--°C
Loading...
Listen to Article
2 min read
80%

বিলাসীপাৰা : অৱশেষত হাত-ভৰি বন্ধা মুমূৰ্ষু অৱস্থাত উদ্ধাৰ হ'ল বিলাসীপাৰাৰ ডুবাচুৰী গাঁও পঞ্চায়তৰ সভাপতি আমিনুল হক। শুকুৰবাৰে দুপৰীয়াৰ পৰা নিৰুদ্দেশ হৈ আছিল সভাপতি হক। আজি খোৰাঘাট বন বিভাগে টহল দি থকা অৱস্থাত টিপকাই বন জংগলত প্ৰত্যক্ষ কৰে আমিনুল হকক।

আৰু পঢ়িব পাৰিব : সোণোৱাল চৰকাৰৰ প্ৰথম কাৰ্যকালৰ অন্তিম অধিৱেশনত বিজেপিৰ জয়গান

বগৰীবাৰী আৰক্ষীয়ে টিপকাই বন জংঘলৰ মাজত হাত-ভৰি বন্ধা অৱস্থাত উদ্ধাৰ কৰে সভাপতি আমিনুল হকক। পাছত সভাপতিগৰাকীক উদ্ধাৰ কৰি বগৰীবাৰী মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত চিকিৎসা কৰি বিলাসীপাৰা আৰক্ষীক গটাই দিয়ে বগৰীবাৰী আৰক্ষীয়ে। সম্প্ৰতি বিলাসীপাৰা আৰক্ষীয়ে উদ্ধাৰ কৰি নিজৰ জিম্মাত ৰাখিছে হকক।

আৰু পঢ়িব পাৰিব : শিল্পী, কলা-কুশলীক ৫০ হাজাৰকৈ আৰ্থিক সাহায্য চৰকাৰৰ…

উল্লেখ্য যে পঞ্চায়তখনৰ এটা পথ নিৰ্মাণক লৈ সভাপতি-সদস্যসকলৰ মাজত তীব্ৰ মনোমালিন্য চলি থকাৰ মাজতেই সন্ধানহীন হৈ পৰিছিল সভাপতি আমিনুল হক। পঞ্চায়তখনৰ সদস্যসকলে অপহৰণ কৰাৰ অভিযোগ পৰিয়ালৰ লোকৰ। কিন্তু কি কাৰণত অপহৰণ হৈছিল আমিনুল হক, এয়া আৰক্ষী তদন্ততহে ওলাই পৰিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ