--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • প্ৰত্যেকটা বাৰ্কিন বেগ সম্পূৰ্ণৰূপে হাতেৰে বনোৱা হয় আৰু ইয়াক প্ৰস্তুত কৰিবলৈ ১৮ ঘণ্টাৰ পৰা ৪০ ঘণ্টালৈকে সময় লাগে

ডিজিটেল ডেস্কঃ এটা বেগ যিটো প্ৰায় ৪২ বছৰ পুৰণি, জীৰ্ণ হৈ পৰিছে—ইয়াৰ দাম কিমান হ’ব পাৰে? কল্পনা কৰিলেও আপুনি হয়তো সেই পৰিমাণলৈ যাব নোৱাৰিব, যিমানত এই বেগটো প্ৰকৃততে বিক্ৰী হ’ল।


এইটো আজিলৈকে বিশ্বৰ আটাইতকৈ দামী হেণ্ডবেগ হিচাপে বিক্ৰী হোৱাৰ গৌৰৱ অৰ্জন কৰিছে। ইয়াৰ আগতে কেতিয়াও কোনো বেগ ইমান বেছি দামত বিক্ৰী হোৱা নাই। কথিত বেগটো হৈছে বাৰ্কিন বেগ।


Bag


ইণ্ডিয়া টুডেৰ প্রতিবেদন অনুসৰি, ২০২৫ চনৰ ১০ জুলাই বৃহস্পতিবাৰে পেৰিছত অনুষ্ঠিত এটা ঐতিহাসিক নিলামত এই বাৰ্কিন বেগটো ১০.১ মিলিয়ন ডলাৰত (প্ৰায় ৮৭ কোটি টকা) বিক্ৰী হয়। এই বেগটোৱে নিলামত এক অভিলেখ সৃষ্টি কৰিছে। এইটো এতিয়ালৈকে বিক্ৰী হোৱা দ্বিতীয় সৰ্বাধিক মূল্যবান বিলাসী সামগ্ৰী। প্ৰথম স্থানত আছে “দ্য উইজাৰ্ড অৱ অ’জ” চিনেমাখনৰ ৰুবী-লাল চেপ্পল, যি ২০২৪ চনত ৩২.৫ মিলিয়ন ডলাৰত বিক্ৰী হৈছিল।


মাত্র ১০ মিনিটত ৯ জনে পাল্লা দিছিল নিলামত


প্ৰতিবেদন অনুসৰি, নিলামৰ আৰম্ভণি ১ মিলিয়ন ডলাৰ, অৰ্থাৎ প্ৰায় ৮.৬ কোটি টকাৰে হৈছিল। লোকসকল উদগ্ৰীবভাৱে নিলামত অংশ লৈছিল। মাত্ৰ ১০ মিনিটত সম্পূৰ্ণ নিলামৰ প্ৰক্ৰিয়া সম্পন্ন হয়। শেষত জয় হয় এজন জাপানী ব্যক্তিৰ। তেওঁৰ প্ৰতিনিধি হিচাপে Sotheby’s Japan-ৰ মাইকো ইচিকাৱাই নিলামত অংশ লৈছিল।


অ'জি বাৰ্কিন: কেৱল এটা বেগ নহয়, ই এক ইতিহাস


এই বেগটো বিশেষ কাৰণত অনন্য। কাৰণ, এইটো হ’ল মূল বাৰ্কিন বেগ। এইটো সেই বেগ, যি জনপ্ৰিয় অভিনেত্ৰী জেন বাৰ্কিনৰ (J.B.) বাবে বিশেষকৈ তৈয়াৰ কৰা হৈছিল। তেওঁ ১৯৮৫ চনৰ পৰা ১৯৯৪ চনলৈকে প্ৰতিদিনে এই বেগ ব্যৱহাৰ কৰিছিল। এই বেগত জেন বাৰ্কিনৰ পাৰফিউম, নেইল কাটাৰ, ষ্টিকাৰ আৰু তেওঁৰ ব্যক্তিগত সামগ্ৰীসমূহো আছিল। এই বাৰ্কিন বেগটো আন আন বাৰ্কিন বেগৰ পৰা সম্পূৰ্ণ ভিন্ন, কাৰণ ইয়াৰ আকাৰ, ধাতুৰ খুটিনাটি আৰু ষ্ট্ৰেপ ডিজাইন কেতিয়াও পুনৰ সৃষ্টি কৰা হোৱা নাই।


বাৰ্কিন বেগৰ কাহিনী


এই আইকনিক বেগটোৰ আৰম্ভণি হৈছিল ১৯৮৪ চনত এখন বিমানযাত্ৰাৰ সময়ত। তেতিয়া জনপ্ৰিয় অভিনেত্ৰী জেন বাৰ্কিন পেৰিছৰ পৰা লণ্ডনলৈ গৈ আছিল। তেওঁৰ লগত বহি থকা হাৰ্মিছ (Hermès) কোম্পানীৰ CEO জীন-লুই ডিউমাক কৈছিল যে, তেওঁ এজনী মহিলা হিচাপে এটা ষ্টাইলিশ কিন্তু ব্যৱহাৰিক দিশত সুবিধাজনক বেগ বিচাৰে। ডিউমাই তেতিয়া জেনক বেগৰ ডিজাইনৰ এটা উদাহৰণ দিবলৈ কৈছিল। তাৰ পিছতে জেনে নিজে বেগটোৰ ডিজাইন আঁকি দিয়ে।


এই বেগটো তেতিয়া আৰু বিখ্যাত হৈ পৰে যেতিয়া ইয়াক জনপ্ৰিয় টিভি ছিৰিজ "চেক্স এণ্ড দ্য চিটি" ত দেখুওৱা হয়। এই বেগক লৈ এগৰাকী চৰিত্ৰই কোৱা এটা বাক্য বিশেষকৈ জনপ্ৰিয় হয়— "এইটো বেগ নহয়, এইটো বাৰ্কিন।"

আজিকালি এই বেগ কেৱল এটা ফেশ্বন আইটেম নহয়, ই বিলাসিতা আৰু সামাজিক প্ৰতিষ্ঠাৰ এক প্ৰতীক হিচাপে পৰিগণিত হৈছে।


বাৰ্কিন কিয় ইমান বিশেষ?


প্ৰত্যেকটা বাৰ্কিন বেগ সম্পূৰ্ণৰূপে হাতেৰে বনোৱা হয় আৰু ইয়াক প্ৰস্তুত কৰিবলৈ ১৮ ঘণ্টাৰ পৰা ৪০ ঘণ্টালৈকে সময় লাগে। প্ৰতিটো বেগত এটা বিশেষ ইউনিক ক’ড আৰু বনোৱা শিল্পীৰ স্বাক্ষৰ থাকে। এই বেগ ক্ৰয় কৰিবলৈ কেৱল ধনৰ প্ৰয়োজন নহয়, হাৰ্মেছ ষ্টোৰৰ সৈতে ব্যক্তিগত সম্পৰ্ক স্থাপন কৰিবলগীয়া হয়।


এইটো কেৱল ফেশ্বন সামগ্ৰী নহয়, বিনিয়োগৰ ক্ষেত্ৰতো এটা উন্নত বিকল্প। এক প্ৰতিবেদন অনুসৰি, ২০২০ চনত হাৰ্মেছ বাৰ্কিন বেগৰ গড় লাভৰ হাৰ আছিল ৩৮ শতাংশ। ইয়াৰ পুনঃবিক্ৰয় মূল্যই সোণৰ মূল্যকো অতিক্ৰম কৰিছে।


ভিক্ট’ৰিয়া বেকহেম, কিম কাৰ্দাশিয়ান, নীতা আম্বানী, জাহ্নবী কাপুৰ, কৰিনা কাপুৰ আদি বহুজন বিশিষ্ট ব্যক্তিত্বই এই বেগ ব্যৱহাৰ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ