--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • এই চুক্তিৰ মূল উদ্দেশ্য পাকিস্তানৰ ষ্টীল উৎপাদন পুনৰ আৰম্ভ আৰু ইয়াৰ বিস্তাৰ সাধন কৰা

ডিজিটেল ডেস্কঃ ভাৰতৰ বন্ধু দেশ ৰাছিয়াৰ সৈতে ঘনিষ্ঠতা বৃদ্ধি কৰাত ব্যস্ত পাকিস্তান। এই সন্দৰ্ভত পাকিস্তানে ৰাছিয়াৰ সৈতে নতুন চুক্তি স্বাক্ষৰ কৰিছে।


ৰাছিয়াত থকা পাকিস্তানৰ দূতাবাসে শুকুৰবাৰে কয় যে পাকিস্তান আৰু ৰাছিয়াই কৰাচীত অৱস্থিত পাকিস্তান ষ্টীল মিল (পি এছ এম) পুনৰ আৰম্ভ কৰাৰ বাবে এক প্ৰট’কলত স্বাক্ষৰ কৰিছে। চুক্তি স্বাক্ষৰিত হোৱাৰ পাছত পাকিস্তান আৰু ৰাছিয়াৰ মাজত দীৰ্ঘম্যাদী ঔদ্যোগিক অংশীদাৰিত্ব পুনৰ দৃঢ় কৰে পাকিস্তান দূতাবাসে ।


ৰাছিয়াৰ ৰাজধানী মস্কোত থকা পাকিস্তানৰ দূতাবাসত এই চুক্তি স্বাক্ষৰিত হয় যত পাকিস্তানৰ হৈ উদ্যোগ আৰু উৎপাদন সচিব ছাইফ আঞ্জুম আৰু ৰাছিয়াৰ হৈ ঔদ্যোগিক অভিযান্ত্ৰিক এল. এল. চি.ৰ সাধাৰণ সঞ্চালক ভাদিম ভেলিচকোৱে এই চুক্তি স্বাক্ষৰ কৰে। ইফালে চুক্তি স্বাক্ষৰ কৰাৰ সময়ত ৰাছিয়াত পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ বিশেষ সচিব হাৰুণ আখতাৰ খান আৰু ৰাছিয়াত থকা পাকিস্তানৰ ৰাষ্ট্ৰদূত মহম্মদ খালিদ জামালিও উপস্থিত থাকে।


এই চুক্তিৰ মূল উদ্দেশ্য পাকিস্তানৰ ষ্টীল উৎপাদন পুনৰ আৰম্ভ আৰু ইয়াৰ বিস্তাৰ সাধন কৰা । ইয়াৰ সময়ত এছএপি এম হাৰুণ আখতাৰ খানে কয়, “ৰাছিয়াৰ সহযোগত পাকিস্তান ষ্টীল মিল (পিএছএম) পুনৰ আৰম্ভ কৰাটোৱে আমাৰ ভাগ-বতৰা কৰা ইতিহাস আৰু শক্তিশালী ঔদ্যোগিক ভৱিষ্যতৰ প্ৰতি আমাৰ দায়বদ্ধতাক প্ৰতিফলিত কৰে।”


ৰাছিয়াত থকা পাকিস্তান দূতাবাসৰ মতে, ১৯৭৩ চনত ছোভিয়েট ইউনিয়নৰ সহায়ত স্থাপিত কৰাচীত পাকিস্তান ষ্টীল মিল (পিএছএম) পাকিস্তান-ৰাছিয়াৰ সম্পৰ্কৰ চিৰস্থায়ী প্ৰতীক হিচাপে গঢ় লৈ উঠিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ