--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক শোকাৱহ হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু ঘটিছে  ইৰানৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইচিৰ । কালিৰে পৰা ৰাইচিৰ হেলিকপ্টাৰ সন্ধানহীন হৈ থকাৰ পিছত আজি ইৰানৰ চৰকাৰে ৰাইচিৰ দুৰ্ঘটনাত পতিত হৈ  মৃত্যু মৃত্যু ঘটা বুলি প্ৰকাশ কৰিছে। ৰাইচিৰ হেলিকপ্টাৰখনে দেওবাৰে নিশা এখন   পাহাৰত খুন্দা মৰাৰ ফলত  দুৰ্ঘটনাগ্ৰস্ত হয় । কালিয়েই  ৰাইচিৰ মৃত্যু হোৱাৰ আশংকা কৰা হৈছিল। সোমবাৰে পুৱা সেই  সেই আশংকা  সঁচা হ'ল। ফলস্বৰূপে স্বাভাৱিকতে প্ৰশ্ন উত্থাপিত হৈছে  ৰাইচিৰ পিছত কোনে ইৰানৰ ৰাষ্ট্ৰপতিৰ আসনত বহিব? নিৰ্বাচন কেনেদৰে অনুষ্ঠিত হ'ব? দেওবাৰে দুৰ্ঘটনাটোৰ বাতৰি ৰাজহুৱা হোৱাৰ লগে লগে এ বুলি চৰ্চা  আৰম্ভ হৈছিল  যে যদি ৰাইচিৰ মৃত্যু হয়, ইৰানৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি কোন হ'ব? 

ইছলামিক দেশখনৰ  প্ৰথম উপ-ৰাষ্ট্ৰপতি মহম্মদ মুখবাৰৰ নামেই এতিয়া ব্যাপকভাবে চৰ্চা হৈছে।  ৰাইচিৰ মৃত্যু ঘটাৰ পিছত মুখবাৰেই  বৰ্তমান অন্তৱৰ্তীকালীন ৰাষ্ট্ৰপতি হিচাপে কাম কৰিব বুলি আশা কৰা হৈছে। অৱশ্যে, মুখবাৰে পূৰ্ণ-সময়ৰ ৰাষ্ট্ৰপতিৰ আসনত বহিবলৈ নিৰ্বাচনী প্ৰক্ৰিয়াৰ মাজেৰে যাব লাগিব। ইৰানৰ  সংবিধানৰ অনুচ্ছেদ ১৩১ অনুসৰি যদি ৰাষ্ট্ৰপতিৰ মৃত্যু হয় তেন্তে  প্ৰথম উপ ৰাষ্ট্ৰপতিয়ে অস্থায়ীভাৱে এই পদগ্ৰহণ কৰিব। তাৰ পিছত নতুন ৰাষ্ট্ৰপতিৰ বাবে নিৰ্বাচন প্ৰক্ৰিয়া অহা ৫০ দিনৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব।  অৱশ্যে, তেহৰাণৰ ৰাজনৈতিক চক্ৰই কয় যে ইৰাণৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি হোৱাৰ পথত মুখবাৰৰ বেছি বাধা  নাই। তেওঁক খোমেইনিৰ অতি ঘনিষ্ঠ বুলি জনা যায়। ৰাইচিৰ সৈতেও মুখবাৰৰ ভাল সম্পৰ্ক আছিল। ফলস্বৰূপে   ২০২৫ চনত ইৰাণত ৰাষ্ট্ৰপতি নিৰ্বাচন অনুষ্ঠিত হ'ব লাগিছিল।

 কিন্তু ৰাইচিৰ আকস্মিক মৃত্যুৱে  নিৰ্বাচন আগুৱাই আনিলে। ইব্ৰাহিম ৰাইচি ২০২১ চনত বৃহৎ ভোটৰ ব্যৱধানত ৰাষ্ট্ৰপতি নিৰ্বাচিত হৈছিল। তেওঁ তেতিয়াৰ ৰাষ্ট্ৰপতি হাছান ৰুহানিক পৰাস্ত কৰিছিল। এজন কঠোৰপন্থী হিচাপে ৰাইচি পৰিচিত আছিল। এটা সময়ত আমেৰিকাই মানৱ অধিকাৰ উলংঘনৰ বাবে ৰাইচিৰ বিৰুদ্ধে  নিষেধাজ্ঞা আৰোপ কৰিছিল। আমেৰিকা যুক্তৰাষ্ট্ৰকে ধৰি পশ্চিমীয়া দেশবোৰে ৰাইচিক সদায় সমালোচনা কৰি আহিছে। তেওঁৰ চৰকাৰৰ কাৰ্যকালতে ২০২২ চনত  ইৰানত হিজাব বিতৰ্কই  ভয়াৱহ  ৰূপ লৈছিল। সমগ্ৰ দেশ উত্তেজিত হৈ পৰিছিল। ইফালে, শেহতীয়া বছৰবোৰত ইজৰাইলৰ সৈতে  ইৰানৰ সংঘাত তীব্ৰতৰ হৈছে। ফলস্বৰূপে  ৰাইচিৰ মৃত্যুৱে আন্তৰ্জাতিক সম্প্ৰদায়ত নানান  জল্পনা-কল্পনাৰ সৃষ্টি কৰিছে।  প্ৰশ্নটো হ'ল ৰাইচিৰ মৃত্যু সঁচাকৈয়ে  এটা দুৰ্ঘটনা আছিল নে ইয়াৰ আঁৰত কোনো ষড়যন্ত্ৰ আছে? 

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক