--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মানুহে সুখ-শান্তিৰে বাস কৰিবলৈ সপোনৰ ঘৰ নিৰ্মাণ কৰে। কিন্তু গৃহ নিৰ্মাণৰ ক্ষেত্ৰত যদি উপযুক্ত বিধি-বিধান মানি চলা নহয় অথবা গৃহ নিৰ্মাণ কৰা ভূমি শুদ্ধ কৰি লোৱা নহয় তেন্তে সেই ঘৰত বাস কৰা লোকসকলে নানান দুৰ্যোগৰ সম্মুখীন হ'বলগীয়া হয়। বাস্তুশাস্ত্ৰৰ বিধি অনুসৰি যদি গৃহ নিৰ্মাণ কৰা নহয় তেন্তে ঘৰত  নানান ধৰণৰ অথন্তৰ লাগি থাকিব পাৰে।

ঘৰ এটা নিৰ্মাণ কৰোঁতে বহু টকা-পইচা, সময় আৰু শ্রম ব্যয় হয়। সেয়ে ঘৰ এটা নিৰ্মাণ কৰাৰ পিছত সেয়া যদি বাস্তুশাস্ত্ৰ অনুসৰি নিৰ্মাণ কৰা হোৱা নাই বুলি জনা যায় তেন্তে সেই ঘৰটো ভাঙি পুনৰ নতুন ঘৰ এটা সজা সম্ভৱ নহয়। সেয়ে বাস্তুশাস্ত্ৰৰ বিধি অনুসৰি নিৰ্মাণ কৰা ঘৰত কেতবোৰ বিশেষ বিধি বিধান পালন কৰি ঘৰত থকা বাস্তুদোষ নিবাৰণ কৰাৰ চেষ্টা চলাব পাৰি। এইক্ষেত্ৰত কৰিব পৰা কেতবোৰ কামৰ বিষয়ে ইয়াত উল্লেখ কৰা হৈছে।

যদি ঘৰৰ কোনো বীমৰ তলত বিছনা স্থাপন কৰা হয় বা খোৱা মেজ স্থাপন কৰা হয় তেন্তে এয়া মুঠেও শুভ ফলদায়ক নহয়। বীমৰ তলত বিছনা স্থাপন কৰিলে তাত নিশা শোৱা লোকৰ ভালদৰে টোপনি নহয় আৰু তেওঁ নানান ধৰণৰ চিন্তাৰে ভাৰাক্ৰান্ত হৈ পৰে। একেদৰে বীমৰ তলত যদি খোৱা মেজ স্থাপন কৰা হয় তেন্তে খোৱা-বোৱাৰ প্ৰতি মানুহৰ ৰুচি কমি যায় আৰু মানুহ অসুস্থ হৈ পৰাৰ আশংকা থাকে। কেৱল ঘৰতেই নহয় কার্যালয় আদিতো যদি বীমৰ তলত কৰ্মচাৰী বহা চকী, মেজ আদি স্থাপন কৰা হয় তেন্তে তাত বহা কৰ্মচাৰীসকল নানান ধৰণৰ সমস্যাৰ সম্মুখীন হয়। 

তাত আসন গ্ৰহণ কৰা কৰ্মচাৰীসকলে সদায় নানান ধৰণৰ দুঃশ্চিন্তাত ভুগিবলগীয়া হয়। সেয়ে ঘৰৰ অথবা কাৰ্যালয়ৰ বীমৰ তলত কেতিয়াও বিছনা, চকী-মেজ, খোৱা মেজ আদি স্থাপন কৰিব নালাগে। যদি বীমৰ তলৰ পৰা সেইবোৰ আঁতৰাই পেলোৱাৰ কোনো উপায় নাথাকে তেন্তে তলৰ উপায়সমূহ অৱলম্বন কৰি বাস্তুদোষ দূৰ কৰিব পৰা যাব।

বীমৰ দুয়োপিনে একোটাকৈ বাঁহী লগাই থলে বাস্তুদোষ দুৰ হ'ব। বীমৰ পৰা সৃষ্টি হোৱা বাস্তুদোষ দূৰ কৰাৰ একমাত্ৰ উপায় হৈছে বীমত বাঁহৰ বাঁহী লগাই থোৱা।

বীম টাইলছৰ জৰিয়তে ঢাকি দিলেও বাস্তুদোষ দূৰ কৰিব পৰা যায়। বীমৰ পৰা উদ্ভৱ হোৱা বাস্তুদোষ দূৰ কৰিবলৈ বীমত সেউজীয়া ৰঙৰ গণেশৰ ছবি বা মূৰ্তি আঁৰি থ'ব পাৰি।

কল-কাৰখানাৰ সন্মুখত ঘৰ থাকিলে  ফুলৰ বাগিচা এখন স্থাপন কৰিব পাৰে।  ফুলৰ বাগিচা থাকিলে পৰিৱেশ সুন্দৰ হৈ থাকে। সেইবাবে কল-কাৰখানাৰ সন্মুখতো সদায় ফুলৰ বাগিচা ৰাখিব পাৰিলে ভাল। কল-কাৰখানাৰ সন্মুখত ফুলৰ বাগিচা স্থাপনৰ বাবে উপযুক্ত দিশ নিৰ্ণয় কৰাটো উচিত। কল-কাৰখানাৰ দক্ষিণ-পূব অংশত ফুলৰ বাগিচা স্থাপন কৰাটো অনুচিত। এই দিশক বাদ দি বাকী দিশত ফুলৰ বাগিচা স্থাপন কৰিব পাৰি।












FOLLOW US F
POPULAR
FEATURE
TRENDY
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু