--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: ডাঠ কুঁৱলীৰ আচ্ছাদনত লুকাইছে দিল্লীবাসী৷ ঠেঁতুৱৈ ধৰা জাৰ, ঘন কুঁৱলী ফাকেৰেই আৰম্ভ হৈছে দৈনন্দিন জীৱন৷ ক্ৰমাৎ দৈনিক তাপমাত্ৰাও হ্ৰাস হৈ আহিছে দিল্লীত৷ ৰাজধানী চহৰখনৰ লগতে ইয়াৰ কাষৰীয়া অঞ্চলসমূহতো বৰ্তমান প্ৰচণ্ড শীতৰ প্ৰকোপ। বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা অনুসৰি, দিল্লী আৰু ইয়াৰ কাষৰীয়া অঞ্চলসমূহত দেওবাৰে পুৱা তাপমান আছিল ৪.৬ ডিগ্ৰী ছেলছিয়াছ। আনহাতে জাফাৰপুৰ, লোধী ৰোড আদি অঞ্চলত সৰ্বনিম্ন তাপমান হয় ৩.৬ ডিগ্ৰী ছেলছিয়াছ।

উল্লেখ্য যে, খ্ৰীষ্টমাচৰ পূৰ্বে অহা প্ৰচণ্ড শীতৰ বাবেই বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজধানীখনত দেও আৰু সোমবাৰে য়েল্ল এলাৰ্ট জাৰি কৰিছে। বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা মতে এইকেইটা দিনত দিল্লীত পাতলীয়া বৰষুণৰো সম্ভাৱনা আছে৷

আনহাতে, উত্তৰাখণ্ডতো শীতৰ প্ৰকোপত ব্যাহত হৈছে জনজীৱন। প্ৰচণ্ড শীতৰ বাবেই ১৮ৰ পৰা ২১ ডিচেম্বৰলৈকে উত্তৰাখণ্ডতো য়েল্ল এলাৰ্ট জাৰি কৰা হৈছে। পৰ্যটকৰ আকৰ্ষণথলী হিমাচল প্ৰদেশৰ কিছু অংশতো শূন্য ডিগ্ৰীৰ তললৈকে হ্ৰাস পাইছে তাপমাত্ৰা। বৰফেৰে ঢাক খাই পৰিছে সুউচ্চ পাহাৰ, গছ-গছনিও৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ