--°C
Loading...
Listen to Article
2 min read
80%

লক্ষ্ণৌ : দেশৰ আন এগৰাকী জ্যেষ্ঠ ৰাজনীতিক অসুস্থ। গুৰুতৰ অসুস্থতাত ভুগি তেওঁ চিকিৎসাধীন হৈ আছে আই চি ইউত। ৰাজনীতিকগৰাকী হৈছে উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কল্যাণ সিং। তেওঁক উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত থকা সঞ্জয় গান্ধী পোষ্ট গ্ৰেজুৱেট ইনষ্টিটিউট অব মেডিকেল ছাইন্সেজৰ আইচিইউত তেওঁক ভৰ্তি কৰোঁৱা হৈছে।

চিকিৎসালয়খনৰ পৰা প্ৰকাশিত বিবৃতি অনুসৰি, হাস্পতালত ভৰ্তি কৰোঁৱাৰ সময়ত তেওঁৰ ৰক্তচাপ আৰু হৃদযন্ত্ৰৰ ক্ৰিয়া স্বাভাৱিক হৈ আছিল যদিও তেওঁ আংশিক অচেতন অৱস্থাত আছিল। তেওঁ বিভিন্ন ৰোগত আক্ৰান্ত হৈ থকাৰ পৰিপ্ৰেক্ষিতত তেওঁক আইচিইউত চিকিৎসা চলাই থকা হৈছে। জ্যেষ্ঠ ৰাজনীতিকগৰাকীক চোৱাচিতা কৰাৰ বাবে নেফ্ৰ’লজী, কাৰ্ডিঅ’লজী, নিউৰ’লজী, এণ্ড’কাৰ্ডিঅ’লজী আৰু নিউৰ’ অট’লজী বিভাগৰ বিশেষজ্ঞক লৈ এটা বিশেষ চিকিৎসা গোট গঠন কৰা হৈছে।

তেওঁ ৰাজস্থানৰ ৰাজ্যপাল হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কল্যাণ সিঙৰ পুত্ৰ ৰাজবীৰৰ সৈতে টেলিফোনত কথা পাতি তেওঁৰ স্বাস্থ্যৰ বুজ লয়। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথকো তেওঁ সিঙৰ চিকিৎসাৰ বাবে সম্ভৱপৰ সকলো ব্যৱস্থা কৰাৰ বাবে নিৰ্দেশ দিয়ে। ৮৯ বছৰীয়া ৰাজনীতিকগৰাকী পূৰ্বে ডঃ ৰাম মোহন লোহিয়া হাস্পতালত চিকিৎসাধীন হৈ আছিল। তাতে তেওঁৰ স্বাস্থ্যৰ বুজ লৈছিল মু্খ্যমন্ত্ৰী আদিত্যনাথকে ধৰি বিভিন্নজন জ্যেষ্ঠ নেতাই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু