--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • ক্লেমেণ্টে যোৱা ১২ বছৰত ফিফা বিশ্ব কাপক লৈ তিনিবাৰ ভবিষ্যদ্বাণী কৰিছিল আৰু তিনিওবাৰেই সত্য প্রমাণিত হৈছিল। সেয়েহে এইবাৰ তেওঁৰ ভৱিষ্যদ্বাণীয়ে অধিক গুৰুত্ব লাভ কৰিছে।

ডিজিটেল ডেস্ক : আমেৰিকা, মেক্সিকো আৰু কানাডাত ১২ জুনৰ পৰা আৰম্ভ হ'বলগীয়া ফিফা বিশ্বকাপত কোনে শেষ হাঁহি মাৰিব তাক লৈ বিশ্বৰ ফুটবল বিশেষজ্ঞসকল এতিয়া হিচাপ-নিকাচত ব্যস্ত হৈ আছে। সেই সময়তে জাৰ্মানীৰ অৰ্থনীতিবিদ জকিম ক্লেমেণ্টে এই বুলি ভৱিষ্যদ্বাণী কৰিছে যে এইবাৰৰ বিশ্ব কাপত নেদাৰলেণ্ড চেম্পিয়ন হ'ব।


ক্লেমেণ্টে যোৱা ১২ বছৰত ফিফা বিশ্ব কাপক লৈ তিনিবাৰ ভবিষ্যদ্বাণী কৰিছিল আৰু তিনিওবাৰেই সত্য প্রমাণিত হৈছিল। সেয়েহে এইবাৰ তেওঁৰ ভৱিষ্যদ্বাণীয়ে অধিক গুৰুত্ব লাভ কৰিছে। ক্লেমেণ্টে ২০১৪ চনত জার্মানী চেম্পিয়ন হ'ব বুলি ভৱিষ্যদ্বাণী কৰিছিল আৰু পাছত সেইটোৱেই হ'ল। 


একেদৰে তেওঁ ২০১৮ চনৰ বিশ্ব কাপত ফ্রান্স আৰু ২০২২ চনৰ বিশ্ব কাপত আর্জেণ্টিনা চেম্পিয়ন হ'ব বুলি আগতেই ঘোষণা কৰিছিল আৰু তেওঁৰ এই ভৱিষ্যদ্বাণী আখৰে আখৰে ফলিয়ালে। তেওঁ কম্পিউটাৰ মডেলৰ ভিত্তিত এই ভৱিষ্যদ্বাণী কৰিছে। তেওঁ এইবাৰৰ বিশ্ব কাপৰ নক আউট পর্যায়ত কোনে কোনে খেলিব সেইটোও প্রকাশ কৰিছে। তেওঁৰ মতে, এইবাৰ বিশ্ব কাপৰ কোৱাৰ্টাৰ ফাইনেল খেলিব ক্রমে নেদাৰলেণ্ড বনাম ফ্রান্স, স্পেইন বনাম বেলজিয়াম, ইংলেণ্ড বনাম জাপান, পর্তুগাল বনাম আর্জেণ্টিনাই। আনহাতে, ছেমি ফাইনেল খেলিব নেদাৰলেণ্ড আৰু স্পেইন তথা ইংলেণ্ড আৰু পর্তুগালে। তেওঁৰ মতে, নেদাৰলেণ্ড আৰু পর্তুগালে ফাইনেল খেলিব। 


নেদাৰলেণ্ডে প্ৰথমবাৰৰ বাবে বিশ্ব কাপ জয় কৰিব। উল্লেখযোগ্য যে বিশ্ব ফুটবললৈ কেইবাজনো মহান ফুটবলাৰ উপহাৰ দিয়া নেদাৰলেণ্ডে এতিয়ালৈকে তিনিবাৰ ফাইনেলত উপনীত হৈয়ো এবাৰো বিশ্ব কাপ জয় কৰিব পৰা নাই। দলটোৱে ১৯৭৪ চনৰ ফাইনেলত জাৰ্মানীৰ হাতত ২-১ গ'লত, ১৯৭৮ চনৰ ফাইনেলত আর্জেন্টিনাৰ হাতত ৩-১ গ'লত আৰু ২০১০ চনৰ বিশ্বকাপত স্পেইনৰ হাতত একমাত্ৰ গ'লৰ ব্যৱধানত পৰাজিত হয়। উৎস: দৈনিক জনমভূমি





FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ