--°C
Loading...
Listen to Article
2 min read
80%

লক্ষ্ণৌ : দেশৰ আন এগৰাকী জ্যেষ্ঠ ৰাজনীতিক অসুস্থ। গুৰুতৰ অসুস্থতাত ভুগি তেওঁ চিকিৎসাধীন হৈ আছে আই চি ইউত। ৰাজনীতিকগৰাকী হৈছে উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কল্যাণ সিং। তেওঁক উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত থকা সঞ্জয় গান্ধী পোষ্ট গ্ৰেজুৱেট ইনষ্টিটিউট অব মেডিকেল ছাইন্সেজৰ আইচিইউত তেওঁক ভৰ্তি কৰোঁৱা হৈছে।

চিকিৎসালয়খনৰ পৰা প্ৰকাশিত বিবৃতি অনুসৰি, হাস্পতালত ভৰ্তি কৰোঁৱাৰ সময়ত তেওঁৰ ৰক্তচাপ আৰু হৃদযন্ত্ৰৰ ক্ৰিয়া স্বাভাৱিক হৈ আছিল যদিও তেওঁ আংশিক অচেতন অৱস্থাত আছিল। তেওঁ বিভিন্ন ৰোগত আক্ৰান্ত হৈ থকাৰ পৰিপ্ৰেক্ষিতত তেওঁক আইচিইউত চিকিৎসা চলাই থকা হৈছে। জ্যেষ্ঠ ৰাজনীতিকগৰাকীক চোৱাচিতা কৰাৰ বাবে নেফ্ৰ’লজী, কাৰ্ডিঅ’লজী, নিউৰ’লজী, এণ্ড’কাৰ্ডিঅ’লজী আৰু নিউৰ’ অট’লজী বিভাগৰ বিশেষজ্ঞক লৈ এটা বিশেষ চিকিৎসা গোট গঠন কৰা হৈছে।

তেওঁ ৰাজস্থানৰ ৰাজ্যপাল হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কল্যাণ সিঙৰ পুত্ৰ ৰাজবীৰৰ সৈতে টেলিফোনত কথা পাতি তেওঁৰ স্বাস্থ্যৰ বুজ লয়। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথকো তেওঁ সিঙৰ চিকিৎসাৰ বাবে সম্ভৱপৰ সকলো ব্যৱস্থা কৰাৰ বাবে নিৰ্দেশ দিয়ে। ৮৯ বছৰীয়া ৰাজনীতিকগৰাকী পূৰ্বে ডঃ ৰাম মোহন লোহিয়া হাস্পতালত চিকিৎসাধীন হৈ আছিল। তাতে তেওঁৰ স্বাস্থ্যৰ বুজ লৈছিল মু্খ্যমন্ত্ৰী আদিত্যনাথকে ধৰি বিভিন্নজন জ্যেষ্ঠ নেতাই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ