--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • প্রথম পর্যায়ত চাহ জনগোষ্ঠীৰ ২৮২৪১টা পৰিয়াললৈ ভূমি পট্টা প্ৰদান কৰাৰ লগতে বহুকেইটা প্রকল্প উন্মোচন আৰু শিলান্যাস কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে অসমীয়াতে ভাষণ আৰম্ভ কৰে। 'মোৰ মৰমৰ গুৱাহাটীবাসী ৰাইজ।

ডিজিটেল ডেস্ক :'আপোনালোকৰ ওচৰত মই ঋণী। কিয়নো আপোনালোকে শ্রম কৰি উৎপাদন কৰা চাহ মই গুজৰাটত বিক্ৰী কৰিছিলোঁ। মা কামাখ্যাৰ কৃপাত আজি এই ঋণ মই পৰিশোধ কৰিব পাৰিলোঁ।' গুৱাহাটীৰ জ্যোতি-বিষ্ণু কলা মন্দিৰত কালি সন্ধিয়া এই আৱেগিক মন্তব্য কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। 


প্রথম পর্যায়ত চাহ জনগোষ্ঠীৰ ২৮২৪১টা পৰিয়াললৈ ভূমি পট্টা প্ৰদান কৰাৰ লগতে বহুকেইটা প্রকল্প উন্মোচন আৰু শিলান্যাস কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে অসমীয়াতে ভাষণ আৰম্ভ কৰে। 'মোৰ মৰমৰ গুৱাহাটীবাসী ৰাইজ। আপোনালোকক মই মোৰ আন্তৰিক মৰম জনাইছোঁ' বুলি উল্লেখ কৰি তেওঁ কয় যে চাহৰ বাবেই বিশ্বত অসমৰ এক সুকীয় পৰিচয় আছে। চাহ শ্ৰমিকৰ পৰিশ্ৰমৰ বাবে বিশ্বজুৰি সমাদৰ অসমৰ চাহৰ। কিন্তু দুশ বছৰ পাৰ হৈ যোৱাৰ পাছতো এই লোকসকলে ভূমিৰ পট্টা লাভ কৰা নাছিল। কংগ্ৰেছে তেওঁলোকক মাথোঁ ভোট বেংক হিচাপে ব্যৱহাৰ কৰিছিল। এতিয়া ডাবল ইঞ্জিনৰ বিজেপিৰ চৰকাৰে চাহ শ্রমিকসকলক মাটিৰ পট্টা প্ৰদান কৰিছে। আজিৰ দিনটো সেয়েহে চাহ বাগিচাৰ লোকসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ দিন। যাৰ বাবে প্ৰতিগৰাকী চাহ শ্ৰমিকৰ মুখত শুনিবলৈ পোৱা গৈছে 'আকৌ এবাৰ বিজেপি চৰকাৰ'। 


অসমৰ চাহ বাগানৰ শ্ৰমিকসকলৰ ওচৰত ময়ো ঋণী হৈ আছিলোঁ বুলি জনাই তেওঁ লগতে কয়- অসমৰ চাহ মই গুজৰাটত বিক্ৰী কৰিছিলোঁ। ময়ো এগৰাকী চাহ বিক্ৰী কৰা লোক আছিলোঁ। আজি মই এই ঋণ পূৰ কৰিব পাৰিছোঁ।' চাহ শ্রমিকক মাটিৰ পট্টা প্রদান কৰাত অসম চৰকাৰক ধন্যবাদ দি তেওঁ কয়- 'চাহ বাগানৰ শ্রমিকক কংগ্রেছে কোনোধৰণৰ গুৰুত্ব দিয়া নাছিল। কিন্তু আজি এক ঐতিহাসিক অন্যায়ৰ পৰা তেওঁলোক ওলাই আহিছে। এতিয়া তেওঁলোকৰ মাটি হ'ব, পকী ঘৰ হ'ব।' উল্লেখযোগ্য যে প্রধানমন্ত্ৰীগৰাকীয়ে কালি প্রতীকী ৰূপত কাছাৰ, ডিব্ৰুগড় আৰু তিনিচুকীয়াৰ পৰা আহা তিনিগৰাকী লোকক মাটিৰ পট্টা প্রদান কৰে। ইয়াৰে কাছাৰৰ সীমা বিশ্বাস নামৰ মহিলাগৰাকীয়ে প্ৰধানমন্ত্ৰীক সেৱা কৰিবলৈ ওলোৱাত প্রধানমন্ত্রীয়ে তেওঁক বাধা দি ওলোটাইহে তেওঁক ভৰি চুই সেৱা জনায়। আনহাতে, বিশ্বনাথ আৰু নিমাতীত ক্রুজ টার্মিনেল নির্মাণ কৰাক লৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ইয়াৰ ফলত নদী পৰ্যটনৰ বিকাশ হ'ব। স্থানীয় লোকসকলে কর্মসংস্থাপন লাভ কৰিব। ব্ৰহ্মপুত্র নদী পৰ্যটনৰ হাব হ'ব। আনহাতে, অসমৰ পৰ্যটন এতিয়া বিকাশৰ অন্যতম গুৰুত্বপূৰ্ণ ক্ষেত্ৰ বুলি উল্লেখ কৰি তেওঁ লগতে কয়-'অসম হৈছে অষ্টলক্ষ্মীৰ ভৱিষ্যতৰ মডেল। উত্তৰ-পূবৰ প্ৰগতিৰ মডেল হৈছে অসম। আনকি অসমৰ বিকাশে পশ্চিম বংগতো প্রভাৱ পেলাইছে। পশ্চিম বংগৰ লোকেও অসমৰ দৰে সু-শাসনৰ চৰকাৰ বিচাৰিছে।' 


ইফালে, কালি মুকলি কৰা একতা মলত দেশৰ সকলো ৰাজ্যৰ বিপণী মুকলি কৰিবলৈ মুখ্যমন্ত্রীসকলক আহ্বান জনাই তেওঁ কয়- 'একতা মলতসামগ্ৰী বিক্ৰীৰ ব্যৱস্থা কৰক। অসমৰ প্ৰতিখন জিলাৰো সামগ্রী উপলভ্য কৰক একতা মল। অসমৰ লোকে সমগ্র হিন্দুস্তানৰ সামগ্ৰী ইয়াতে পাব লাগিব। একেদৰে অসমৰ একতা মল সমগ্র দেশৰে এক মডেল হ'ব লাগিব বুলিও কয় মোদীয়ে। উল্লেখযোগ্য যে কালি প্রধানমন্ত্রী মোদীযে গুৱাহাটীৰ পৰাই পি এম কিষাণ সন্মান নিধিৰ ৯ কোটি ৩২ লাখ টকা ডিজিটেলি মুকলি কৰে। এই ধন মুকলি কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, 'দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত আজি টকা সোমাইছে। অসমত ১৯ লাখ কৃষকে লাভ কৰিছে এই ধন। কিন্তু কংগ্রেছে কিষাণ নিধিক লৈও ৰাজনীতি কৰে। নিৰ্বাচনৰ পাছত পি এম কিষাণ নিধি বন্ধ হৈ যাব বুলি কংগ্রেছে দেশত চলাইছিল অপপ্ৰচাৰ। কংগ্ৰেছৰ শাসনকালত কৃষকে সাৰৰ বাবেও আন্দোলন কৰিবলগীয়া হৈছিল।' ইফালে, একে দিনাই ইমান বৃহৎ সংখ্যক লোকক বেংক যোগে ধন প্রদান কৰাক লৈ বিশ্বৰ আন আন দেশবোৰ আচৰিত হৈ পৰিছে বুলি উল্লেখ কৰি তেওঁ কয় যে বিশ্বৰ ডাঙৰ ডাঙৰ নেতাসকলে মোক লগ পালেই সোধে এয়া কেনেকৈ সম্ভৱ। অথচ ২০১৪ চনৰ আগলৈকে দেশৰ কৃষকৰ ম'বাইল আৰু বেংক একাউন্টেই নাছিল। ইফালে, আন্তঃৰাষ্ট্ৰীয় সংকটৰ প্ৰভাৱ ভাৰতীয় কৃষকৰ ওপৰত নপৰে বুলি আশ্বাস প্রদান কৰি প্রধানমন্ত্রী মোদীয়ে কয়, 'সংকট ৰোধৰ বাবে ব্যৱস্থা গ্রহণ কৰিছে কেন্দ্ৰই। আত্মনিৰ্ভৰতাক উৎসাহিত কৰিছে বৰ্তমানৰ চৰকাৰে। দশক ধৰি কংগ্ৰেছে অন্য দেশৰ ওপৰত নিৰ্ভৰ কৰিছিল। আমাৰ চৰকাৰৰ দিনত এই নিৰ্ভৰ হ্রাস হৈছে। অন্নদাতা বর্তমান শক্তিদাতালৈও পৰিণত হৈছে। কংগ্ৰেছৰ ভুল নীতিৰ বাবে ৫টা কাৰখানা বন্ধ হৈছিল। এই কাৰখানা ৫টা আমি পুনৰ আৰম্ভ কৰিছোঁ। কৃষকক জৈৱিক খেতি কৰিবলৈ আহ্বান জনাইছোঁ। বিশেষকৈ তেওঁলোকক আত্মনিৰ্ভৰশীল কৰাৰ বাবে আমি চেষ্টা চলাইছোঁ। সেয়েহে, সৌৰচালিত জলসিঞ্চন পাম্পৰ দিহা কৰা হৈছে। মোদীৰ মতে, 'কংগ্ৰেছৰ ৰাষ্ট্ৰৰ প্ৰতি দায়িত্বশীল নহয়। কংগ্রেছে যুদ্ধৰ পৰা হোৱা পৰিস্থিতিৰ মাজতো উৰাবাতৰি বিয় পাইছে। কংগ্ৰেছে দেশক বিপথে পৰিচালিত কৰিছে।' ভাষণত প্রধানমন্ত্রী মোদীয়ে লাল কিল্লাৰ পৰা এটা সময়ত প্রাক্তন প্রধানমন্ত্রী পণ্ডিত জৱাহৰলাল নেহৰুৰ এটা ভাষণ শুনিবলৈ কংগ্রেছক আহ্বান জনাই দিয়ে বিশেষ টিপ্পনী। তেওঁ কয়, 'উত্তৰ-কোৰিয়া, দক্ষিণ-কোৰিয়াৰ যুদ্ধৰ বাবে হেনো ভাৰতত দাম বৃদ্ধি হৈছিল। নেহৰুৱে এনে দায়িত্বহীন মন্তব্য কৰিছিল।'


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement