--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : কেৱল কাঁইটেই নহয়, ফুলবোৰো থাকে গোলাপৰ ডালত। ঠিক একেদৰে কেৱল বোকাই নহয় ভেট-পদুমো থাকে একোখন বিলত। তাৰেই এক নিদৰ্শন যেন দাঙি ধৰিছে এটি কিশোৰে। সন্ত্ৰাসজৰ্জৰ আৰু ৰাজনৈতিক অস্থিৰতাৰে ভাৰাক্ৰান্ত জম্মু-কাশ্মীৰৰ এই কিশোৰটিয়ে সফলতাৰ অনন্য এক নিদৰ্শন দাঙি ধৰিছে। নানা প্ৰতিকূলতা তথা প্ৰতিবন্ধকতা অতিক্ৰম কৰি কিশোৰটিয়ে সদ্য ঘোষিত দশম শ্ৰেণীৰ পৰীক্ষাত শীৰ্ষস্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে।

জম্মু-কাশ্মীৰৰ উধামপুৰৰ কিশোৰটিয়ে ৰাজ্যিক শিক্ষা সংসদে ঘোষণা কৰা পৰীক্ষাৰ ফলাফলত লাভ কৰিবলৈ সক্ষম হৈছে ৯৮.০৬শতাংশ নম্বৰ। লকডাউনৰ বাবে যোৱা বছৰটো মনদ্বীপ সিং নামৰ শিক্ষাৰ্থীগৰাকীয়ে বিদ্যালয়লৈ যাব পৰা নাছিল আৰু স্মাৰ্টফোন আৰু কম্পিউটাৰ নথকা বাবে অনলাইন শ্ৰেণীতো অংশ ল’ব পৰা নাছিল। নিজৰ একান্ত অধ্যাৱসায় আৰু তেওঁৰ পৰিয়াল তথা কিছুসংখ্যক শিক্ষকৰ সহায়েৰে দশম শ্ৰেণীৰ পৰীক্ষাত শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হ’ল কিশোৰজনে। আমৰোহ গাঁৱৰ বাসিন্দা কিশোৰটিৰ আকাংক্ষা হৈছে চিকিৎসক হোৱা। মনদ্বীপৰ পিতৃ শ্যাম সিং এগৰাকী খেতিয়ক আৰু মনদ্বীপেও খেতিপথাৰত মাজে-সময়ে কাম কৰে। শিক্ষাৰ্থীগৰাকীৰ এই সাফল্যৰ এতিয়া দেশজুৰি চৰ্চা হৈছে। নিজৰ শিক্ষাগুৰু আৰু পৰিয়ালৰ লোকসকলক কৃতজ্ঞতা জ্ঞাপন কৰা মনদ্বীপে প্ৰকাশ কৰে যে, খেতিপথাৰ আৰু ঘৰুৱা কাম-কাজত কৰিও তেওঁ পৰিয়ালৰ লোকসকলক সকাহ দি আহিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ