--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ‘এছিয়া কাপ ২০২২’ত পাকিস্তানৰ বিৰুদ্ধে ছয় স্ক’ৰ কৰি ভাৰতক জয়ৰ মুকুট পিন্ধালে টীম ইণ্ডিয়াৰ ক্ৰিকেটাৰ হার্দিক পাণ্ডিয়াই৷ ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত ৰোমাঞ্চকৰ ভাৰত-পাকিস্তানৰ খেলখনত হার্দিক পাণ্ডিয়াই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল।

হার্দিকে খেলপথাৰত সৰ্বোত্তম প্ৰদৰ্শন দিয়াৰ অন্যতম গুৰুত্বপূৰ্ণ কাৰক আছিল খাদ্য আৰু ফিটনেছ। হার্দিক পাণ্ডিয়াৰ ফিটনেছে আকৃষ্ট কৰিছে যুৱচামক। জানো আহক অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াই নিজৰ শৰীৰটো ফিট কৰি ৰাখিবলৈ কি কি নিয়ম মানি চলে-

কোনো ধৰণৰ আঘাতৰ পৰা হাত সাৰিবলৈ আৰু ব্যায়ামৰ আগতে ৱাৰ্ম আপ কৰাটো গুৰুত্বপূৰ্ণ। এই ক্ৰিকেটাৰজনে কিছু সময় উলিয়াই ৱাৰ্ম আপ কৰি দিনটোৰ আৰম্ভণি কৰে। যিয়ে তেওঁৰ ভাৰসাম্য, স্থিৰতা আৰু ভৰিৰ শক্তি বৃদ্ধি কৰাত সহায় কৰে।

তেওঁ নিয়মিতভাৱে হিট কাৰ্ডিঅ’ ৱৰ্কআউট কৰে। যিয়ে শৰীৰৰ সামগ্ৰিক স্বাস্থ্যৰ মূল শক্তি, গতিশীলতা আৰু সমন্বয় উন্নত কৰে।

ব্ৰেকফাষ্টত হাৰ্ডিকে সিজোৱা কণী বা কুকুৰাৰ বুকুৰ মাংস আৰু চয়া খায়। ইয়াৰ লগতে তেওঁ বিভিন্ন ধৰণৰ বাদাম আৰু কিচমিচ খাব খায়।

একাপ গ্ৰীণ টি হাৰ্দিক পাণ্ডিয়াই খায়। ইয়াৰ পাছত এগিলাচ সতেজ জুচ আৰু ব্লেক কফি খায়।

দুপৰীয়াৰ আহাৰত ৰুটি বা ভাত খায় হাৰ্দিক পাণ্ডিয়াই। কমকৈ মচলা দি তেলত ৰন্ধা শাক-পাচলি আৰু দাইল। তাৰ পিছত তেওঁ দৈ খায়। অৱশ্যে তেওঁ বিভিন্ন সময়ত খাদ্য সলনিও কৰে।

আৰু ৰাতিৰ আহাৰত কেতিয়াবা চালাড আৰু চুপ খায়। লগতে কেতিয়াবা ভাল, দাইল, পনীৰ বা মূৰ্গীৰ সিজোৱা মাংস খায়।










FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ