--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শ্ৰীমদ্ভাগৱত গীতা হৈছে ভাগৱত হিন্দু ধৰ্মৰ বহুমূলীয়া গ্ৰন্থ। য'ত ভগৱান শ্ৰীকৃষ্ণই কুৰুক্ষেত্ৰৰ যুদ্ধত অৰ্জুনক বহু উপদেশৰ কথা কৈ গৈছে । ভগৱান শ্ৰীকৃষ্ণই গীতাত কোৱা কথাবোৰ কলিযুগৰ মানুহৰ জীৱনশৈলীৰ লগত সম্পূৰ্ণ মিল আছে। ভাগৱত গীতাৰ বাক্য বা উপদেশ যদি আমি আমাৰ জীৱনত পালন কৰো তেন্তে জীৱনৰ সফলতাৰ পৰা কোনেও আমাক বাধা দিব নোৱাৰে। গীতাই জীৱনৰ সকলো সমস্যা সমাধানৰ কথা বৰ্ণনা কৰিছে।
     
জীৱনৰ উন্নতি জীৱনটো সুনিয়ন্ত্ৰিত আৰু সুন্দৰ কৰি তুলিবলৈ গীতাৰ এই উপদেশ আমি প্ৰতি মুহূৰ্ততে মনত ৰখা উচিত।  গীতাৰ এই উপদেশ বা বাক্য কি কি  উল্লেখ কৰা আছে চাওঁ আহক...

১.  জন্মৰ সময়ত সকলোৱে খালী হাত লৈ এই সুন্দৰ পৃথিৱী খনলৈ আহে। প্ৰতিজন মানুহেই পৃথিৱীত এটা নিৰ্দিষ্ট লক্ষ্যৰ প্ৰতি লক্ষ্য ৰাখি জন্ম লয়। সেই নিৰ্দিষ্ট লক্ষ্যটোৱেই হৈছে জীৱনটোৰ প্ৰথম উদ্দেশ্য। প্ৰচুৰ ধন- সম্পত্তিৰ প্ৰতি কেতিয়াও লোভী হোৱা উচিত নহয়। কাৰণ আমি গোটেই জীৱনত যি উপাৰ্জন কৰো, সেয়া কেৱল নিজৰ বাবে যি কেতিয়াও চিৰস্থায়ী নহয়।

২. পৃথিৱীৰ সকলো বস্তুৱেই সলনি হৈ আছে ।  সময়ৰ লগে লগে মানুহ সলনি হয়, সমাজৰ 
পৰিবৰ্তন হয়। এতিয়া কথাটো হ’ল, পৰিৱৰ্তনশীলতাই একমাত্ৰ স্থিৰ তথ্য ।  আনহাতে, প্ৰতিটো নিৰ্জীৱ বস্তু আৰু জীৱৰ এটা নিৰ্দিষ্ট জীৱনচক্ৰ থাকে। একোৱেই স্থায়ী নহয়।  এয়াও জীৱনৰ মৌলিক সত্য।

৩.  আমাৰ শৰীৰ পঞ্চইন্দ্ৰিয়ৰে গঠিত।  ইয়াৰ ক্ষয় আছে যদিও শৰীৰত আত্মাৰ কোনো ক্ষয় নাই।  শৰীৰ মৰে, কিন্তু আত্মা অমৰ। গতিকে আত্মাৰ শান্তি কেৱল আমাৰ কৰ্মৰ দ্বাৰাহে আহে।

৪. সমুদ্ৰেই হওক বা জগতেই হওক, যিজনে ধৰ্মৰ নাও প্ৰস্তুত কৰে, তেওঁহে সঠিকভাৱে পাৰ হৈছে।

৫/ যিজন ব্যক্তিয়ে কেৱল নিজৰ দুখক আকোৱালি লয়। তেওঁ নিজৰ জীৱনটো শক্তিহীনভাৱে কটায়। কিন্তু যিজন ব্যক্তিয়ে সমগ্ৰ সমাজৰ  দুখত জীৱন কটায় তেওঁহে শক্তিশালী হয়। 

৬/ মই ইচ্ছামতে পোৱা নিৰ্জীৱ বস্তু নহয়! কিন্তু যিজনে মোক নিজৰ বুলি দাবী কৰে। তেওঁকহে মই নিজকে তেওঁৰ অধীন বুলি কওঁ।

৭) মোৰ ওচৰত কোনো নাই, মোৰ পিছে পিছে কোনো নাই, কিন্তু যেতিয়া ধৰ্ম আৰু অধৰ্মৰ মাজত যুদ্ধ হয় তেতিয়া স্বাভাৱিকতে মই ধৰ্মৰ পক্ষত থিয় দিওঁ।













FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ