মোদীৰ জন্মদিনৰ দিনটোত চৰকাৰে ২.৫ কোটি পালি প্ৰতিষেধক প্ৰদানৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল যদিও এই লক্ষ্যতকৈ ১০,৩৯০ পালি অধিক প্ৰতিষেধক প্ৰদান কৰা সম্ভৱ হয়। উল্লখ্যে যে, এদিনতে প্ৰদান কৰা ক’ভিড প্ৰতিষেধকৰ ক্ষেত্ৰত এয়া এক বিশ্বৰেকৰ্ড। ইয়াৰ পূৰ্বে চীনে, বিগত জুন মাহত এদিনতে ২.৪৭কোটি পালি প্ৰতিষেধক প্ৰদান কৰিছিল। ভাৰতৰ এই সাফল্যৰ পাছত বিশ্ব স্বাস্থ্য সংস্থায়ো অভিনন্দন জ্ঞাপন কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰ্যালয়ৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য! দেশৰ প্ৰতি দহ যুৱক-যুৱতীৰ এজন নিবনুৱা
কমনৱেলথ গেমছ: টুভালুৰ টাৰোনা টাফাকীৰ বিৰুদ্ধে ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব বক্সাৰ লাভলীনা বৰগোহাঁই
উজনি অসমত বানত ক্ষতিগ্ৰস্ত ৰে’লপথ মেৰামতিৰ কাম আৰম্ভ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
নগালেণ্ডৰ বনাঞ্চল ধ্বংস কৰা বাবেই উজনি অসমৰ বানে ল’লে সংহাৰী ৰূপ: নদী বিশেষজ্ঞ
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?