--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰত পুনৰ শ্বহীদ হ’ল সেনা বিষয়া আৰু জোৱান। সন্ত্ৰাসবাদবিৰোধী অভিযানৰ সময়ত জম্মু-কাশ্মীৰৰ পুচ্চ জিলাত শ্বহীদ হয় দুয়োগৰাকী। বৃহস্পতিবাৰে নিশাৰ ভাগত এই ঘটনা সংঘটিত হয়। পুচ্চ-ৰজৌৰী অৰণ্য অঞ্চলত সন্ত্ৰাসবাদীৰে প্ৰচণ্ড গুলীয়াগুলীত নিহত হয় সেনা বিষয়া তথা জোৱানগৰাকী। এই অঞ্চলটোতে চাৰিদিনৰ আগেয়ে সন্ত্ৰাসবাদীৰ গুলীত নিহত হৈছিল ৫জনকৈ সেনা জোৱান। উপত্যকাটোত সন্ত্ৰাসবাদীৰ এই আকস্মিক উত্থান উদ্বেগৰ কাৰণ হৈ পৰিছে আৰু সেনাই সন্ত্ৰাসবাদ দমনৰ বাবে অভিযান অব্যাহত ৰাখিছে।

সেনাৰ অভিযানৰ বাবে জম্মু-পুচ্চ-ৰজৌৰী হাইৱে বন্ধ কৰি দিয়া হৈছে। ১০ অক্টোবৰৰ পৰাই একেটা সন্ত্ৰাসবাদীৰ দলে সেনাৰ ওপৰত এনে প্ৰাণঘাতী আক্ৰমণ সংঘটিত কৰি অহা বুলি প্ৰকাশ কৰিছে সেনাৰ এক সূত্ৰই। ১০ অক্টোবৰত এই সন্ত্ৰাসবাদীৰ দলটোৰ আক্ৰমণত এগৰাকী সেনা বিষয়া আৰু ৪জন জোৱান শ্বহীদ হৈছিল। পুচ্চৰ সুৰানকোটে এলেকাৰ ডেৰা কী গলিত সংঘটিত হৈছিল এই আক্ৰমণ।

আনহাতে সেনা সূত্ৰই বৃহস্পতিবাৰে বিষয়াসহ অভিযানকাৰী দলৰ দুজন সদস্য গুৰুতৰভাৱে আহত হোৱা বুলি প্ৰকাশ কৰিছিল। পাছত তেওঁলোকৰ মৃত্যু হয়। সেনাই এই সন্ত্ৰাসবাদীৰ দলটোক বিগত চাৰিদিনে খেদি ফুৰিছে যদিও ঘন অৰণ্য আৰু ওখ পাহাৰৰ মাজত লুকাই পৰা সন্ত্ৰাসবাদীৰ দলটোক গ্ৰেপ্তাৰ কৰা বা নিপাত কৰাত সফল হোৱা নাই। অৰণ্যৰ আঁৰ লৈ লৈ এই দলটোৱে সেনাৰ ওপৰত চলাই গৈছে প্ৰাণান্তক আক্ৰমণ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক