--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এইবাৰ ভ্ৰমণক লৈ আলোচনা দেশৰ দুই বিশেষ বৰ্ষীয়ান নাগৰিক অমিতাভ বচ্চন আৰু নৰেন্দ্ৰ মোদী৷বলীউডৰ প্ৰবীণ অভিনেতা অমিতাভ বচ্চনে পাৰ্বতী কুণ্ড আৰু জাগেশ্বৰ মন্দিৰ ভ্ৰমণৰ বিষয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিয়া পোষ্টৰ প্ৰতি সঁহাৰি জনায়। লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অমিতাভ বচ্চনক গুজৰাটৰ আগন্তুক ৰণ উৎসৱ আৰু ষ্টেচ্যু অব্ ইউনিটি দৰ্শন কৰিবলৈ সোঁৱৰাই দিয়ে। 

উল্লেখ্য যে শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰাখণ্ডলৈ দীৰ্ঘদিনীয়া ভ্ৰমণৰ বাবে গৈছিল, য’ত তেওঁ পিথোৰাগড়ৰ পাৰ্বতী কুণ্ডত প্ৰাৰ্থনা কৰিছিল আৰু ভগৱান শিৱৰ বাসস্থান বুলি ধাৰণা কৰা আদি কৈলাশ শৃংগৰ আভাস লাভ কৰিছিল। জগেশ্বৰতো পূজাত অংশ লৈ জ্যোতিৰ্লিংগৰ আশে-পাশে পৰিক্ৰমা কৰি সেই পবিত্ৰ স্থানত ধ্যানত মগ্ন হয়। পৰৱৰ্তী সময়ত তেওঁ ৪২০০ কোটি টকাৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰাৰ লগতে এখন ৰাজহুৱা সভাত ভাষণ দিয়ে।

আনহাতে, "বিগ বি'' য়ে শেহতীয়াকৈ তেওঁৰ ৮১ সংখ্যক জন্মদিন উদযাপন কৰে।তেওঁ ইনষ্টাগ্ৰামত তেওঁৰ গ্ৰীট এণ্ড মিট চেচনৰ ছবিৰে এখন কলাজ শ্বেয়াৰ কৰি অনুৰাগীসকলক ধন্যবাদ জনায়।উল্লেখযোগ্য যে ইফালে অমিতাভ বচ্চনক গণপথ আৰু খ্ৰীষ্টাব্দ ২৮৯৮ কল্কীত দেখা যাব। গণপথ ছবিখনত অভিনয় কৰিব টাইগাৰ শ্ৰফ আৰু কৃতি সেননে। ২৮৯৮ খ্ৰীষ্টাব্দ কল্কী ছবিখনত কমল হাছান, প্ৰভাছ, দীপিকা পাডুকন, আৰু দিশা পাটানী আদিয়ে অভিনয় কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু