--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • দবা খেলৰ জনপ্ৰিয়তাৰ প্ৰতি লক্ষ্য ৰাখি মায়ংকৰ এই সফলতাৰ পিছত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ নৱপ্ৰজন্মৰ খেলুৱৈসকল অধিক উৎসাহী হ’ব বুলি আশাবাদী অসম দবা সন্থা৷

ডিজিটেল ডেস্ক: নিৰ্বাচনী ধুমুহাৰ মাজতেই অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে গুৱাহাটীৰ মায়ংক চৌধুৰীয়ে৷ গুৱাহাটী মহানগৰীৰ ছাউথ্‌ পইণ্ট বিদ্যালয়ৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰ মায়ং চৌধুৰীয়ে অৰ্জন কৰিলে গ্ৰেণ্ড মাষ্টাৰৰ খিতাপ৷


চুইদেনত অনুষ্ঠিত হোৱা দবা খেলত অন্তিমখন দবা খেলৰ নম্‌চ সম্পূৰ্ণ কৰি ভাৰতবৰ্ষৰ ৯৪ সংখ্যক আনহাতে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী গ্ৰেণ্ড মাষ্টাৰ হ’বলৈ সক্ষম হ’ল মায়ংক চৌধুৰী৷ 


বিমান বন্দৰত আহি উপস্থিত হোৱাৰ লগে লগেই অসম দবা সন্থা তথা ছাউথ্‌ পইণ্ট বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে শুভাকাংক্ষীসকলে উষ্ম আদৰণি জনাই খেলুৱৈগৰাকীক৷ 


দবা খেলৰ জনপ্ৰিয়তাৰ প্ৰতি লক্ষ্য ৰাখি মায়ংকৰ এই সফলতাৰ পিছত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ নৱপ্ৰজন্মৰ খেলুৱৈসকল অধিক উৎসাহী হ’ব বুলি আশাবাদী অসম দবা সন্থা৷ 


অসমৰ খেল মহাৰণৰ জৰিয়তে প্ৰায় ১২ লক্ষাধিক খেলুৱৈয়ে সুযোগ পোৱাৰ বাবে পূৰ্বতকৈও অধিক জনপ্ৰিয় হৈ পৰিছে দবা খেল৷ ইয়াৰ উপৰিও বৰ্তমান সময়লৈকে সমগ্ৰ ভাৰতবৰ্ষত নাম পঞ্জীয়ন হৈ আছে প্ৰায় ১ কোটিৰো অধিক দবা খেলুৱৈৰ নাম৷ 


বৰঝাৰ বিমান বন্দৰত উপস্থিত হৈ আৱেগিক হৈ পৰিল মায়ংকৰ মাতৃ৷ আনহাতে নৱনিৰ্মিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰৰ নতুন টাৰ্মিনেলত অৱতৰণ কৰিবলৈ পায় সুখী হোৱাৰ লগতে আটকধুনীয়া বিমানবন্দৰৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ ধন্যবাদ জনালে মায়ংকৰ মাতৃয়ে ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু