--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • প্ৰায় ডেৰশৰো অধিক হাতীৰ দুটা জাকে ধোপাবৰ গাঁৱৰ ৮ নং ৱাৰ্ডৰ ৰাজীৱ মহন্ত আৰু দুলু বৰুৱাৰ ঘৰত ৰাতি ঘৰ-দুৱাৰ ভাঙি অনিষ্ট কৰে ৷

ডিজিটেল ডেস্ক: মুষলধাৰ বৰষুণৰ মাজতে নিশা গহপুৰত বন্যহস্তীৰ তাণ্ডৱ। কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ দিশৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা এজাক বন্য হস্তীয়ে গহপুৰৰ ধোপাবৰত এটা পৰিয়ালৰ পাকঘৰত ওৱাল ভাঙি চাউল, আলু আদি খাদ্য খোৱাৰ উপৰি ইলেকট্ৰিক বস্তু ভঙাৰ লগতে আন এটা পৰিয়ালৰ ঘৰৰ বেৰ ভাঙি তহিলং কৰে৷


প্ৰায় ডেৰশৰো অধিক হাতীৰ দুটা জাকে ধোপাবৰ গাঁৱৰ ৮ নং ৱাৰ্ডৰ ৰাজীৱ মহন্ত আৰু দুলু বৰুৱাৰ ঘৰত ৰাতি ঘৰ-দুৱাৰ ভাঙি অনিষ্ট কৰে ৷গাঁৱৰ ৰাইজে খোল তাল লৈ হাতীৰ জাকটো আঁতৰাই পঠোৱাৰ চেষ্টা কৰে ৷ বন বিভাগৰ আৰক্ষীক ফোন কৰাৰ পিছত এঘণ্টা পলমকৈ বন আৰক্ষী উপস্থিত হৈ হাতীৰ জাকটো খেদি পঠিয়াবলৈ সক্ষম হয়৷  


কাজিৰঙাৰ ষষ্ঠ সংযোজনটো ওচৰতে হোৱাৰ বাবে তাৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা জীৱ জন্তুৱে স্থানীয় ৰাইজক বহুতো অসুবিধাৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে ৷ তেওঁলোক বৰ্তমান সময়ত আতংকিত হোৱাও পৰিলক্ষিত হৈছে ৷ সেয়ে এটা ফৰেষ্ট কেম্প সেই স্থানত দিবলৈ চৰকাৰ প্ৰশাসনৰ ওচৰত আহ্বান জনাইছে স্থানীয় ৰাইজে ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ