--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ‘এছিয়া কাপ ২০২২’ত পাকিস্তানৰ বিৰুদ্ধে ছয় স্ক’ৰ কৰি ভাৰতক জয়ৰ মুকুট পিন্ধালে টীম ইণ্ডিয়াৰ ক্ৰিকেটাৰ হার্দিক পাণ্ডিয়াই৷ ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত ৰোমাঞ্চকৰ ভাৰত-পাকিস্তানৰ খেলখনত হার্দিক পাণ্ডিয়াই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল।

হার্দিকে খেলপথাৰত সৰ্বোত্তম প্ৰদৰ্শন দিয়াৰ অন্যতম গুৰুত্বপূৰ্ণ কাৰক আছিল খাদ্য আৰু ফিটনেছ। হার্দিক পাণ্ডিয়াৰ ফিটনেছে আকৃষ্ট কৰিছে যুৱচামক। জানো আহক অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াই নিজৰ শৰীৰটো ফিট কৰি ৰাখিবলৈ কি কি নিয়ম মানি চলে-

কোনো ধৰণৰ আঘাতৰ পৰা হাত সাৰিবলৈ আৰু ব্যায়ামৰ আগতে ৱাৰ্ম আপ কৰাটো গুৰুত্বপূৰ্ণ। এই ক্ৰিকেটাৰজনে কিছু সময় উলিয়াই ৱাৰ্ম আপ কৰি দিনটোৰ আৰম্ভণি কৰে। যিয়ে তেওঁৰ ভাৰসাম্য, স্থিৰতা আৰু ভৰিৰ শক্তি বৃদ্ধি কৰাত সহায় কৰে।

তেওঁ নিয়মিতভাৱে হিট কাৰ্ডিঅ’ ৱৰ্কআউট কৰে। যিয়ে শৰীৰৰ সামগ্ৰিক স্বাস্থ্যৰ মূল শক্তি, গতিশীলতা আৰু সমন্বয় উন্নত কৰে।

ব্ৰেকফাষ্টত হাৰ্ডিকে সিজোৱা কণী বা কুকুৰাৰ বুকুৰ মাংস আৰু চয়া খায়। ইয়াৰ লগতে তেওঁ বিভিন্ন ধৰণৰ বাদাম আৰু কিচমিচ খাব খায়।

একাপ গ্ৰীণ টি হাৰ্দিক পাণ্ডিয়াই খায়। ইয়াৰ পাছত এগিলাচ সতেজ জুচ আৰু ব্লেক কফি খায়।

দুপৰীয়াৰ আহাৰত ৰুটি বা ভাত খায় হাৰ্দিক পাণ্ডিয়াই। কমকৈ মচলা দি তেলত ৰন্ধা শাক-পাচলি আৰু দাইল। তাৰ পিছত তেওঁ দৈ খায়। অৱশ্যে তেওঁ বিভিন্ন সময়ত খাদ্য সলনিও কৰে।

আৰু ৰাতিৰ আহাৰত কেতিয়াবা চালাড আৰু চুপ খায়। লগতে কেতিয়াবা ভাল, দাইল, পনীৰ বা মূৰ্গীৰ সিজোৱা মাংস খায়।










FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু