--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কণ্ঠশিল্পী শতাব্দী বৰাক হয়তো আপোনাৰো মনত আছে । জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ সৈতে সংগীত পৰিৱেশন কৰি অসমবাসীৰ হৃদয় জয় কৰিছিল কণ্ঠশিল্পী শতাব্দী বৰাই।অসমৰ বাহিৰেও দেশৰ ভিন্ন। প্ৰান্তত গীত পৰিৱেশন কৰি সকলোৰে মন মুহিছে শতাব্দীয়ে।

কিন্তু এইবাৰৰ ৰঙালী বিহুৰ মঞ্চত শতাব্দী বৰাই জুবিন গাৰ্গৰ সৈতে একেলগে  গীত পৰিৱেশন নকৰাৰ সিদ্ধান্ত লৈছে।সামাজিক মাধ্যমযোগে এই কথা জনালে কণ্ঠশিল্পী শতাব্দী বৰাই।

কণ্ঠশিল্পী শতাব্দী বৰাই সামাজিক মাধ্যমত এইদৰে লিখিছে- "নমস্কাৰ অসমবাসী ৰাইজ, মই শতাব্দী বৰা। সৰুৰে পৰা মই সংগীত জগতখনৰ লগত জড়িত। ষষ্ঠ শ্ৰেণীৰে পৰা মই মঞ্চত গীত পৰিৱেশন কৰি আহিছোঁ। ২০১৫ৰ পৰা ২০২৫ চনলৈকে অসম ৰত্ন জুবিন গাৰ্গ দাদাৰ লগত মঞ্চত একেলগে গীত পৰিৱেশন কৰি আহিছোঁ। জুবিন দাদাৰ লগত থাকোঁতেই মই কেইবাখনো অসমীয়া চলচ্চিত্ৰ (মিছন ছাইনা, আণ্ডাৰ ৱৰ্ল্ড, ৰত্নাকৰ)ত কণ্ঠদান কৰাৰ সুযোগ লাভ কৰিছিলোঁ। যোৱা দহ বছৰে মই তেওঁৰ লগত অসমৰ লগতে ভাৰতৰ বিভিন্ন ঠাইৰ বিভিন্ন দৰ্শকৰ মাজত গীত পৰিৱেশন কৰি বহুত অভিজ্ঞতা বুটলিলোঁ । অৱশ্যে মাজে মাজে মই অকলশৰীয়াকৈয়ো অসমৰ বিভিন্ন মঞ্চত গীত পৰিৱেশন কৰিছিলোঁ। আপোনালোকে মোৰ গীতসমূহকো বহুত মৰমেৰে আদৰি লৈছে। সেয়েহে মই এইবাৰ আপোনালোকৰ আশিস সাৰোগত কৰি অকলশৰীয়াকৈয়ে বিহু মঞ্চৰ বাবে সাজু হৈছোঁ। প্ৰস্তুতি প্ৰায় শেষ হৈছে। মোক বিহু মঞ্চৰ বাবে যোগাযোগৰ নম্বৰ ... ৷

মই কণ্ঠদান কৰা গীতসমূহ- সঁচাকে কোৱা কথাটি কোৱা, মিছন ছাইনাৰ মেৰʼমায়া লাই, সপোনতে আহি, ভাল পাওঁ বুলি কোৱানা, অ' আকাশ, জাকৈ ইত্যাদি। আশা কৰিছোঁ এইবাৰ বিহু মঞ্চত লগ পাম ৷এই আশাৰে...

আপোনালোকৰ মৰমৰ শতাব্দী বৰা"

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ