--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : শ্ৰীমদ্ভ ভাগৱত গীতাত ভগৱান শ্ৰীকৃষ্ণৰ বহুতো উপদেশৰ কথা বৰ্ণনা কৰা হৈছে। গীতাৰ এই শিক্ষাসমূহ মহাভাৰতৰ যুদ্ধৰ সময়ত অৰ্জুনক শ্ৰীকৃষ্ণই দিছিল। গীতাত দিয়া শিক্ষা আজিও সমানেই প্ৰাসংগিক আৰু সঠিক জীৱন-যাপনৰ পথ প্ৰদৰ্শক। গীতাৰ কথা গ্রহণ কৰি জীৱনত এজন ব্যক্তিয়ে বহুতো অগ্ৰগতি লাভ কৰে। গীতা একমাত্ৰ শাস্ত্ৰ যিয়ে মানুহক সঠিকভাৱে জীৱন-যাপন কৰিবলৈ শিক্ষা প্ৰদান কৰে। গীতাই জীৱনত ধৰ্ম, কৰ্ম আৰু প্ৰেমৰ পাঠ শিকায়। গীতাত শ্ৰীকৃষ্ণই জীৱনত কিয় সমস্যাৰ সৃষ্টি হয় আৰু ইয়াৰ সমাধান কি তাক সুন্দৰকৈ ব্যাখ্যা দাঙি ধৰিছে।

প্ৰেমে জীৱনত শান্তি আনে-
* শ্ৰীকৃষ্ণই গীতাত কৈছে যে বেয়া কাম মনত বোজা থকাৰ দৰে, সেয়া সদায় মনত ৰখা উচিত। গতিকে সদায় বেয়া চিন্তাৰ পৰা মনটো আঁতৰাই ভাল চিন্তাৰে নিজকে প্ৰতিস্থাপন কৰক।

* গীতাত উল্লেখ আছে যে প্ৰতিজন লোকৰে জীৱনটো এটা নিৰ্দিষ্ট সময় বাবেহে, সেয়েহে তেওঁ আনৰ সমালোচনা কৰি নষ্ট কৰিব নালাগে।

* গীতাৰ মতে প্ৰতিজন ব্যক্তিয়ে চিন্তা-চৰ্চা কৰি নিজৰ কৰ্ম কৰিব লাগে কাৰণ ভৱিষ্যতে আমি নিজৰ কৰ্ম অনুযায়ী পৰিণাম ভোগ কৰিব লাগিব। 




* শ্ৰীকৃষ্ণই কৈছে যে এই জীৱনৰ আধাৰ প্ৰেম। যিজনৰ জীৱনত প্ৰেম আছে তেওঁৰ জীৱনত শান্তি আছে কাৰণ শান্তি কেৱল প্ৰেমতহে পোৱা যায়।

* গীতাৰ মতে জীৱনত একমাত্ৰ সমস্যা হৈছে ভুল চিন্তাধাৰা। সঠিক চিন্তাই আপোনাৰ সকলো সমস্যাৰ সমাধান কৰিব পাৰে। শ্ৰীকৃষ্ণই কৈছে যে মানুহে নিজৰ মনৰ পৰিৱৰ্তে কৰ্মত মনোনিৱেশ কৰাটো প্ৰতিজন মানুহৰ চূড়ান্ত কৰ্তব্য হ’ব লাগে।

* গীতাত উল্লেখ আছে যে যেতিয়া মানুহৰ মনত অহংকাৰ, ঈৰ্ষা আৰু ঘৃণা সম্পূৰ্ণৰূপে শিপাই যায়, তেতিয়া তেওঁৰ পতন নিশ্চিত। এই সকলোবোৰ প্ৰৱণতাই মানুহক ভিতৰৰ পৰা ধ্বংস কৰিবলৈ আৰম্ভ কৰে।

* শ্ৰীকৃষ্ণই কৈছে যে এই শৰীৰটো এক যুদ্ধক্ষেত্ৰ। শৰীৰত দুটা সেনাবাহিনী আছে, এটা পাণ্ডৱ অৰ্থাৎ গুণী আৰু এটা কৌৰৱ অৰ্থাৎ পাপী। মানুহ মনত এই দুয়োটায়ে সদায় বিভ্ৰান্তি সৃষ্টি কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
১২ আগষ্টত ঘটিব ৩টা মহাজাগতিক ঘটনা
প্রলয়ংকৰী বানত পোত গ’ল উজনিৰ ৪ জিলাৰ হাজাৰ হাজাৰ বিঘা খেতিপথাৰ
UPIৰ লেনদেনত গ্রাহকে ভৰিব নালাগে মাচুল: নির্মলা সীতাৰমণ
বানে সৃষ্টি কৰা সমস্যা দূৰ কৰিবলৈ ‘অসম বান-সহায় সেতু’ নিৰ্মাণ যুৱ উদ্যোগী প্ৰীতম ৰঞ্জন ডেকাৰ
শীঘ্ৰেই মুকলি হ’ব হৰমুজ প্রণালী; ইৰান-ওমানৰ মাজত বুজাবুজি
অসম প্ৰিমিয়াৰ লীগ: নগাঁও ৰেঞ্জাৰ্চৰ বিৰুদ্ধে ৭০ ৰানৰ বৃহৎ বিজয় সাব্যস্ত বৰপেটা ব্ৰেভছৰ
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ স্থায়ী সমাধানৰ বাবে কৌশলগত পদক্ষেপ; IIT গুৱাহাটীৰ সৈতে অসম চৰকাৰৰ সহযোগিতা
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত