--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ জম্মু- কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফটিয়ে দাবী কৰিছে যে তেওঁক আৰক্ষীয়ে গৃহবন্দী কৰি ৰাখিছে।দাবীৰ সত্যতা প্ৰমাণ কৰিবলৈ তেওঁ নিজৰ ঘৰৰ বন্ধ গেটৰ ফোটোও পোষ্টটোৰ সৈতে সংলগ্ন কৰি দিছে।

টুইটত তেওঁ লগতে লিখিছে যে এই কামৰ জৰিয়তে প্ৰকৃততে যে জম্মু- কাশ্মীৰত স্বাভাৱিক অৱস্থা ঘুৰি অহা নাই সেয়াই প্ৰতীয়মান হৈছে। তেওঁ টুইট বাৰ্তাত লিখে, "ভাৰত চৰকাৰে আফগান জনসাধাৰণৰ অধিকাৰক লৈ চিন্তিত,কিন্তু নিজে ইচ্ছাকৃতভাৱে কাশ্মীৰীসকলৰ ক্ষেত্ৰত একেই কাম কৰি আছে।মোক গৃহবন্দী কৰি ৰখা হৈছে কিয়নো প্ৰশাসনৰ মতে কাশ্মীৰত এতিয়াও স্বাভাৱিক অৱস্হা ঘুৰি আহিবলৈ বহু দূৰ বাকী। ই স্বাভাৱিক অৱস্থা ঘুৰি আহিছে বুলি কৰা হোৱা দাবী যে ভুৱা আৰু অসত্য সেয়াই প্ৰমাণ কৰিছে"।

পিছে তেওঁৰ এই অভিযোগ খণ্ডন কৰি আৰক্ষীয়ে জনায় যে পি ডি পি নেত্ৰীগৰাকীক গৃহবন্দী কৰি ৰখা হোৱা নাই।নিৰাপত্তাজনিত কাৰণত তেওঁক আজি কুলগাম যাত্ৰাৰ পৰাহে বাৰণ কৰা হৈছে।

উল্লেখ্য যে যোৱা বুধবাৰে ৯১ বছৰীয়া চৈয়দ আলী শ্বাহ গিলানীৰ মৃত্যুৰ পিছতেই উত্তপ্ত হৈ পৰিছিল কাশ্মীৰৰ পৰিস্থিতি। বিচ্ছিন্নতাবাদী নেতাজনৰ সমাধিত পাকিস্তানৰ পতাকা মেৰিয়াই কিছু লোকে শেষ সন্মান জ্ঞাপন কৰাৰ দৃশ্যই দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছিল।এই দুস্কাৰ্য্যত লিপ্তসকলৰ বিৰুদ্ধে আৰক্ষীয়ে ৰুজু কৰিছিল দেশদ্ৰোহৰ গোচৰ। নিৰাপত্তাজনিত কাৰণত জম্মু- কাশ্মীৰত কিছু নিষেধাজ্ঞাও আৰোপ কৰা হৈছিল।কিন্তু ইতিমধ্যেই এইসমূহ নিষেধাজ্ঞাৰ ক্ষেত্ৰত যথেষ্ট শিথিলতা অনা হৈছে আৰু কাশ্মীৰত ধীৰে ধীৰে স্বাভাৱিক অৱস্থা ঘুৰি আহিছে।
যি নহওঁ‌ক, কেৱল আৰক্ষীয়ে স্বাভাৱিক অৱস্থা ঘুৰি আহিছে বুলি কৰা দাবী ভুল বুলি প্ৰমাণ কৰাৰ উদ্দেশ্যৰেই মেহবুবা মুফটিয়ে নিজকে গৃহবন্দী কৰি ৰখাৰ অভিযোগ উত্থাপন কৰিছে নেকি বুলি এতিয়া বিভিন্ন মহলত চৰ্চা চলিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক