--°C
Loading...
Listen to Article
2 min read
80%
 ়়ডিজিটেল ডেস্ক: বিপৰীতে এতিয়ালৈকে সৰ্বনিম্ন স্তৰত উপনীত হৈছে টকা।প্ৰতি  ডলাৰৰ বিপৰীতে ৮১ টকালৈ হ্ৰাস পালে টকাৰ মূল্য ২৩ ছেপ্টেম্বৰ শুকুৰবাৰে টকাৰ মূল্য ডলাৰৰ বিপৰীতে সৰ্বনিম্ন স্তৰত উপনীত হয়। প্ৰথমবাৰৰ বাবে ডলাৰৰ বিপৰীতে ৩৯ পইচা হ্ৰাস হৈ  ৮১.১৮ টকালৈ অৱনমিত। ব্লুমবাৰ্গৰ তথ্য অনুসৰি বৃহস্পতিবাৰে ডলাৰৰ বিপৰীতে টকাৰ মূল্য ৮০.৮৬ৰ স্তৰত বন্ধ হয়। বৃহস্পতিবাৰে টকাৰ পতন হৈছে ২৪ ফেব্ৰুৱাৰীৰ পিছত সৰ্বাধিক ৰূপত । বিশেষজ্ঞসকলৰ মতে, ডলাৰৰ বিপৰীতে টকা ৮১ বা ৮১.৫০ৰ স্তৰলৈ যাব পাৰে।

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বৃহস্পতিবাৰে কয় যে চৰকাৰে বিনিময় হাৰ আৰু মুদ্ৰাস্ফীতিৰ ওপৰত নজৰ ৰাখিছে আৰু উপযুক্ত পদক্ষেপ গ্ৰহণ কৰিছে।

আমেৰিকান ডলাৰ সূচকাংক ১১১ৰ ওপৰত আছে আৰু দুবছৰীয়া আমেৰিকান বণ্ডৰ ফলন বহুবছৰীয়া উচ্চতম ৪.১ শতাংশৰ ওপৰত আছে। এইবোৰ কাৰণতে শুকুৰবাৰে প্ৰথমবাৰৰ বাবে ডলাৰৰ বিপৰীতে টকাৰ মূল্য অভিলেখ নিম্ন ৮১.২৩লৈ হ্ৰাস পায়।

পিটিআইত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি, ফৰেক্স ব্যৱসায়ীসকলে কয় যে আমেৰিকাৰ ফেডাৰেল ৰিজাৰ্ভৰ দ্বাৰা সুতৰ হাৰ ৭৫ ভিত্তি পইণ্ট বৃদ্ধি আৰু ইউক্ৰেইনত বৃদ্ধি পোৱা ভূ-ৰাজনৈতিক বিপদেও টকাৰ ক্ষেত্ৰত প্ৰভাৱ পেলাইছে। এই কাৰণেই বিদেশী বজাৰত আমেৰিকাৰ মুদ্ৰা শক্তিশালী হৈছে। ঘৰুৱা ইকুইটি বজাৰৰ স্থিৰ ধাৰা, বিনিয়োগকাৰীৰ বিপদৰ ক্ষুধা হ্ৰাস পোৱা আৰু খাৰুৱা তেলৰ মূল্যবৃদ্ধিয়ে টকাত প্ৰভাৱ পেলাইছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ