--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰত পুনৰ শ্বহীদ হ’ল সেনা বিষয়া আৰু জোৱান। সন্ত্ৰাসবাদবিৰোধী অভিযানৰ সময়ত জম্মু-কাশ্মীৰৰ পুচ্চ জিলাত শ্বহীদ হয় দুয়োগৰাকী। বৃহস্পতিবাৰে নিশাৰ ভাগত এই ঘটনা সংঘটিত হয়। পুচ্চ-ৰজৌৰী অৰণ্য অঞ্চলত সন্ত্ৰাসবাদীৰে প্ৰচণ্ড গুলীয়াগুলীত নিহত হয় সেনা বিষয়া তথা জোৱানগৰাকী। এই অঞ্চলটোতে চাৰিদিনৰ আগেয়ে সন্ত্ৰাসবাদীৰ গুলীত নিহত হৈছিল ৫জনকৈ সেনা জোৱান। উপত্যকাটোত সন্ত্ৰাসবাদীৰ এই আকস্মিক উত্থান উদ্বেগৰ কাৰণ হৈ পৰিছে আৰু সেনাই সন্ত্ৰাসবাদ দমনৰ বাবে অভিযান অব্যাহত ৰাখিছে।

সেনাৰ অভিযানৰ বাবে জম্মু-পুচ্চ-ৰজৌৰী হাইৱে বন্ধ কৰি দিয়া হৈছে। ১০ অক্টোবৰৰ পৰাই একেটা সন্ত্ৰাসবাদীৰ দলে সেনাৰ ওপৰত এনে প্ৰাণঘাতী আক্ৰমণ সংঘটিত কৰি অহা বুলি প্ৰকাশ কৰিছে সেনাৰ এক সূত্ৰই। ১০ অক্টোবৰত এই সন্ত্ৰাসবাদীৰ দলটোৰ আক্ৰমণত এগৰাকী সেনা বিষয়া আৰু ৪জন জোৱান শ্বহীদ হৈছিল। পুচ্চৰ সুৰানকোটে এলেকাৰ ডেৰা কী গলিত সংঘটিত হৈছিল এই আক্ৰমণ।

আনহাতে সেনা সূত্ৰই বৃহস্পতিবাৰে বিষয়াসহ অভিযানকাৰী দলৰ দুজন সদস্য গুৰুতৰভাৱে আহত হোৱা বুলি প্ৰকাশ কৰিছিল। পাছত তেওঁলোকৰ মৃত্যু হয়। সেনাই এই সন্ত্ৰাসবাদীৰ দলটোক বিগত চাৰিদিনে খেদি ফুৰিছে যদিও ঘন অৰণ্য আৰু ওখ পাহাৰৰ মাজত লুকাই পৰা সন্ত্ৰাসবাদীৰ দলটোক গ্ৰেপ্তাৰ কৰা বা নিপাত কৰাত সফল হোৱা নাই। অৰণ্যৰ আঁৰ লৈ লৈ এই দলটোৱে সেনাৰ ওপৰত চলাই গৈছে প্ৰাণান্তক আক্ৰমণ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রান্স, কানাডা, ব্রিটেইনৰ পাছত আমেৰিকাৰ মিত্ৰ দেশৰ সিদ্ধান্ত; পেলেষ্টাইনক স্বীকৃতি দিব অষ্ট্ৰেলিয়াই
ট্রাম্পে চীনৰ বিৰুদ্ধে শুল্ক আৰোপৰ সিদ্ধান্ত লোৱা নাই: উপ-ৰাষ্ট্ৰপতি ভেন্স
ৰাজ্যবাসীৰ বাবে সু-খবৰ, চিৰিয়াখানাত কেশৰীয়ে জন্ম দিলে ৪টা সিংহৰ পোৱালি
অসম-মেঘালয় সীমান্তত পুনৰ উত্তপ্ত পৰিস্থিতি
ৰাহুল, খৰ্গেসহ ৩০০ সাংসদৰ নিৰ্বাচন আয়োগলৈ পদযাত্রাত বাধা
ৰূপহীহাট আৰক্ষীৰ জালত ড্ৰাগছসহ জালত পৰিল দুই সৰবৰাহকাৰী আনাৰুল হুছেইন আৰু আশ্বিক আলী
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে
ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ভাবুকি ট্রাম্পৰ
পানী খোৱাৰ সময়ত এই ৩টা ভুল নকৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব
'দুই নম্বৰী ধান্দাৰ সদাগৰ' বাপ্তি হাজৰিকা! কেৱল নাৰী দেহ ব্যৱসায়েই নহয় আৰু কি কি যে অপকৰ্ম কৰা নাই বাপ্তিয়ে
ট্রাম্পক প্ৰথমবাৰ মুকলি প্ৰত্যুত্তৰ ভাৰতৰ
জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ মৃত্যু
ভাৰতৰ পক্ষ লৈ ট্রাম্পক উভতি ধৰিলে মস্কোৱে