--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গুৱাহাটীৰ অপৰাধ অনুসন্ধান শাখাত আজি অৰ্থাৎ শুক্ৰবাৰে উপস্থিত হ'ল জনপ্ৰিয় ইউটিউবাৰ ৰণবীৰ এলাহবাদিয়া ৷ সুৰক্ষাৰ মাজেৰে অপৰাধ অনুসন্ধান শাখালৈ লৈ যোৱা হয় ইউটিউবাৰগৰাকীক ৷ বৰ্তমান অপৰাধ ইউটিউবাৰগৰাকীৰ চলি আছে জেৰা ৷ বৃহস্পতিবাৰে গুৱাহাটী আহি উপস্থিত হৈছিল ইউটিউবাৰ ৰণবীৰ এলাহবাদিয়া ৷

উল্লেখ্য যে ক্ৰাইম ব্ৰাঞ্চত হাজিৰ হোৱাৰ সময়ত এলাহবাদিয়াৰ সৈতে আছিল তেওঁৰ অধিবক্তা । আৰক্ষীৰ দলটোৰ নেতৃত্বত থকা যুটীয়া আয়ুক্ত অংকুৰ জৈনে জেৰা কৰে ইউটিউবাৰজনক ।

ৰণবীৰে এগৰাকী প্ৰতিযোগীক উদ্দেশ্যি পিতৃ-মাতৃৰ সম্পৰ্কক লৈ কৰা অশালীন মন্তব্যৰ পাছতে সমগ্ৰ দেশতে সাংঘাতিক ধৰণে প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল। ইয়াৰ পাছতে এলাহবাদিয়াৰ বিৰুদ্ধে কেইবাখনো এফআইআৰ দাখিল কৰা হৈছিল।

আনহাতে, এলাহবাদিয়াক যদিও উচ্চতম ন্যায়ালয়ে গ্ৰেপ্তাৰৰ পৰা অন্তৱৰ্তীকালীন সুৰক্ষা প্ৰদান কৰিছিল, তথাপিও তেওঁৰ মন্তব্যক “অশ্লীল” বুলি অভিহিত কৰিছিল উচ্চতম ন্যায়ালয়ে । লগতে তেওঁৰ এটা “লেতেৰা মন” আছে যিয়ে সমাজখনক লজ্জিত কৰিছে বুলি কৈছিল উচ্চতম ন্যায়ালয়ে ।

যোৱা ২৭ ফেব্ৰুৱাৰীত এই গোচৰৰ সন্দৰ্ভত আন এজন ইউটিউবাৰ আশীষ চাঞ্চলানীক জেৰা কৰিছিল গুৱাহাটী আৰক্ষীয়ে । যোৱা ১৮ ফেব্ৰুৱাৰীত গুৱাহাটী উচ্চ ন্যায়ালয়ে চাঞ্চলানীক অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰিছিল।

যোৱা ১০ ফেব্ৰুৱাৰীত গুৱাহাটী আৰক্ষীয়ে পঞ্জীয়ন কৰা এফআইআৰত ভাৰতীয় ন্যায় সন্থা (বিএনএছ), আইটি আইন, চিনেমাট’গ্ৰাফ আইন আৰু মহিলাৰ অশ্লীল প্ৰতিনিধিত্ব (নিষেধাজ্ঞা) আইনৰ সংশ্লিষ্ট ধাৰাত মুঠ ৫জন ইউটিউবাৰৰ নাম উল্লেখ কৰা হৈছিল।

এলাহবাদিয়া আৰু চাঞ্চলানীৰ বাহিৰেও এই গোচৰত নাম উল্লেখ কৰা আন কেইজন হ’ল সময় ৰাইনা, যশপ্ৰীত সিং আৰু অপূৰ্বা মাখিজা।

ইণ্ডিয়াজ গট লেটেণ্ট শ্ব’ত অশ্লীলতাক প্রশ্রয় দিয়া বাবে উল্লেখিত ইউটিউবাৰকেইগৰাকীৰ বিৰুদ্ধে অপৰাধ শাখাৰ চাইবাৰ থানাত ৩/২০২৫ নম্বৰত ৰুজু কৰা হৈছিল গোচৰ । এই গোচৰৰ ভিত্তিত ২৭ ফেব্ৰুৱাৰীত আশীষ চঞ্চলানী অপৰাধ অনুসন্ধান শাখাত উপস্থিত হৈছিল । তেওঁক প্ৰায় ৫ ঘণ্টা জেৰা চলোৱাৰ পিছত যাবলৈ দিয়া হয় ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ