--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অৱশেষত নিৰ্বাচন আয়োগে ঘোষণা কৰিলে দিল্লী বিধানসভা নিৰ্বাচনৰ দিন৷ ৫ ফেব্ৰুৱাৰীত এটা পৰ্যায়ত দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ হ’ব আৰু  নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ’ব ৮ তাৰিখে। ৰাজধানী দিল্লীৰ ৭০ খন আসনৰ বিধানসভাৰ কাৰ্যকাল ২৩ ফেব্ৰুৱাৰীত শেষ হ’ব।ইয়াৰ পূৰ্বে নিৰ্বাচন সমাপ্ত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে আয়োগে।

উল্লেখযোগ্য যে ইতিমধ্যে দিল্লীৰ বিধানসভা নিৰ্বাচনত আপে অকলে প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।আৰু এই সন্দৰ্ভত আপ নেতা সঞ্জয় ৰাউতে স্পষ্টভাৱে কয় যে তেওঁলোকৰ যুদ্ধ কংগ্ৰেছৰ সৈতে নহয় পোনপটীয়াকৈ বিজেপিৰ সৈতে বুলি। শাসকীয় আম আদমী পাৰ্টিয়ে সকলো সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। ইফালে কংগ্ৰেছে এই পৰ্যন্ত ৭০খন আসনৰ ভিতৰত ৪৮খন আসনত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে বুলি জানিব পৰা গৈছে আৰু বিজেপিয়ে বৰ্তমানলৈকে ২৯ টা সমষ্টিৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে।

নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি দিল্লী বিধানসভা নিৰ্বাচনত মুঠ ১৩,০৩৩টা ভোটকেন্দ্ৰত ভোটগ্ৰহণ হ’ব ।১৭ জানুৱাৰীত দিল্লীৰ বিধানসভা নিৰ্বাচনৰ মনোনয়ন দাখিলৰ অন্তিম তাৰিখ আৰু ২০ জানুৱাৰী মনোনয়ন প্ৰত্যাহাৰ কৰাৰ অন্তিম তাৰিখ বুলি সদৰি কৰিছে আয়োগে। 

এইবাৰ দিল্লীত বিধানসভা নিৰ্বাচনত ১.৫৫ কোটিৰো অধিক ভোটাৰে নিৰ্ণয় কৰিব দিল্লীৰ ভৱিষ্যৎ। ইয়াৰে ২ লাখৰো অধিক যুৱ ভোটাৰে প্ৰথমবাৰৰ বাবে ভোটদান কৰিব বুলি আয়োগে ঘোষণা সদৰি কৰিছে৷ আৰু ৮৫ বছৰৰ ওপৰৰ লোকসকলে ঘৰতে ভোট দান কৰিব পাৰিব বুলি সদৰি কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ