--°C
Loading...
Listen to Article
2 min read
80%

মুম্বাই : হিন্দী ছবিজগতত এনে কিছুমান ছুপাৰহিট যুটি আছে যিসকলৰ ছবিৰ বাবে অধীৰভাৱে অপেক্ষা কৰে অনুৰাগীসকলে। দীৰ্ঘবিৰতিৰ পাছত তেওঁলোকৰ ছবি মুকলি হোৱাৰ খবৰে সেইবাবেই সকলোকে আলোড়িত কৰি তোলে। এগৰাকী পৰিচালক আৰু অভিনেতাৰ যুটিক দীর্ঘদিন একেলগে কাম কৰা দেখা পোৱা নাই চলচিত্ৰপ্ৰেমীয়ে। তেওঁলোক হৈছে শ্বাহৰুখ খান আৰু সঞ্জয় লীলা ভাঞ্চালী।

আৰু পঢ়িব পাৰিব : ক’ভিড ভেকচিন লৈ কি বাৰ্তা দিলে বিৰাট, ঈশান্তে…

২০০২চনত মুক্তিপ্রাপ্ত ছুপাৰহিট ছবি 'দেবদাস'-ৰ পাছত আৰু একেলগে কাম কৰা নাই দুয়ো। প্ৰায় দুটা দশকৰ অন্তত দৰ্শকসকললৈ আহিছে এটা সুখৰ খবৰ। শেহতীয় খবৰ মতে শ্বাহৰুখ খান আৰু সঞ্জয় লীলা ভাঞ্চালীয়ে যুটীয়াভাৱে পুনৰ কাম কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।


বলিউড হাংগামা-ৰ প্ৰতিবেদন অনুযায়ী শ্বাহৰুখ খানক তেওঁৰ পৰৱর্তী ছবিৰ মুখ্য চৰিত্ৰত ৰখাৰ আঁচনি গ্ৰহণ কৰিছে সঞ্জয় লীলা বাঞ্চালীয়ে। ছবিখন এটা প্রেমৰ গল্পৰ আধাৰত নিৰ্মাণ কৰা হ’ব বুলি জানিব পৰা গৈছে। প্রায় ৪বছৰ আগতে এইখন ছবিৰ বাবে বলীউডৰ বাদশ্বাহ খানক প্রস্তাব দিছিল পৰিচালকে।

আৰু পঢ়িব পাৰিব : ৰাজ্যত গণতন্ত্ৰ শেষ হোৱাৰ ইংগিত! শপতগ্ৰহণৰ পাছতে ৰাজ্যপালৰ বিস্ফোৰক মন্তব্য

কিন্তু তেতিয়া কোনোধৰণৰ সিদ্ধান্তত উপনীত হ’ব পৰা নাছিল তেওঁলোক।এতিয়া তেওঁৰ আলিয়া ভাট অভিনীত ছবি 'গাঙ্গুবাই কাথিয়াৱাড়ি'-ৰ শ্বুটিং শেষ হোৱাৰ পাছত নতুন ছবিখনক লৈ শ্বাহৰুখ খানৰ সৈতে যাৱতীয় কাম-কাজ সমূহ আগবঢ়োৱাৰ কথা ভাবিছে প্ৰখ্যাত পৰিচালকগৰাকীয়ে। বিশেষ সূত্ৰৰ তথ্য মতে, ছবিখনৰ নাম ৰখা হৈছে 'ইজহাৰ'।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ