--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : হিন্দুধৰ্মত যিকোনো শুভ কামৰ আৰম্ভণিতে প্ৰথমে ভগৱান গণেশক পূজা কৰা হয়। ভূমি পূজন হওক, বাহন পূজন হওক বা ঘৰুৱা যিকোনো শুভ কাম যেনে-বিবাহ হওক বা যিকোনো বিশেষ পূজা হওক। আনকি বিয়াৰ প্ৰথম নিমন্ত্ৰণী পত্ৰখনো গণেশক দিয়া হয়। আনকি বহু লোকে নিমন্ত্ৰণী পত্ৰখনৰ ওপৰত এষাৰি শ্লোকো দিয়া প্ৰায়ে দেখিবলৈ পোৱা যায়। ‘বিঘ্ন হৰণ মংগলকৰণ শ্ৰীগণপতি মহাৰাজ’ অৰ্থাৎ মোৰ প্ৰথম নিমন্ত্ৰণ গ্ৰহণ কৰক। সকলো দেৱতাৰ ভিতৰতেই শ্ৰীগণেশ একমাত্ৰ ঈশ্বৰ যাক প্ৰথমে পূজা কৰা হয় আৰু এই পৰম্পৰা যুগ যুগ ধৰি চলি আহিছে। 

কোনো শুভ কাম কৰাৰ আগতে স্বস্তিক অংকন কৰা-
পূজাত যেনেকৈ প্ৰথমে ভগৱান গণেশক পূজা কৰা হয়, ঠিক সেইদৰে শুভ কাম আৰম্ভ কৰাৰ আগতে স্বস্তিক বনোৱা হয়। বিবাহৰ নিমন্ত্ৰণী পত্ৰ, ব্যৱসায়ীৰ কিতাপ, দুৱাৰদলি আৰু পূজাৰ প্লেটত লিখা স্বস্তিক ভগৱান শ্ৰীগণেশৰ প্ৰতীক। স্বস্তিক প্ৰতীক নিশ্চিতভাৱে যিকোনো ডাঙৰ অনুষ্ঠান বা যজ্ঞৰ আগতে তৈয়াৰ কৰা হয়। এই প্ৰতীক কেৱল মংগলৰ প্ৰতীকেই নহয়, ইয়াৰ ফলত ইতিবাচক শক্তি আগমন ঘটে।

স্বস্তিক ভগৱান গণেশৰ প্ৰতীক বুলি গণ্য কৰা হয়-
স্বস্তিক প্ৰতীকক ভগৱান শ্ৰীগণেশৰ প্ৰতীক বুলি গণ্য কৰা হয়। এই স্বস্তিকৰ চাৰি বাহু গণেশৰ চাৰি বাহুৰ প্ৰতীক বুলি গণ্য কৰা হয়। স্বস্তিকাৰ চাৰিটা বিন্দু ধৰ্ম, অৰ্থ, কাম আৰু মোক্ষ চাৰিটাৰ প্ৰতীক। বাহুৰ ওচৰৰ ৰেখা দুটা ভগৱান গণেশৰ পত্নী দুগৰাকী অৰ্থাৎ ৰিদ্ধি আৰু সিদ্ধিৰ প্ৰতীক আৰু আগৰ ৰেখা দুডাল তেওঁৰ পুত্ৰ দুজন যোগ আৰু ক্ষেমৰ প্ৰতীক। এইদৰে স্বস্তিকক ভগৱান গণেশৰ সমগ্ৰ পৰিয়ালৰ প্ৰতীক বুলি গণ্য কৰা হয়। সেয়েহে এই স্বস্তিকে আমাৰ জীৱন আৰু কৰ্মত থকা বাধাবোৰ দূৰ কৰি সমৃদ্ধি আৰু সফলতা দিয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ