--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ প্ৰবীণ অভিনেতা জিতেন্দ্ৰৰ পুনৰ বিবাহক লৈ সৰৱ চৰ্চা। সন্তান আৰু নাতিৰ সন্মুখতে দ্বিতীয়বাৰলৈ বিয়া পাতিলে জিতেন্দ্ৰই। ৫০ বছৰ আগতে অৰ্থাৎ ১৯৭৪ চনত বলীউডৰ কিংবদন্তি অভিনেতা জিতেন্দ্ৰই শোভা কাপুৰৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। এইবাৰ বিবাহৰ সোণালী জয়ন্তীৰ বিশেষ উপলক্ষে জিতেন্দ্ৰ আৰু শোভাই আকৌ এবাৰ বিয়া পাতিছে। 

একতা কাপুৰ আৰু তুষাৰ কাপুৰে তেওঁলোকৰ ৫০ বছৰীয়া বিবাহ বাৰ্ষিকী উপলক্ষে আকৌ এবাৰ বিয়া হোৱাৰ ধাৰণাটো পিতৃ-মাতৃক দিছিল আৰু তাৰপাছতসমগ্ৰ মনোৰঞ্জন উদ্যোগটোৱে এই উদযাপনত যোগদান কৰিছিল। মেহেন্দী, সংগীত আৰু বৰমালাৰ দৰে ৰীতি-নীতিৰে আকৌ এবাৰ জিতেন্দ্ৰই শোভা কাপুৰক নিজৰ কৰি তুলিলে।

জীৱনত দ্বিতীয়বাৰৰ বাবে অহা এই বিশেষ অনুষ্ঠানত তেওঁলোকৰ বন্ধু অনিল কাপুৰ, ৰাকেশ ৰোশন আৰু প্ৰেম চোপ্ৰাও উপস্থিত হৈ জিতেন্দ্ৰ আৰু শোভা কাপুৰৰ সুখত যোগদান কৰে। জিতেন্দ্ৰ-শোভা কাপুৰৰ এই বিশেষ দিনটোত কেৱল বলীউডেই নহয়, ৰুচিকা কাপুৰ, অনিতা হাছানন্দনী, ক্ৰীষ্টল ডিছৌজা, নীলম কোথাৰী, ৰিদ্ধি ডোগ্ৰা, সমীৰ ছোনীকে ধৰি টিভি উদ্যোগৰ বহু তাৰকাই অংশগ্ৰহণ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ