--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  পৰিবেশ প্ৰদূষণ ৰোধ কৰাৰ লগতে ইন্ধনৰ নাটনিৰ জোৰা মাৰিবলৈ ভাৰতৰ বিভিন্ন চহৰত চিএনজি চালিত বাহনৰ প্ৰচলন হৈছে। ইমানদিনে চিএনজিৰে চাৰিচকীয়া সৰু গাড়ী চলাই থকা হৈছিল যদিও এইবাৰ  ভাৰতৰ প্ৰথম চিএনজি-চালিত ট্ৰাক মুকলি কৰে টাটাই।

চিএনজি চালিত ট্ৰাক মুকলি কৰি  টাটা গোটে ট্ৰাকৰ পৃথিৱীত এক বিপ্লৱ আৰম্ভ কৰিলে। এই কোম্পানীটোৱে ভাৰতীয় বজাৰত প্ৰথম চিএনজি চালিত ট্ৰাক চলোৱাৰ সিদ্ধান্ত বহুদিন আগতেই লৈছিল। অৱশেষত অপেক্ষাৰ অন্ত পৰিল হ'ল।  টাটা গোটে শেহতীয়াকৈ  চিএনজি চালিত ট্ৰাকৰ ৭ টা মডেল মুকলি কৰিছে। বিশেষজ্ঞসকলৰ মতে, এই ট্ৰাকবোৰত এনে বহুতো সুবিধা আছে, যিবোৰে চালকসকলক সহজে  আকৰ্ষিত কৰিব পাৰিব।

কি মডেল মুকলি কৰা হৈছে জানো আহক
এলপিটি ৭০৯ এক্সডি: ইয়াত ৫ বৰ্গ ফুট ডেক  অন্তৰ্ভুক্ত আছে। ইয়াৰ উপৰিও, এই ট্ৰাকে সাধাৰণ ট্ৰাকৰ তুলনাত ১০ শতাংশ অধিক ইন্ধন ৰাহি কৰিব।
এছকে ৭১০ টিপাৰ: এই ট্ৰাকত  ৪ এম কিউব এছএফচি প্লেটফৰ্ম ব্যৱহাৰ  কৰা হৈছে।
আল্ট্ৰা টি ১২ জি: ইয়াত ৩.৮ লিটাৰ এছজিআই টাৰ্বোচাৰ্জড ইঞ্জিন আছে।

আল্ট্ৰা কে ১৪: বিশ্বমানৰ আৰামদায়ক, শীতাতাপ নিয়ন্ত্ৰিত কেবিন আছে,  ইন্ধন ৰাহি কৰিব পাৰিব বুলি ভবা হৈছে।
এলপিটি ১৫১২জি: ইয়াত সৰ্বাধিক চিএনজি ক্ষমতাৰ সৈতে ১০ শতাংশলৈকে ইন্ধন সঞ্চয়ৰ সুবিধা আছে
আল্ট্ৰা টি ১৬ চিএক্স: এই ট্ৰাকখনৰ কেবিনৰ আয়তন তুলনামূলকভাৱে ডাঙৰ আৰু ইয়াত ৩.৩ লিটাৰৰ টাৰ্বোচাৰ্জড ইঞ্জিন আছে।

এলপিকে ৬১০: এই গাড়ীখনৰ উচ্চতা অলপ বেছি। এনে ট্ৰাকত এক উচ্চ-মানৰ ব্ৰেকিং প্ৰণালী আছে।

চিএনজি চালিত এনে ট্ৰাকসমূহে এবাৰত একেৰাহে প্ৰায় ১০০০ কিলোমিটাৰ যাত্ৰা কৰিব পাৰে।

ট্ৰাক অনুসৰি ডেকৰ দৈৰ্ঘ্য পৃথক হয়। যেনে ২০ ফুট আৰু ৩২  ফুটৰ ডেকৰ সৈতে ১৯  টন সামগ্ৰী কঢ়িয়াব পৰা ট্ৰাক। আকৌ ২৮ টন বহন ক্ষমতাৰ  ট্ৰাকত ২৪ ফুট আৰু ৩২  ফুটৰ ডেক আছে। এনে ট্ৰাকত দ্ৰুত তেল ভৰ্তিৰ বাবে দ্বৈত নজলৰ ব্যৱস্থা আছে।এনে ট্ৰাকে আটাইতকৈ বেছি ইন্ধন ৰাহি কৰে। গতিকে খৰচো কম হ'ব বুলি ভবা হৈছে।











FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু