--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অৱশেষত নিৰ্বাচন আয়োগে ঘোষণা কৰিলে দিল্লী বিধানসভা নিৰ্বাচনৰ দিন৷ ৫ ফেব্ৰুৱাৰীত এটা পৰ্যায়ত দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ হ’ব আৰু  নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ’ব ৮ তাৰিখে। ৰাজধানী দিল্লীৰ ৭০ খন আসনৰ বিধানসভাৰ কাৰ্যকাল ২৩ ফেব্ৰুৱাৰীত শেষ হ’ব।ইয়াৰ পূৰ্বে নিৰ্বাচন সমাপ্ত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে আয়োগে।

উল্লেখযোগ্য যে ইতিমধ্যে দিল্লীৰ বিধানসভা নিৰ্বাচনত আপে অকলে প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।আৰু এই সন্দৰ্ভত আপ নেতা সঞ্জয় ৰাউতে স্পষ্টভাৱে কয় যে তেওঁলোকৰ যুদ্ধ কংগ্ৰেছৰ সৈতে নহয় পোনপটীয়াকৈ বিজেপিৰ সৈতে বুলি। শাসকীয় আম আদমী পাৰ্টিয়ে সকলো সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। ইফালে কংগ্ৰেছে এই পৰ্যন্ত ৭০খন আসনৰ ভিতৰত ৪৮খন আসনত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে বুলি জানিব পৰা গৈছে আৰু বিজেপিয়ে বৰ্তমানলৈকে ২৯ টা সমষ্টিৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে।

নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি দিল্লী বিধানসভা নিৰ্বাচনত মুঠ ১৩,০৩৩টা ভোটকেন্দ্ৰত ভোটগ্ৰহণ হ’ব ।১৭ জানুৱাৰীত দিল্লীৰ বিধানসভা নিৰ্বাচনৰ মনোনয়ন দাখিলৰ অন্তিম তাৰিখ আৰু ২০ জানুৱাৰী মনোনয়ন প্ৰত্যাহাৰ কৰাৰ অন্তিম তাৰিখ বুলি সদৰি কৰিছে আয়োগে। 

এইবাৰ দিল্লীত বিধানসভা নিৰ্বাচনত ১.৫৫ কোটিৰো অধিক ভোটাৰে নিৰ্ণয় কৰিব দিল্লীৰ ভৱিষ্যৎ। ইয়াৰে ২ লাখৰো অধিক যুৱ ভোটাৰে প্ৰথমবাৰৰ বাবে ভোটদান কৰিব বুলি আয়োগে ঘোষণা সদৰি কৰিছে৷ আৰু ৮৫ বছৰৰ ওপৰৰ লোকসকলে ঘৰতে ভোট দান কৰিব পাৰিব বুলি সদৰি কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু