--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ জম্মু- কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফটিয়ে দাবী কৰিছে যে তেওঁক আৰক্ষীয়ে গৃহবন্দী কৰি ৰাখিছে।দাবীৰ সত্যতা প্ৰমাণ কৰিবলৈ তেওঁ নিজৰ ঘৰৰ বন্ধ গেটৰ ফোটোও পোষ্টটোৰ সৈতে সংলগ্ন কৰি দিছে।

টুইটত তেওঁ লগতে লিখিছে যে এই কামৰ জৰিয়তে প্ৰকৃততে যে জম্মু- কাশ্মীৰত স্বাভাৱিক অৱস্থা ঘুৰি অহা নাই সেয়াই প্ৰতীয়মান হৈছে। তেওঁ টুইট বাৰ্তাত লিখে, "ভাৰত চৰকাৰে আফগান জনসাধাৰণৰ অধিকাৰক লৈ চিন্তিত,কিন্তু নিজে ইচ্ছাকৃতভাৱে কাশ্মীৰীসকলৰ ক্ষেত্ৰত একেই কাম কৰি আছে।মোক গৃহবন্দী কৰি ৰখা হৈছে কিয়নো প্ৰশাসনৰ মতে কাশ্মীৰত এতিয়াও স্বাভাৱিক অৱস্হা ঘুৰি আহিবলৈ বহু দূৰ বাকী। ই স্বাভাৱিক অৱস্থা ঘুৰি আহিছে বুলি কৰা হোৱা দাবী যে ভুৱা আৰু অসত্য সেয়াই প্ৰমাণ কৰিছে"।

পিছে তেওঁৰ এই অভিযোগ খণ্ডন কৰি আৰক্ষীয়ে জনায় যে পি ডি পি নেত্ৰীগৰাকীক গৃহবন্দী কৰি ৰখা হোৱা নাই।নিৰাপত্তাজনিত কাৰণত তেওঁক আজি কুলগাম যাত্ৰাৰ পৰাহে বাৰণ কৰা হৈছে।

উল্লেখ্য যে যোৱা বুধবাৰে ৯১ বছৰীয়া চৈয়দ আলী শ্বাহ গিলানীৰ মৃত্যুৰ পিছতেই উত্তপ্ত হৈ পৰিছিল কাশ্মীৰৰ পৰিস্থিতি। বিচ্ছিন্নতাবাদী নেতাজনৰ সমাধিত পাকিস্তানৰ পতাকা মেৰিয়াই কিছু লোকে শেষ সন্মান জ্ঞাপন কৰাৰ দৃশ্যই দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছিল।এই দুস্কাৰ্য্যত লিপ্তসকলৰ বিৰুদ্ধে আৰক্ষীয়ে ৰুজু কৰিছিল দেশদ্ৰোহৰ গোচৰ। নিৰাপত্তাজনিত কাৰণত জম্মু- কাশ্মীৰত কিছু নিষেধাজ্ঞাও আৰোপ কৰা হৈছিল।কিন্তু ইতিমধ্যেই এইসমূহ নিষেধাজ্ঞাৰ ক্ষেত্ৰত যথেষ্ট শিথিলতা অনা হৈছে আৰু কাশ্মীৰত ধীৰে ধীৰে স্বাভাৱিক অৱস্থা ঘুৰি আহিছে।
যি নহওঁ‌ক, কেৱল আৰক্ষীয়ে স্বাভাৱিক অৱস্থা ঘুৰি আহিছে বুলি কৰা দাবী ভুল বুলি প্ৰমাণ কৰাৰ উদ্দেশ্যৰেই মেহবুবা মুফটিয়ে নিজকে গৃহবন্দী কৰি ৰখাৰ অভিযোগ উত্থাপন কৰিছে নেকি বুলি এতিয়া বিভিন্ন মহলত চৰ্চা চলিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান