--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • দবা খেলৰ জনপ্ৰিয়তাৰ প্ৰতি লক্ষ্য ৰাখি মায়ংকৰ এই সফলতাৰ পিছত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ নৱপ্ৰজন্মৰ খেলুৱৈসকল অধিক উৎসাহী হ’ব বুলি আশাবাদী অসম দবা সন্থা৷

ডিজিটেল ডেস্ক: নিৰ্বাচনী ধুমুহাৰ মাজতেই অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে গুৱাহাটীৰ মায়ংক চৌধুৰীয়ে৷ গুৱাহাটী মহানগৰীৰ ছাউথ্‌ পইণ্ট বিদ্যালয়ৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰ মায়ং চৌধুৰীয়ে অৰ্জন কৰিলে গ্ৰেণ্ড মাষ্টাৰৰ খিতাপ৷


চুইদেনত অনুষ্ঠিত হোৱা দবা খেলত অন্তিমখন দবা খেলৰ নম্‌চ সম্পূৰ্ণ কৰি ভাৰতবৰ্ষৰ ৯৪ সংখ্যক আনহাতে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী গ্ৰেণ্ড মাষ্টাৰ হ’বলৈ সক্ষম হ’ল মায়ংক চৌধুৰী৷ 


বিমান বন্দৰত আহি উপস্থিত হোৱাৰ লগে লগেই অসম দবা সন্থা তথা ছাউথ্‌ পইণ্ট বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে শুভাকাংক্ষীসকলে উষ্ম আদৰণি জনাই খেলুৱৈগৰাকীক৷ 


দবা খেলৰ জনপ্ৰিয়তাৰ প্ৰতি লক্ষ্য ৰাখি মায়ংকৰ এই সফলতাৰ পিছত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ নৱপ্ৰজন্মৰ খেলুৱৈসকল অধিক উৎসাহী হ’ব বুলি আশাবাদী অসম দবা সন্থা৷ 


অসমৰ খেল মহাৰণৰ জৰিয়তে প্ৰায় ১২ লক্ষাধিক খেলুৱৈয়ে সুযোগ পোৱাৰ বাবে পূৰ্বতকৈও অধিক জনপ্ৰিয় হৈ পৰিছে দবা খেল৷ ইয়াৰ উপৰিও বৰ্তমান সময়লৈকে সমগ্ৰ ভাৰতবৰ্ষত নাম পঞ্জীয়ন হৈ আছে প্ৰায় ১ কোটিৰো অধিক দবা খেলুৱৈৰ নাম৷ 


বৰঝাৰ বিমান বন্দৰত উপস্থিত হৈ আৱেগিক হৈ পৰিল মায়ংকৰ মাতৃ৷ আনহাতে নৱনিৰ্মিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰৰ নতুন টাৰ্মিনেলত অৱতৰণ কৰিবলৈ পায় সুখী হোৱাৰ লগতে আটকধুনীয়া বিমানবন্দৰৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ ধন্যবাদ জনালে মায়ংকৰ মাতৃয়ে ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ