--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : উপাসনাই মানুহৰ মনলৈ শান্তি, সুখ-সমৃদ্ধিৰ লগতে ইতিবাচকতাও আনে। সেয়েহে দেৱ-দেৱীক সন্তুষ্ট কৰিবলৈ মানুহে নিতৌ পূজা-অৰ্চনা কৰে। কাৰণ ঈশ্বৰৰ আশীৰ্বাদে জীৱনত সুখ-আনন্দ কঢ়িয়াই আনে বুলি বিশ্বাস কৰা হয়। কিন্তু বহু সময়ত দেখা যায় যে মানুহে পূজা কৰাৰ পাছতো তাৰ সম্পূৰ্ণ ফল নাপায় বা এজনে ব্যক্তিয়ে জীৱনত বহু কষ্ট কৰাৰ পাছতো তাৰ যথোচিত ফল নাপায় কিয়?

*  পূজা কৰাৰ সঠিক সময় আৰু পদ্ধতি-
ঈশ্বৰ উপাসনাৰ বহুতো নিয়ম তথা শুদ্ধ পদ্ধতি ধৰ্মশাস্ত্ৰত উল্লেখ কৰা হৈছে। ইয়াৰ ভিতৰত পূজা কৰাৰ উপযুক্ত সময়ো অন্তৰ্ভুক্ত। পূজাৰ পূৰ্ণ ফল বা গুণ তেতিয়াহে লাভ কৰে, যেতিয়া পূজাৰ পদ্ধতি শুদ্ধ হয় আৰু সঠিক সময়ত কৰা হয়। অন্যথা ভুল সময়ত কৰা পূজা আধৰুৱা বুলি গণ্য কৰা হয়। সেয়েহে আমি পূজা কৰাৰ উপযুক্ত সময় আৰু পদ্ধি সম্পৰ্কে কিছু কথা জানো আহক।

* এই সময়ত পূজা নকৰিব-
১. ধৰ্মশাস্ত্ৰ অনুযায়ী দুপৰীয়া পূজা কৰা উচিত নহয়। এই সময় পূজাৰ বাবে নিষিদ্ধ বুলি গণ্য কৰা হয়। সেয়েহে দুপৰীয়া কিছু সময়ৰ বাবে মন্দিৰৰ দুৱাৰবোৰো বন্ধ হৈ থাকে। দুপৰীয়া ১২ বজাৰ পৰা ৩ বজাৰ ভিতৰত কৰা পূজা ঈশ্বৰে গ্ৰহণ নকৰে বুলি বিশ্বাস কৰা হয়। এই সময়ত কৰা পূজাৰ ফল পোৱা নাযায়।
২. আৰতি কৰাৰ পাছত কেতিয়াও পূজা নকৰিব। পূজাৰ শেষত সদায় আৰতি কৰা হয়।
৩. পূজা সদায় বিশুদ্ধ আৰু পবিত্ৰ অৱস্থাত কৰা উচিত। মাহেকীয়াৰ সময়ত মহিলাসকলে পূজা কৰাটো নিষিদ্ধ।
৪. যেতিয়া ঘৰত সুতক আৰু পাটক স্থাপন কৰা হয়। অৰ্থাৎ যেতিয়া ঘৰত সন্তান জন্ম হয় বা কোনো সদস্যৰ মৃত্যু হয়। সেই সময়ত পূজা কৰা উচিত নহয়।
৫. হিন্দুধৰ্মত সূৰ্যগ্ৰহণ আৰু চন্দ্ৰগ্ৰহণৰ সময়ত পূজা কৰা নিষিদ্ধ। গতিকে সূৰ্যগ্ৰহণৰ সময়ত পূজা নকৰিব। অৱশ্যে এই সময়ত আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি মন্ত্ৰ জপ কৰা হয়।

* পূজাৰ বাবে সঠিক সময়-
ধৰ্মগ্ৰন্থত পূজাৰ বাবে শুভ সময়ৰ কথা উল্লেখ কৰা হৈছে। এই সময়ত পূজা কৰাটো অতি শুভ-
প্ৰথম পূজাৰ সময়- ব্ৰহ্ম মুহূৰ্ত পুৱা ০৪:৩০ বজাৰ পৰা ৫:০০ বজালৈ
দ্বিতীয় পূজা – পুৱা ০৯ বজালৈ
দুপৰীয়াৰ পূজা – দুপৰীয়া ১২ বজাত
সন্ধিয়া পূজা- সন্ধিয়া ০৪:৩০ৰ পৰা ৬:০০ বজালৈ
শয়ন পূজা - নিশা ৯:০০ বজাত








FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ