--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ দক্ষিণ কলকাতা নিবাসী অভিনেত্ৰী তথা ৰাজনীতিবিদ মুনমুন সেনৰ গৃহত প্ৰৱেশ কৰিলে এদল অচিনাক্ত দুৰ্বৃত্তই । এগৰাকী আৰক্ষী বিষয়াৰ ভাষ্য অনুসৰি, প্ৰায় ১৫ জনীয়া দুৰ্বৃত্তৰ দলটোৱে শনিবাৰে তৃণমূল কংগ্ৰেছৰ প্ৰাক্তন সাংসদগৰাকীৰ ফ্লেটত প্ৰৱেশ কৰিছিল।

দলটোৱে তেওঁ‌ৰ তিনিগৰাকীকৈ ঘৰুৱা সহায়কক আক্ৰমণ কৰি পলায়ন কৰে। অৱশ্যে ঘটনা সম্পৰ্কে সেনে আৰক্ষীক ততাতৈয়াকৈ অৱগত কৰাত আৰক্ষীয়ে কম সময়ৰ ভিতৰতে দলটোৰ চাৰিজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । বাকীকেইজন লোক এতিয়ালৈকে পলাতক অৱস্থাত আছে।

এতিয়ালৈকে দুবৃত্তৰ দলটোৱে কি উদ্দেশ্যৰে সেনৰ ফ্লেটত প্ৰৱেশ কৰিছিল সেয়া জানিব পৰা হোৱা নাই। ইতিমধ্যে আৰক্ষীয়েও ঘটনাটোৰ অইনসকল অপৰাধীক বিচাৰি জোৰদাৰ তদন্ত অব্যাহত ৰাখিছে।লগতে আটকাধীন চাৰিজনক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক