--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দিল্লীত বিধানসভা নিৰ্বাচনৰ পূৰ্বে শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেইবাটাও প্ৰকল্প আৰম্ভ কৰে। তাৰে এটা হ’ল সংঘ পৰিয়ালৰ পথপ্ৰদৰ্শক বিনায়ক দামোদৰ সাৱৰকাৰৰ নামেৰে নামাকৰণ কৰা এখন মহাবিদ্যালয়ৰ শিলন্যাস কাৰ্যসূচী সমাপন কৰে। এইলৈ সৰৱ হৈ পৰিছে কংগ্ৰেছ।

শুকুৰবাৰে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ জে জে ক্লাষ্টাৰত দিল্লীবাসীৰ বাবে ১৬৭৫টা নতুনকৈ নিৰ্মিত ফ্লেটৰো শুভ উদ্বোধন কৰে। নতুন বিশ্ব বাণিজ্য সংস্থাৰ কেন্দ্ৰ উদ্বোধন কৰি দিল্লীৰ উন্নয়নৰ ঐতিহাসিক দিন বুলি উল্লেখ কৰে প্ৰধনমন্ত্ৰী মোদীয়ে৷ এনে সময়তে সাৱৰকাৰৰ নামেৰে বিশ্ববিদ্যালয়ৰ আধাৰশিলাক লৈ  সৃষ্টি হৈছে ৰাজনৈতিক দণ্ডৰ।
 
দিল্লী বিশ্ববিদ্যালয়ৰ অধীনস্থ মহাবিদ্যালয়খনৰ নাম প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ নামেৰে নামাকৰণ কৰিবলৈ দাবী জনাই কংগ্ৰেছৰ ছাত্ৰ সংগঠন এন এছ ইউ আইয়ে প্ৰধানমন্ত্ৰী মোদীলৈ পত্ৰ প্ৰেৰণ কৰিছে৷ অৰ্থনীতিবিদ তথা প্ৰক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং প্ৰধানমন্ত্ৰী হৈ থকা অৱস্থাত সমগ্ৰ দেশতে কেইবাখনো শিক্ষানুষ্ঠান নিৰ্মাণ কৰিছে সেয়ে দিল্লীৰ নতুন মহাবিদ্যালয়খনৰ নাম তেওঁৰ নামেৰে ৰখা উচিত বুলি যুক্তি প্ৰদৰ্শণ কৰিছে। দিল্লী বিজেপিৰ সভাপতি বীৰেন্দ্ৰ সাচদেৱে কংগ্ৰেছক প্ৰত্যুত্তৰ দি কয় যে বীৰ সাৱৰকাৰ আছিল এজন স্বাধীনতা সংগ্ৰামী। চিন্তাবিদক অসন্মান কৰাটো কংগ্ৰেছৰ অভ্যাস বুলি কটাক্ষ কৰে৷ 

প্ৰসংগক্ৰমে ফেব্ৰুৱাৰী মাহত দিল্লীত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা যদিও নিৰ্বাচন আয়োগে এই পৰ্যন্ত ঘোষণা কৰা নাই। ৬ জানুৱাৰীলৈ ভোটাৰ তালিকা সংশোধন আৰু সংশোধনৰ কাম চলি থাকিব বুলি সদৰি কৰিছে। ইয়াৰ পিছতে ভোটদানৰ সময়সূচী ঘোষণা কৰা হ’ব। 

নিৰ্বাচনৰ পূৰ্বে মোদীক বিভিন্ন উন্নয়নমূলক কাৰ্যসূচী উদ্বোধন কৰাৰ সুযোগ দিয়াৰ বাবে নিৰ্বাচনৰ তাৰিখ ঘোষণাত পলম হোৱা বুলি অভিযোগ উত্থাপন কৰিছে একাংশ বিৰোধীয়ে। ইয়াৰ উপৰিও দিল্লীক মেৰুকৰণৰ স্বাৰ্থত উগ্ৰ হিন্দুত্ববাদক সামাজিকভাৱে প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছে বুলিও দাবী কৰিছে কংগ্ৰেছে। সেই উদ্দেশ্যেই দিল্লীৰ ভোটৰ সন্মুখত সাৱৰকাৰৰ নামত মহাবিদ্যালয় নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰ বুলি সৰৱ হৈ পৰিছে কংগ্ৰেছ৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ