--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক শোকাৱহ হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু ঘটিছে  ইৰানৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইচিৰ । কালিৰে পৰা ৰাইচিৰ হেলিকপ্টাৰ সন্ধানহীন হৈ থকাৰ পিছত আজি ইৰানৰ চৰকাৰে ৰাইচিৰ দুৰ্ঘটনাত পতিত হৈ  মৃত্যু মৃত্যু ঘটা বুলি প্ৰকাশ কৰিছে। ৰাইচিৰ হেলিকপ্টাৰখনে দেওবাৰে নিশা এখন   পাহাৰত খুন্দা মৰাৰ ফলত  দুৰ্ঘটনাগ্ৰস্ত হয় । কালিয়েই  ৰাইচিৰ মৃত্যু হোৱাৰ আশংকা কৰা হৈছিল। সোমবাৰে পুৱা সেই  সেই আশংকা  সঁচা হ'ল। ফলস্বৰূপে স্বাভাৱিকতে প্ৰশ্ন উত্থাপিত হৈছে  ৰাইচিৰ পিছত কোনে ইৰানৰ ৰাষ্ট্ৰপতিৰ আসনত বহিব? নিৰ্বাচন কেনেদৰে অনুষ্ঠিত হ'ব? দেওবাৰে দুৰ্ঘটনাটোৰ বাতৰি ৰাজহুৱা হোৱাৰ লগে লগে এ বুলি চৰ্চা  আৰম্ভ হৈছিল  যে যদি ৰাইচিৰ মৃত্যু হয়, ইৰানৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি কোন হ'ব? 

ইছলামিক দেশখনৰ  প্ৰথম উপ-ৰাষ্ট্ৰপতি মহম্মদ মুখবাৰৰ নামেই এতিয়া ব্যাপকভাবে চৰ্চা হৈছে।  ৰাইচিৰ মৃত্যু ঘটাৰ পিছত মুখবাৰেই  বৰ্তমান অন্তৱৰ্তীকালীন ৰাষ্ট্ৰপতি হিচাপে কাম কৰিব বুলি আশা কৰা হৈছে। অৱশ্যে, মুখবাৰে পূৰ্ণ-সময়ৰ ৰাষ্ট্ৰপতিৰ আসনত বহিবলৈ নিৰ্বাচনী প্ৰক্ৰিয়াৰ মাজেৰে যাব লাগিব। ইৰানৰ  সংবিধানৰ অনুচ্ছেদ ১৩১ অনুসৰি যদি ৰাষ্ট্ৰপতিৰ মৃত্যু হয় তেন্তে  প্ৰথম উপ ৰাষ্ট্ৰপতিয়ে অস্থায়ীভাৱে এই পদগ্ৰহণ কৰিব। তাৰ পিছত নতুন ৰাষ্ট্ৰপতিৰ বাবে নিৰ্বাচন প্ৰক্ৰিয়া অহা ৫০ দিনৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব।  অৱশ্যে, তেহৰাণৰ ৰাজনৈতিক চক্ৰই কয় যে ইৰাণৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি হোৱাৰ পথত মুখবাৰৰ বেছি বাধা  নাই। তেওঁক খোমেইনিৰ অতি ঘনিষ্ঠ বুলি জনা যায়। ৰাইচিৰ সৈতেও মুখবাৰৰ ভাল সম্পৰ্ক আছিল। ফলস্বৰূপে   ২০২৫ চনত ইৰাণত ৰাষ্ট্ৰপতি নিৰ্বাচন অনুষ্ঠিত হ'ব লাগিছিল।

 কিন্তু ৰাইচিৰ আকস্মিক মৃত্যুৱে  নিৰ্বাচন আগুৱাই আনিলে। ইব্ৰাহিম ৰাইচি ২০২১ চনত বৃহৎ ভোটৰ ব্যৱধানত ৰাষ্ট্ৰপতি নিৰ্বাচিত হৈছিল। তেওঁ তেতিয়াৰ ৰাষ্ট্ৰপতি হাছান ৰুহানিক পৰাস্ত কৰিছিল। এজন কঠোৰপন্থী হিচাপে ৰাইচি পৰিচিত আছিল। এটা সময়ত আমেৰিকাই মানৱ অধিকাৰ উলংঘনৰ বাবে ৰাইচিৰ বিৰুদ্ধে  নিষেধাজ্ঞা আৰোপ কৰিছিল। আমেৰিকা যুক্তৰাষ্ট্ৰকে ধৰি পশ্চিমীয়া দেশবোৰে ৰাইচিক সদায় সমালোচনা কৰি আহিছে। তেওঁৰ চৰকাৰৰ কাৰ্যকালতে ২০২২ চনত  ইৰানত হিজাব বিতৰ্কই  ভয়াৱহ  ৰূপ লৈছিল। সমগ্ৰ দেশ উত্তেজিত হৈ পৰিছিল। ইফালে, শেহতীয়া বছৰবোৰত ইজৰাইলৰ সৈতে  ইৰানৰ সংঘাত তীব্ৰতৰ হৈছে। ফলস্বৰূপে  ৰাইচিৰ মৃত্যুৱে আন্তৰ্জাতিক সম্প্ৰদায়ত নানান  জল্পনা-কল্পনাৰ সৃষ্টি কৰিছে।  প্ৰশ্নটো হ'ল ৰাইচিৰ মৃত্যু সঁচাকৈয়ে  এটা দুৰ্ঘটনা আছিল নে ইয়াৰ আঁৰত কোনো ষড়যন্ত্ৰ আছে? 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন