--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বাৰ্লিন ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেলত ইউৰোপীয়ান প্ৰিমিয়াৰ হ'ব ৰীমা দাসৰ নতুন চিনেমাৰ। ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত যশস্বী চলচিত্ৰ নিৰ্মাতা ৰীমা দাসে ৰচনা, পৰিচালনা আৰু প্ৰযোজনা কৰা ছিকুৱেল 'ভিলেইজ ৰকষ্টাৰ্ছ ২'ৰ ইউৰোপীয়ান প্ৰিমিয়াৰ হ'ব বাৰ্লিন ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেল ২০২৫ত। 

এই চলচিত্ৰ মহোৎসৱখন বাৰ্লিনত ১৩ ফেব্ৰুৱাৰীৰ পৰা ২৩ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'ব। 'বুলবুল কেন ছিঙ'ৰ পাছত বাৰ্লিনত ৰীমা দাসৰ এইখন দ্বিতীয় চিনেমা। বুলবুল কেন ছিঙে বাৰ্লিনত ২০১৯ চনত 'জেনেৰেছন ১৪ plus' ত 'স্পেচিয়েল মেনছন' পাইছিল আৰু তাৰ পাছৰ বছৰ অৰ্থাৎ ২০২০ত বাৰ্লিনত একেটা শাখাত ৰীমা দাস আছিল জুৰী সদস্য।

উল্লেখ্য যে, ২৯ সংখ্যক বুছান ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেলত ৱৰ্ল্ড প্ৰিমিয়াৰ হোৱা এই Village Rockstars 2 য়ে শ্ৰেষ্ঠ চিনেমা হিচাপে সন্মানীয় Kim Jiseok বঁটা লাভ কৰিছিল।‌ মামি মুম্বাই ফিল্ম ফেষ্টিভেলত এই চিনেমাখনৰ ইণ্ডিয়ান প্ৰিমিয়াৰ হৈছিল। এই চিনেমাখন হৈছে Village Rockstars ৰ ছিকুৱেল। স্মৰ্তব্য যে, Village Rockstars চিনেমাখনৰ ২০১৭ৰ টৰ'ণ্টো ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেলত প্ৰিমিয়াৰ হৈছিল। ভাৰত আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ব্যাপক চৰ্চা লাভ কৰা এই চিনেমাখনে ২০১৮ চনৰ শ্ৰেষ্ঠ চিনেমা হিচাপে ৰাষ্ট্ৰীয় চলচিত্ৰ বঁটা লাভ কৰিছিল আৰু চিনেমাখন আছিল ২০১৯ চনৰ একাডেমি এৱাৰ্ডছলৈ ভাৰতৰ অফিচিয়েল এণ্ট্ৰি।
ফ্লাইং ৰিভাৰ ফিল্ম, অকাংগা ফিল্ম এছিয়াই প্ৰয়োজনা কৰা Village Rockstars 2 চিনেমাখনত অভিনয় কৰিছে ভনিতা দাস, বাসন্তী দাস, জুনুমণি বড়ো, বলোৰাম দাস, মানৱেন্দ্ৰ দাসে।

Village Rockstars 2 ৰ এই সফলতাত আনন্দিত হৈ ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত চিনেমা নিৰ্মাতা ৰীমা দাসে কয়, "বাৰ্লিনলৈ যোৱাটো মোৰ বাবে সদায় এক অবিস্মৰণীয় অভিজ্ঞতা। বিশ্বৰ নানা দেশৰ দৰ্শকৰে এয়া এক সুন্দৰ ফিল্ম ফেষ্টিভেল আৰু মই বাৰ্লিনৰ শীতৰ এই পৰিৱেশ ভাল পাওঁ। এছিয়াৰ সন্মানীয় ফিল্ম ফেষ্টিভেলসমূহত সহাঁৰিৰ দেখা পোৱাৰ পাছত এতিয়া আমি বাৰ্লিনতো দৰ্শকৰ সৈতে সংযুক্ত হ'বলৈ উৎকণ্ঠিত। এয়া এটা বৃত্তৰ সম্পূৰ্ণ হোৱাৰ দৰে অনুভৱ।" ৰীমা দাসে পুনৰ কয়, 'আমাৰ এই চিনেমাখনৰ বিষয়ে বিভিন্ন মানুহে কৰা মন্তব্যত মই আনন্দিত। বহু লোকে জনাইছে, Village Rockstars ৰ সৈতে মোৰ আন্তৰিক আৰু নিবিড় সম্পৰ্ক চিনেমাখনত প্ৰতিফলিত হোৱাটো তেওঁলোকে লক্ষ্য কৰিছে।  Village Rockstars 2 বাৰ্লিনত প্ৰদৰ্শন হ'বলৈ যোৱাটোৱে আমাক শিহৰিত কৰিছে আৰু আমি নতুন অভিজ্ঞতা আৰু সম্ভাৱনা অন্বেষণ কৰিব পাৰিম বুলি আশাবাদী।'

থোৰতে কাহিনীটো এখন গাঁৱৰ এগৰাকী কিশোৰীয়ে তেওঁৰ সাংগীতিক সপোন পূৰণ কৰাৰ পথ বিচাৰে। কিন্তু জীৱনৰ কঠোৰ বাস্তৱতা তাইৰ সৰলতাৰ প্ৰত্যাহ্বান হৈ পৰে। এনে দ্বন্দ্বৰ মাজেৰে সংগীত আৰু জীৱনৰ অংগাংগী সম্পৰ্ক পুনৰ আৱিষ্কাৰ কৰাৰ যাত্ৰাৰে তাই সপোনৰ নতুন সমলয় আৰু সুৰ সমাহাৰৰ অভিমুখী হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ