--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: টি-২০ ক্ৰিকেটত শেহতীয়া ফৰ্মহীনতাৰ অৱসান ঘটাই স্বভাৱসিদ্ধ প্ৰদৰ্শনেৰে পুনৰ উজলি উঠিছে ভাৰতীয় দলৰ অধিনায়ক ৰোহিত শৰ্মা। ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দ্বিপাক্ষিক টি-২০ শৃংখলাৰ প্ৰথমখন টি-২০ত শুকুৰবাৰে হিটমেন খ্যাত ৰোহিতে এক দৰ্শনীয় অৰ্ধশতকীয় ইনিংছেৰে ভাৰতৰ বিজয়ত অনবদ্য ভূমিকা লয়। ভাৰতীয় ইনিংছ মুকলি কৰি ৰোহিতে মাত্ৰ ৪৪ টা বলত ৭ টা চাৰি আৰু ২ টা ছয়ৰ সমাহাৰেৰে ৬৪ ৰানৰ এক দুৰ্দান্ত ইনিংছ খেলে। এই ইনিংছটোৰ সহায়ত ৰোহিত শৰ্মাই আন্ত:ৰাষ্টীয় টি-২০ ক্ৰিকেটত দুটাকৈ নতুন অভিলেখ স্থাপন কৰে।

এই অৰ্ধশতকীয় ইনিংছটোৰে ৰোহিতৰ শৰ্মাই নিউজিলেণ্ডৰ বেটাৰ মাৰ্টিন গুপ্টিলক অতিক্ৰম কৰি টি-২০ ক্ৰিকেটত সৰ্বাধিক ৰান সংগ্ৰহকাৰী হিচাপে পৰিগণিত হয়। নিজৰ আন্ত:ৰাষ্ট্ৰীয় টি-২০ কেৰিয়াৰত ৰোহিতে এতিয়ালৈকে ২৭ টা অৰ্ধশতক আৰু ৪ টা শতকৰ সহায়ত ১২৯ খন মেচত ৩,৪৪৩ ৰান সংগ্ৰহ কৰিছে।

ইয়াৰ পূৰ্বে এই অভিলেখ নিজৰ নামত ধৰি ৰখা গুপ্টিলে কেৰিয়াৰৰ ১১৬ খন টি-২০ মেচত ২০ টা অৰ্ধশতক আৰু ৩টা শতকৰ সহায়ত ৩,৩৯৯ ৰাণ সংগ্ৰহ কৰিছে।

আনহাতে এই তালিকাত তৃতীয় স্থানত আছে ভাৰতৰ প্ৰাক্তন অধিনায়ক তথা তাৰকা ক্ৰিকেটাৰ বিৰাট কোহলী। কোহলীয়ে ৯৯ খন মেচত ৫০.১২ ৰ চমকপ্ৰদ গড়ে ৩,৩০৮ ৰাণ সংগ্ৰহ কৰিছে। আয়াৰলেণ্ডৰ পল ষ্টাৰ্লিং ২,৮৯৪ ৰানেৰে তালিকাৰ চতুৰ্থ স্থানত আৰু অষ্ট্ৰেলিয়াৰ অধিনায়ক এৰন ফিঞ্চ ২,৮৫৫ ৰানেৰে পঞ্চম স্থানত আছে।

ইফালে কালিৰ সতীৰ্থ বিৰাট কোহলীক অতিক্ৰম কৰি আন এক নতুন টি-২০ ৰেকৰ্ডো স্থানত কৰে ৰোহিতে। মেচখনত অৰ্ধশতকীয় ইনিংছটোৰে ৰোহিতৰ শৰ্মাই টি-২০ ক্ৰিকেটত ২৭ টা অৰ্ধশতক আৰু ৪ টা শতকৰ সৈতে ৫০ উৰ্দ্ধৰ ইনিংছৰ সংখ্যা ৩১ লৈ বৃদ্ধি কৰে। 

এইদৰে ৰোহিতে বিৰাট কোহলীৰ নামত থকা সৰ্বাধিক পঞ্চাশোধিক ৰানৰ ইনিংছৰ ৰেকৰ্ড ভংগ কৰে। ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টি-২০ শৃংখলাত বিশ্ৰাম দিয়া কোহলীয়ে টি-২০ ফৰ্মেটত মুঠ ৩০ টা পঞ্চাশোধিক ৰানৰ ইনিংছ খেলিছে। 

অৱশ্যে তাৰকাগৰাকীয়ে এইপৰ্যন্ত ক্ৰিকেটৰ এই সৰু ফৰ্মেটোত শতক অৰ্জন কৰিবলৈ সক্ষম হোৱা নাই। এই তালিকাত ২৭ টা ৫০ উৰ্দ্ধৰ ইনিংছেৰে তৃতীয় স্থানত আছে পাকিস্তানৰ অধিনায়ক বাবৰ আজম।

উল্লেখ্য যে কালিৰ মেচখনত বেটে-বলে অলৰাউণ্ড প্ৰদৰ্শন দাঙি ধৰি ভাৰতে ৱেষ্ট ইণ্ডিজক ৬৮ ৰানত পৰাস্ত কৰে। প্ৰথমে বেটিং কৰি ভাৰত ৰোহিত শৰ্মাৰ ৬৪ ৰান আৰু দিনেশ কাৰ্তিকৰ আক্ৰমণাত্মক ৪১ ৰানৰ ইনিংছৰ সহায়ত ৱেষ্ট ইণ্ডিজৰ সমুখত ১৯১ ৰানৰ লক্ষ্য থিয় কৰায়।

কিন্তু ভাৰতীয় দলৰ সন্মিলিত আৰু নিয়ন্ত্ৰিত বলিং আক্ৰমণৰ সন্মুখত দিশহাৰা হৈ পৰা ঘৰুৱা দলটোৱে এই লক্ষ্য অতিক্ৰম কৰি মাত্ৰ ১২২ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয়। এই জয়েৰে ভাৰতে পাঁচখনীয়া মেচৰ শৃংখলাটোত ১-০ ৰ অগ্ৰগতি লাভ কৰিছে। শৃংখলাৰ দ্বিতীয়খন মেচ ১ আগষ্টত অনুষ্ঠিত হ’ব।






FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
জুবিন গাৰ্গৰ অতি জনপ্ৰিয় ২৫ টা গীত নিৰ্ধাৰণ; নতুন অসমীয়া ছবি ‘১৮ নৱেম্বৰ’ৰ গীতৰ অডিচন আৰম্ভ
অটোৰিক্সাৰ পৰা হেৰ’ইন জব্দ; চালকক গ্ৰেপ্তাৰ ধলাই আৰক্ষীৰ
কল পচলাৰ আছে নানা গুণ; আপুনি খাই ভালপায়নে?
চৰকাৰী হাস্পতালতে থাকিব সোনম ৱাংচুক; ব্যক্তিগত চিকিৎসালয়লৈ নিয়াৰ আবেদন অগ্রাহ্য আদালতৰ
৬০ বছৰৰ মূৰত গুজৰাটৰ গিৰ ৰাষ্ট্ৰীয় উদ্যানলৈ ঘূৰি আহিছে ইণ্ডিয়ান গ্রে’ হর্নবিল
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement