--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মানুহে সুখ-শান্তিৰে বাস কৰিবলৈ সপোনৰ ঘৰ নিৰ্মাণ কৰে। কিন্তু গৃহ নিৰ্মাণৰ ক্ষেত্ৰত যদি উপযুক্ত বিধি-বিধান মানি চলা নহয় অথবা গৃহ নিৰ্মাণ কৰা ভূমি শুদ্ধ কৰি লোৱা নহয় তেন্তে সেই ঘৰত বাস কৰা লোকসকলে নানান দুৰ্যোগৰ সম্মুখীন হ'বলগীয়া হয়। বাস্তুশাস্ত্ৰৰ বিধি অনুসৰি যদি গৃহ নিৰ্মাণ কৰা নহয় তেন্তে ঘৰত  নানান ধৰণৰ অথন্তৰ লাগি থাকিব পাৰে।

ঘৰ এটা নিৰ্মাণ কৰোঁতে বহু টকা-পইচা, সময় আৰু শ্রম ব্যয় হয়। সেয়ে ঘৰ এটা নিৰ্মাণ কৰাৰ পিছত সেয়া যদি বাস্তুশাস্ত্ৰ অনুসৰি নিৰ্মাণ কৰা হোৱা নাই বুলি জনা যায় তেন্তে সেই ঘৰটো ভাঙি পুনৰ নতুন ঘৰ এটা সজা সম্ভৱ নহয়। সেয়ে বাস্তুশাস্ত্ৰৰ বিধি অনুসৰি নিৰ্মাণ কৰা ঘৰত কেতবোৰ বিশেষ বিধি বিধান পালন কৰি ঘৰত থকা বাস্তুদোষ নিবাৰণ কৰাৰ চেষ্টা চলাব পাৰি। এইক্ষেত্ৰত কৰিব পৰা কেতবোৰ কামৰ বিষয়ে ইয়াত উল্লেখ কৰা হৈছে।

যদি ঘৰৰ কোনো বীমৰ তলত বিছনা স্থাপন কৰা হয় বা খোৱা মেজ স্থাপন কৰা হয় তেন্তে এয়া মুঠেও শুভ ফলদায়ক নহয়। বীমৰ তলত বিছনা স্থাপন কৰিলে তাত নিশা শোৱা লোকৰ ভালদৰে টোপনি নহয় আৰু তেওঁ নানান ধৰণৰ চিন্তাৰে ভাৰাক্ৰান্ত হৈ পৰে। একেদৰে বীমৰ তলত যদি খোৱা মেজ স্থাপন কৰা হয় তেন্তে খোৱা-বোৱাৰ প্ৰতি মানুহৰ ৰুচি কমি যায় আৰু মানুহ অসুস্থ হৈ পৰাৰ আশংকা থাকে। কেৱল ঘৰতেই নহয় কার্যালয় আদিতো যদি বীমৰ তলত কৰ্মচাৰী বহা চকী, মেজ আদি স্থাপন কৰা হয় তেন্তে তাত বহা কৰ্মচাৰীসকল নানান ধৰণৰ সমস্যাৰ সম্মুখীন হয়। 

তাত আসন গ্ৰহণ কৰা কৰ্মচাৰীসকলে সদায় নানান ধৰণৰ দুঃশ্চিন্তাত ভুগিবলগীয়া হয়। সেয়ে ঘৰৰ অথবা কাৰ্যালয়ৰ বীমৰ তলত কেতিয়াও বিছনা, চকী-মেজ, খোৱা মেজ আদি স্থাপন কৰিব নালাগে। যদি বীমৰ তলৰ পৰা সেইবোৰ আঁতৰাই পেলোৱাৰ কোনো উপায় নাথাকে তেন্তে তলৰ উপায়সমূহ অৱলম্বন কৰি বাস্তুদোষ দূৰ কৰিব পৰা যাব।

বীমৰ দুয়োপিনে একোটাকৈ বাঁহী লগাই থলে বাস্তুদোষ দুৰ হ'ব। বীমৰ পৰা সৃষ্টি হোৱা বাস্তুদোষ দূৰ কৰাৰ একমাত্ৰ উপায় হৈছে বীমত বাঁহৰ বাঁহী লগাই থোৱা।

বীম টাইলছৰ জৰিয়তে ঢাকি দিলেও বাস্তুদোষ দূৰ কৰিব পৰা যায়। বীমৰ পৰা উদ্ভৱ হোৱা বাস্তুদোষ দূৰ কৰিবলৈ বীমত সেউজীয়া ৰঙৰ গণেশৰ ছবি বা মূৰ্তি আঁৰি থ'ব পাৰি।

কল-কাৰখানাৰ সন্মুখত ঘৰ থাকিলে  ফুলৰ বাগিচা এখন স্থাপন কৰিব পাৰে।  ফুলৰ বাগিচা থাকিলে পৰিৱেশ সুন্দৰ হৈ থাকে। সেইবাবে কল-কাৰখানাৰ সন্মুখতো সদায় ফুলৰ বাগিচা ৰাখিব পাৰিলে ভাল। কল-কাৰখানাৰ সন্মুখত ফুলৰ বাগিচা স্থাপনৰ বাবে উপযুক্ত দিশ নিৰ্ণয় কৰাটো উচিত। কল-কাৰখানাৰ দক্ষিণ-পূব অংশত ফুলৰ বাগিচা স্থাপন কৰাটো অনুচিত। এই দিশক বাদ দি বাকী দিশত ফুলৰ বাগিচা স্থাপন কৰিব পাৰি।












FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ