--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : শ্ৰীমদ্ভভাগৱত গীতাত ভগৱান শ্ৰীকৃষ্ণৰ শিক্ষাৰ বৰ্ণনা পোৱা যায়। গীতাৰ এই শিক্ষাসমূহ মহাভাৰত যুদ্ধৰ সময়ত অৰ্জুনক শ্ৰীকৃষ্ণই দিছিল। গীতাত দিয়া শিক্ষা আজিও সমানেই প্ৰাসংগিক আৰু জীৱন-যাপনৰ ক্ষেত্ৰত সাধাৰণ লোকক সঠিক পথ দেখুৱাইছে। গীতাই জীৱনত ধৰ্ম, কৰ্ম আৰু প্ৰেমৰ পাঠ শিকায়। শ্ৰীমদ্ভভাগৱত গীতাৰ জ্ঞান মানৱ জীৱনৰ বাবে উপযোগী বুলি গণ্য কৰা হয়। গীতা হৈছে-জীৱনৰ এক সম্পূৰ্ণ দৰ্শন আৰু ইয়াক অনুসৰণ কৰা ব্যক্তিজনেই জীৱনত সফলতা অৰ্জন কৰে।

গীতাৰ শিক্ষা-
১. শ্ৰীকৃষ্ণই গীতাত কৈছে যে যেতিয়া উপয়ুক্ত সময় আহে তেতিয়াই ঈশ্বৰে নিশ্চিতভাৱে আপোনাক সঠিক লোকৰ সৈতে চিনাকি কৰাই দিয়ে। যিয়ে আপোনাৰ জীৱনত বহু ধৰণে প্ৰভাৱ পেলাব পাৰে।

২. গীতাত উল্লেখ আছে যে প্ৰেমৰ অৰ্থ কাৰোবাক বিচাৰি পোৱা নহয়, তাৰ মাজত বিলীহ হৈ যোৱা। শ্ৰীকৃষ্ণই কৈছে যে প্ৰেম মানে অকল পোৱা বা কাঢ়ি লোৱা নহয়, বৰঞ্চ প্ৰেম মানে হ’ল ত্যাগ কৰা।

৩. কোনো ব্যক্তিৰ লগত বেছি আকৰ্ষণ হোৱা উচিত নহয় কাৰণ অত্যধিক আকৰ্ষণ ক্ষতিকাৰক হৈ পৰে। অত্যধিক মোহে মানুহক এটা আশাৰ দিশে লৈ যায় আৰু পাছলৈ এই আশাই দুখৰ কাৰণ হৈ পৰে।

৪. শ্ৰীকৃষ্ণই কৈছে যে আমাৰ জীৱনৰ লগত জড়িত সকলো গুৰুত্বপূৰ্ণ সিদ্ধান্ত আমি নিজেই লোৱা উচিত কাৰণ এজন ব্যক্তিয়ে পাছত অনুশোচনা কৰাৰ লগতে এটা সিদ্ধান্তই আপোনাৰ অভিজ্ঞতাও বৃদ্ধি কৰে।

৫. গীতাত উল্লেখ আছে যে এজন ব্যক্তিয়ে নিজকে অসংযম খাদ্যৰ পৰা আঁতৰাই ৰাখিব লাগে। এনে খাদ্যই মনত অস্থিৰতা আৰু ত্ৰুটিপূৰ্ণ চিন্তাৰ সৃষ্টি কৰে, যাৰ ফলত চিন্তাধাৰা বিকৃত হৈ পৰে।

৬. শ্ৰীকৃষ্ণই গীতাত কৈছে যে আপোনাৰ লগত যিমানেই প্ৰতাৰণা নহওক কিয়, আপোনাৰ পৰা ঈশ্বৰৰ আশীৰ্বাদ কোনেও কাঢ়ি নিব নোৱাৰে। গতিকে বহু কষ্টৰ সন্মুখীন হ’লেও ঈশ্বৰৰ ওপৰত বিশ্বাস হেৰুৱাব নালাগে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ ১০০ বছৰীয়া জন্ম বাৰ্ষিকী! ৰাজ্যজুৰি সোঁৱৰণ বিশ্ববন্দিত শিল্পীগৰাকীক
লালকিল্লাত দুটা সোণৰ কলহকে ধৰি ১.৫ কোটি টকাৰ সামগ্ৰী চুৰি
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প
নিতৌ চুৰিকাণ্ডৰে ৰাইজৰ নিদ্ৰা হৰণ কৰা কুখ্যাত চোৰৰ দলক গ্ৰেপ্তাৰ মঙলদৈ আৰক্ষীৰ
গোৱালপাৰা আৰক্ষীৰ সফলতা! তিনিটা দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ
চীন-ভাৰতে মিলি শক্তিশালী কৰিব এছিয়াক
‘ভাৰতৰ সৈতে সম্পৰ্ক ৰাজনীতি নহয় বিশ্বাসহে’, পুটিন-মোদীৰ যুগলবন্দী দেখি স্তম্ভিত হ’ব ড’নাল্ড ট্ৰাম্প!
বিশ্ব চেম্পিয়নশ্বিপত পদকৰ লক্ষ্য লাভলীনাৰ
ককিলামুখৰ কুৰিখন ৰাজহ গাঁৱলৈ ভাবুকি
য়েমেনৰ ছানাত ইজৰাইলৰ ভয়ংকৰ আক্রমণ
মুখ্যমন্ত্ৰীলৈ স্মাৰক-পত্ৰৰ বাবে গণস্বাক্ষৰ অভিযান আৰম্ভ