--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এইবাৰ ভ্ৰমণক লৈ আলোচনা দেশৰ দুই বিশেষ বৰ্ষীয়ান নাগৰিক অমিতাভ বচ্চন আৰু নৰেন্দ্ৰ মোদী৷বলীউডৰ প্ৰবীণ অভিনেতা অমিতাভ বচ্চনে পাৰ্বতী কুণ্ড আৰু জাগেশ্বৰ মন্দিৰ ভ্ৰমণৰ বিষয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিয়া পোষ্টৰ প্ৰতি সঁহাৰি জনায়। লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অমিতাভ বচ্চনক গুজৰাটৰ আগন্তুক ৰণ উৎসৱ আৰু ষ্টেচ্যু অব্ ইউনিটি দৰ্শন কৰিবলৈ সোঁৱৰাই দিয়ে। 

উল্লেখ্য যে শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰাখণ্ডলৈ দীৰ্ঘদিনীয়া ভ্ৰমণৰ বাবে গৈছিল, য’ত তেওঁ পিথোৰাগড়ৰ পাৰ্বতী কুণ্ডত প্ৰাৰ্থনা কৰিছিল আৰু ভগৱান শিৱৰ বাসস্থান বুলি ধাৰণা কৰা আদি কৈলাশ শৃংগৰ আভাস লাভ কৰিছিল। জগেশ্বৰতো পূজাত অংশ লৈ জ্যোতিৰ্লিংগৰ আশে-পাশে পৰিক্ৰমা কৰি সেই পবিত্ৰ স্থানত ধ্যানত মগ্ন হয়। পৰৱৰ্তী সময়ত তেওঁ ৪২০০ কোটি টকাৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰাৰ লগতে এখন ৰাজহুৱা সভাত ভাষণ দিয়ে।

আনহাতে, "বিগ বি'' য়ে শেহতীয়াকৈ তেওঁৰ ৮১ সংখ্যক জন্মদিন উদযাপন কৰে।তেওঁ ইনষ্টাগ্ৰামত তেওঁৰ গ্ৰীট এণ্ড মিট চেচনৰ ছবিৰে এখন কলাজ শ্বেয়াৰ কৰি অনুৰাগীসকলক ধন্যবাদ জনায়।উল্লেখযোগ্য যে ইফালে অমিতাভ বচ্চনক গণপথ আৰু খ্ৰীষ্টাব্দ ২৮৯৮ কল্কীত দেখা যাব। গণপথ ছবিখনত অভিনয় কৰিব টাইগাৰ শ্ৰফ আৰু কৃতি সেননে। ২৮৯৮ খ্ৰীষ্টাব্দ কল্কী ছবিখনত কমল হাছান, প্ৰভাছ, দীপিকা পাডুকন, আৰু দিশা পাটানী আদিয়ে অভিনয় কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ