--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  পৰিবেশ প্ৰদূষণ ৰোধ কৰাৰ লগতে ইন্ধনৰ নাটনিৰ জোৰা মাৰিবলৈ ভাৰতৰ বিভিন্ন চহৰত চিএনজি চালিত বাহনৰ প্ৰচলন হৈছে। ইমানদিনে চিএনজিৰে চাৰিচকীয়া সৰু গাড়ী চলাই থকা হৈছিল যদিও এইবাৰ  ভাৰতৰ প্ৰথম চিএনজি-চালিত ট্ৰাক মুকলি কৰে টাটাই।

চিএনজি চালিত ট্ৰাক মুকলি কৰি  টাটা গোটে ট্ৰাকৰ পৃথিৱীত এক বিপ্লৱ আৰম্ভ কৰিলে। এই কোম্পানীটোৱে ভাৰতীয় বজাৰত প্ৰথম চিএনজি চালিত ট্ৰাক চলোৱাৰ সিদ্ধান্ত বহুদিন আগতেই লৈছিল। অৱশেষত অপেক্ষাৰ অন্ত পৰিল হ'ল।  টাটা গোটে শেহতীয়াকৈ  চিএনজি চালিত ট্ৰাকৰ ৭ টা মডেল মুকলি কৰিছে। বিশেষজ্ঞসকলৰ মতে, এই ট্ৰাকবোৰত এনে বহুতো সুবিধা আছে, যিবোৰে চালকসকলক সহজে  আকৰ্ষিত কৰিব পাৰিব।

কি মডেল মুকলি কৰা হৈছে জানো আহক
এলপিটি ৭০৯ এক্সডি: ইয়াত ৫ বৰ্গ ফুট ডেক  অন্তৰ্ভুক্ত আছে। ইয়াৰ উপৰিও, এই ট্ৰাকে সাধাৰণ ট্ৰাকৰ তুলনাত ১০ শতাংশ অধিক ইন্ধন ৰাহি কৰিব।
এছকে ৭১০ টিপাৰ: এই ট্ৰাকত  ৪ এম কিউব এছএফচি প্লেটফৰ্ম ব্যৱহাৰ  কৰা হৈছে।
আল্ট্ৰা টি ১২ জি: ইয়াত ৩.৮ লিটাৰ এছজিআই টাৰ্বোচাৰ্জড ইঞ্জিন আছে।

আল্ট্ৰা কে ১৪: বিশ্বমানৰ আৰামদায়ক, শীতাতাপ নিয়ন্ত্ৰিত কেবিন আছে,  ইন্ধন ৰাহি কৰিব পাৰিব বুলি ভবা হৈছে।
এলপিটি ১৫১২জি: ইয়াত সৰ্বাধিক চিএনজি ক্ষমতাৰ সৈতে ১০ শতাংশলৈকে ইন্ধন সঞ্চয়ৰ সুবিধা আছে
আল্ট্ৰা টি ১৬ চিএক্স: এই ট্ৰাকখনৰ কেবিনৰ আয়তন তুলনামূলকভাৱে ডাঙৰ আৰু ইয়াত ৩.৩ লিটাৰৰ টাৰ্বোচাৰ্জড ইঞ্জিন আছে।

এলপিকে ৬১০: এই গাড়ীখনৰ উচ্চতা অলপ বেছি। এনে ট্ৰাকত এক উচ্চ-মানৰ ব্ৰেকিং প্ৰণালী আছে।

চিএনজি চালিত এনে ট্ৰাকসমূহে এবাৰত একেৰাহে প্ৰায় ১০০০ কিলোমিটাৰ যাত্ৰা কৰিব পাৰে।

ট্ৰাক অনুসৰি ডেকৰ দৈৰ্ঘ্য পৃথক হয়। যেনে ২০ ফুট আৰু ৩২  ফুটৰ ডেকৰ সৈতে ১৯  টন সামগ্ৰী কঢ়িয়াব পৰা ট্ৰাক। আকৌ ২৮ টন বহন ক্ষমতাৰ  ট্ৰাকত ২৪ ফুট আৰু ৩২  ফুটৰ ডেক আছে। এনে ট্ৰাকত দ্ৰুত তেল ভৰ্তিৰ বাবে দ্বৈত নজলৰ ব্যৱস্থা আছে।এনে ট্ৰাকে আটাইতকৈ বেছি ইন্ধন ৰাহি কৰে। গতিকে খৰচো কম হ'ব বুলি ভবা হৈছে।











FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ