--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী: ‘ব্ৰীজ’ৰ জৰিয়তে অসমীয়া চলচ্চিত্ৰলৈ আহিছে আন এক সু-বাৰ্তা! ২২-২৬ জুন, ২০২১লৈ সদ্যসমাপ্ত কানাডাত অনুষ্ঠিত চতুৰ্থ অ'টোৱা ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল এৱাৰ্ড (OIFFA-2021)ত ‘কৃষ্টি পথাৰ’ৰ বেনাৰত কৃপাল কলিতাৰ পৰিচালনাৰে নিৰ্মিত বহুল চৰ্চিত অসমীয়া পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰ ‘ব্ৰীজ’ৰ মূল অভিনেত্ৰী শিৱাৰাণী কলিতাই লাভ কৰিছে শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান। উল্লেখযোগ্য যে, বিগত বৰ্ষত এই সন্মান লাভ কৰিছিল জনপ্ৰিয় অভিনেত্ৰী সীমা বিশ্বাসে।

লখিমপুৰ জিলাৰ ঢকুৱাখনা চহৰৰ শিৱাৰাণী কলিতাই অভিনয় কৰা ‘ব্ৰীজ’ৰ চৰিত্ৰটো প্ৰত্যাহ্বানমূলক, য'ত তেওঁ পথাৰত হালবোৱা, ভৰা নদীত কলৰ ভূৰ চলোৱাৰ দৰে কাম কৰিব লগা হৈছিল৷ এইখন চিনেমাত অভিনয় কৰাৰ পূৰ্বে শিৱাৰাণীয়ে কোনোধৰণৰ ধাৰাবাহিক বা চিনেমাত অভিনয় কৰাৰ অভিজ্ঞতা নাছিল, কেৱল এখন মঞ্চ নাটকত অভিনয় কৰিছিল তেওঁ। ৰমা কুমাৰ দাস আৰু সবিতা দেৱী প্ৰযোজিত ‘ব্ৰীজ’-এ ইতিমধ্যে ২৮তাতকৈয়ো অধিক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰপৰা আমন্ত্ৰণ লাভ কৰিছে। ৫১সংখ্যক ভাৰতীৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ(২০২০)ত ভাৰতৰপৰা পুৰস্কাৰ লাভ কৰা একমাত্ৰ ভাৰতীয় চিনেমা হিচাপে কৃতিত্ব অৰ্জন কৰা ‘ব্ৰীজ’-এ লাভ কৰিছে আন কেইবাটাও আন্তঃৰাষ্ট্ৰীয় সন্মান। গোল্ডেন জুৰি আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত সামাজিক বিষয়ৰ শ্ৰেষ্ঠ ছবি, ১৬ সংখ্যাক ত্ৰিশূৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ ছবিৰ সন্মান আদি উল্লেখযোগ্য। শিৱাৰাণী কলিতাৰ এই খবৰে অসমীয়া চলচ্চিত্ৰ অনুৰাগীসকলৰ লগতে ‘ব্ৰীজ’ৰ পৰিয়ালকক উৎসাহিত কৰি তুলিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু