--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ আজি বিজয়া দশমী। দুৰ্গা পূজাৰ শেষৰ দিনটোক বিজয়া দশমী বোলা হয়। আজি অৰ্থাৎ ১৫ অক্টোবৰ, শুকুৰবাৰে উদযাপন কৰা হ'ব বিজয়া দশমী। বিজয়া দশমী হৈছে প্ৰতি বছৰে নৱৰাত্ৰিৰ শেষত উদযাপন কৰা এক মুখ্য হিন্দু উৎসৱ। ইয়াক দশেৰা, দুশেৰা আদি নামেৰেও জনা যায়। ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা কৰা দেৱী দুৰ্গাক বিজয়া দশমীৰ দিনা নদীত বিসৰ্জন দিয়া হয়।বহু উলহ মালহেৰে মৰ্ত্যলোকত মা দুৰ্গাৰ পূজা উদযাপন হোৱাৰ পাছত বিজয়া দশমীৰ দিনা মা দুৰ্গাই স্বৰ্গলোকলৈ গমন কৰে বুলি বিশ্বাস কৰা হয়। বিজয়া দশমীৰ দিনা ভক্তপ্ৰাণ লোকৰ মন সেমেকি উঠে কাৰণ মা দুৰ্গাই এই দিনটোতে বিদায় লয়।

দুৰ্গা পূজাৰ আগে আগে সকলোৰে মনত প্ৰশ্ন এটা থাকে এইবাৰ দেবীৰ আগমন কিহত আৰু গমন অৰ্থাৎ বিদায় কোন বাহনত? পঞ্জিকা মতে দেৱীৰ এইবাৰ আগমন ঘোড়াত, গমন হ'ব দোলাত। পুৱা ৮.৩১ বজাৰ পৰা দেৱীৰ দশমী বিহিত পূজা আৰম্ভ।পূজাৰ অন্তত প্ৰশাসনৰ ফালৰ পৰা ধৰি দিয়া নিয়ম তথা প্ৰট'কল অনুযায়ী দেৱী বিসৰ্জ্জন দিয়া হ'ব। ইয়াক সমগ্ৰ ভাৰতবৰ্ষতে ঠাই বিশেষে ভিন্ন নামেৰে উদযাপন কৰা হয়, দশেৰা, দুশেৰা আদি নামেৰেও জনা যায় বিজয়া দশমী পূজাক। এই বিজয়া দশমীৰ দিনা কোনো কোনো ঠাইত মহিলাসকলে অসুৰ মহিশাসুৰক পৰাজিত কৰা দেৱী দুৰ্গাৰ শক্তি তথা বিজয়ৰ প্ৰতীক হিচাপে সেন্দুৰেৰে খেলে। অশুভৰ ওপৰত শুভৰ বিজয় হিচাপে ৰং ৰহইচ কৰা হয়। কোনো ঠাইত দশভূজা ৰাৱণক এই দিনটোত দাহন কৰা হয়।

ভাৰতৰ বিভিন্ন প্ৰান্তত বিভিন্ন ধৰণেৰে পালন কৰা হয় বিজয়া দশমী। দক্ষিণ, পূব, উত্তৰ-পূব, আৰু উত্তৰ ভাৰতৰ কিছুমান ৰাজ্যত, বিজয়া দশমীয়ে মহিষ দানৱ মহিশাসুৰৰ ওপৰত দেৱী দুৰ্গাৰ বিজয়ক ধৰ্মৰ পুনৰুদ্ধাৰ আৰু সুৰক্ষিত কৰাক স্মৰণ কৰি দুৰ্গা পূজাৰ সমাপ্তিৰ কথা ঘোষণা কৰে। উত্তৰ, মধ্য আৰু পশ্চিম ৰাজ্যসমূহত এই উৎসৱক দুশ্বেৰা (লগতে দশেৰা, দশহেৰা) বুলি কয়। এই অঞ্চলবোৰত, ইয়াৰ দ্বাৰা ৰামলীলাৰ সমাপ্তি কৰা হয় আৰু ৰাৱণৰ ওপৰত ঈশ্বৰ ৰামৰ বিজয়ৰ কথা স্মৰণ কৰে। একে উপলক্ষ্যত, অৰ্জুনে অকলে ভীষ্ম, দ্ৰোণ, অশ্বত্থামা, কৰ্ণ আৰু কৃপাচাৰ্য্যকে ধৰি সকলো কুৰু যুদ্ধাসহ ১০,০০,০০০ৰো অধিক সৈন্যক পৰাস্ত কৰি অশুভ শক্তিৰ (অধৰ্ম) ওপৰত শুভৰ (ধৰ্ম) বিজয়ৰ এক গুৰুত্বপূৰ্ণ উদাহৰণ ডাঙি ধৰাৰ কথা স্মৰণ কৰে।মুঠৰ ওপৰত বিজয়া দশমী হৈছে প্ৰতি বছৰে দেৱী দুৰ্গাৰ পূজাৰ শেষৰটো দিনত উদযাপন কৰা এক মুখ্য হিন্দু উৎসৱ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক