--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী: ‘ব্ৰীজ’ৰ জৰিয়তে অসমীয়া চলচ্চিত্ৰলৈ আহিছে আন এক সু-বাৰ্তা! ২২-২৬ জুন, ২০২১লৈ সদ্যসমাপ্ত কানাডাত অনুষ্ঠিত চতুৰ্থ অ'টোৱা ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল এৱাৰ্ড (OIFFA-2021)ত ‘কৃষ্টি পথাৰ’ৰ বেনাৰত কৃপাল কলিতাৰ পৰিচালনাৰে নিৰ্মিত বহুল চৰ্চিত অসমীয়া পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰ ‘ব্ৰীজ’ৰ মূল অভিনেত্ৰী শিৱাৰাণী কলিতাই লাভ কৰিছে শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান। উল্লেখযোগ্য যে, বিগত বৰ্ষত এই সন্মান লাভ কৰিছিল জনপ্ৰিয় অভিনেত্ৰী সীমা বিশ্বাসে।

লখিমপুৰ জিলাৰ ঢকুৱাখনা চহৰৰ শিৱাৰাণী কলিতাই অভিনয় কৰা ‘ব্ৰীজ’ৰ চৰিত্ৰটো প্ৰত্যাহ্বানমূলক, য'ত তেওঁ পথাৰত হালবোৱা, ভৰা নদীত কলৰ ভূৰ চলোৱাৰ দৰে কাম কৰিব লগা হৈছিল৷ এইখন চিনেমাত অভিনয় কৰাৰ পূৰ্বে শিৱাৰাণীয়ে কোনোধৰণৰ ধাৰাবাহিক বা চিনেমাত অভিনয় কৰাৰ অভিজ্ঞতা নাছিল, কেৱল এখন মঞ্চ নাটকত অভিনয় কৰিছিল তেওঁ। ৰমা কুমাৰ দাস আৰু সবিতা দেৱী প্ৰযোজিত ‘ব্ৰীজ’-এ ইতিমধ্যে ২৮তাতকৈয়ো অধিক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰপৰা আমন্ত্ৰণ লাভ কৰিছে। ৫১সংখ্যক ভাৰতীৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ(২০২০)ত ভাৰতৰপৰা পুৰস্কাৰ লাভ কৰা একমাত্ৰ ভাৰতীয় চিনেমা হিচাপে কৃতিত্ব অৰ্জন কৰা ‘ব্ৰীজ’-এ লাভ কৰিছে আন কেইবাটাও আন্তঃৰাষ্ট্ৰীয় সন্মান। গোল্ডেন জুৰি আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত সামাজিক বিষয়ৰ শ্ৰেষ্ঠ ছবি, ১৬ সংখ্যাক ত্ৰিশূৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ ছবিৰ সন্মান আদি উল্লেখযোগ্য। শিৱাৰাণী কলিতাৰ এই খবৰে অসমীয়া চলচ্চিত্ৰ অনুৰাগীসকলৰ লগতে ‘ব্ৰীজ’ৰ পৰিয়ালকক উৎসাহিত কৰি তুলিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ