--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • ইৰানে ইয়াৰ পৰিৱৰ্তে বিশ্ব কাপৰ আনখন আয়োজক দেশ মেক্সিকোলৈ তেওঁলোকৰ মেচসমূহ স্থানান্তৰৰ দাবী কৰিছিল। ইৰানৰ দাবী একপ্ৰকাৰে অগ্রাহ্য কৰে বিশ্ব ফুটবলৰ নিয়ন্ত্রক সংস্থাটোৱে।

ডিজিটেল ডেস্ক: ফিফা বিশ্ব কাপ আৰম্ভ হোৱাৰ আগতেই ইয়াত ৰাজনীতি আৰু মধ্যপ্রাচ্যত চলি থকা উত্তেজনাৰ প্রভাৱ দেখিবলৈ পোৱা গৈছে। আমেৰিকা আৰু ইজৰাইলে কৰা আক্ৰমণৰ পাছত ইৰানে আমেৰিকাত বিশ্ব কাপৰ মেচ খেলিবলৈ অস্বীকাৰ কৰে। 


ইৰানে ইয়াৰ পৰিৱৰ্তে বিশ্ব কাপৰ আনখন আয়োজক দেশ মেক্সিকোলৈ তেওঁলোকৰ মেচসমূহ স্থানান্তৰৰ দাবী কৰিছিল। ইৰানৰ দাবী একপ্ৰকাৰে অগ্রাহ্য কৰে বিশ্ব ফুটবলৰ নিয়ন্ত্রক সংস্থাটোৱে। 


ফিফাৰ সভাপতি জিয়ানী ইনফেন্টিনোৱে ইৰানৰ দাবীৰ সন্দর্ভত কয় যে বিশ্ব কাপৰ সূচীৰ কোনো ধৰণৰ সালসলনি কৰা নহয়। তেওঁ কয় যে ৰাজনৈতিক বা ভূৰাজনৈতিক সমস্যাসমূহৰ সমাধান ফুটবলে কৰিব নোৱাৰে, কিন্তু প্রতিযোগিতাখন নির্ধাৰিত সময়মতেই হ'ব। 


বিশ্ব কাপৰ সূচীমতে ইৰানৰ তিনিখন মেচ আমেৰিকাত অনুষ্ঠিত হ'ব। ইয়াৰে দুখন কেলিফর্নিয়াত আৰু এখন ছিয়াটলত অনুষ্ঠিত হ'ব। ইৰানৰ ক্ৰীড়া মন্ত্রীজনে ইতিমধ্যে স্পষ্ট কৰি দিয়ে যে দেশখনৰ সৰ্বোচ্চ নেতা আয়াতুল্লা আলী খামেনেইক আমেৰিকাৰ সেনাই হত্যা কৰাৰ পাছত তেওঁৰ দেশে সেইখন দেশত খেলিবলৈ নাযায়। আনহাতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে ইৰানৰ ফুটবল দলটোক এই বুলি ভাবুকি দিয়ে যে দলটোৱে নিজৰ জীৱন আৰু নিৰাপত্তাৰ কথা ভাবিলে আমেৰিকাত খেলিবলৈ নহাটো ভাল। ইয়াৰ পাছত ইৰানে তেওঁলোকৰ গ্ৰুপ পৰ্যায়ৰ মেচ তিনিখন বিশ্ব কাপৰ আন এখন সহযোগী আয়োজক মেক্সিকোলৈ স্থানান্তৰৰ দাবী কৰিছিল। এই প্রসংগত ইৰানে চলিত সপ্তাহত ফিফাৰ সৈতে আলোচনাও কৰিছিল। কিন্তু শুকুৰবাৰে জুৰিখত হোৱা ফিফাৰ সৰ্বোচ্চ পৰিষদৰ সভাত ইনফেন্টিনোৱে ইৰানৰ দাবী অনুসৰি বিশ্ব কাপৰ মেচৰ স্থান সলনিৰ সম্ভাৱনা অগ্রাহ্য কৰে। তেওঁ বৈঠকত কয়, 'আমাৰ এক পূর্ব নির্ধাৰিত সূচী আছে। অচিৰেই বিশ্ব কাপত খেলিব লগীয়া ৪৮টা দল নির্ধাৰণ হ'ব। বিশ্ব কাপ নির্ধাৰিত সময় আৰু সূচীমতে হোৱাটো আমি বিচাৰোঁ।' তেওঁ স্পষ্টভাৱে কয় যে ফুটবলে শান্তিৰ বার্তা দিয়ে আৰু সকলো দলে সুশৃংখলিত তথা ফিফাৰ নিয়ম অনুসৰণ কৰি আৰু সন্মানসহকাৰে খেলিব বুলি আশা কৰা হৈছে। 


আনহাতে ফিফাই কয় যে তেওঁলোকে সকলো দলৰ সৈতে নিয়মীয়াকৈ যোগাযোগ ৰক্ষা কৰি আছে আৰু বিশ্ব কাপৰ মেচ যোৱা বছৰ ডিচেম্বৰত ঘোষণা কৰা সূচী অনুসৰিয়েই হ'ব। অৱশ্যে ইনফেন্টিনোৱে বিশ্ব কাপৰ সূচীৰ সালসলনিৰ প্ৰসংগত বিতংভাৱে একো নক'লে। তেওঁ কয়, 'ফিফাই ভূ-ৰাজনৈতিক সংঘৰ্ষৰ সমাধান কৰিব নোৱাৰে। কিন্তু আমি ফুটবলৰ শক্তিক আৰু বিশ্ব কাপক শান্তি বিয়পোৱাৰ বাবে ব্যৱহাৰ কৰিব পাৰোঁ আৰু সেইটো আমি কৰিম। বৰ্তমান যুদ্ধৰ দ্বাৰা পীড়িত সকলো লোকৰ বাবে আমি শান্তি বিচাৰোঁ।' ইয়াৰ আগতে ইৰান ফুটবল ফেডাৰেশ্যনৰ সভাপতি মেহদী তাজে কয় যে তেওঁলোকে বিশ্ব কাপৰ প্ৰস্তুতি চলাই আছে, কিন্তু আমেৰিকাত নেখেলে। তাজে লগতে প্রকাশ কৰে যে ইৰানৰ ফুটবল দলটোৱে তুৰস্কত বিশ্ব কাপৰ বাবে প্রশিক্ষণ লৈ আছে আৰু তাত দুখন প্রীতি মেচো খেলিব। তাজে কয়, 'আমি আমেৰিকাক বর্জন কৰিম, কিন্তু বিশ্ব কাপ বৰ্জন নকৰোঁ।' ইয়াৰ আগতে মেক্সিকোৰ ৰাষ্ট্ৰপতি ক্লাউডিয়া শ্বাইনবামে ঘোষণা কৰিছিল যে ইৰানৰ ফুটবল দলটোৱে বিশ্ব কাপৰ মেচসমূহ তেওঁৰ দেশত খেলিব পাৰিব, কিন্তু সকলো কথা ফিফাৰ ওপৰত নিৰ্ভৰ কৰিব।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ