--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: টি-২০ ক্ৰিকেটত শেহতীয়া ফৰ্মহীনতাৰ অৱসান ঘটাই স্বভাৱসিদ্ধ প্ৰদৰ্শনেৰে পুনৰ উজলি উঠিছে ভাৰতীয় দলৰ অধিনায়ক ৰোহিত শৰ্মা। ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দ্বিপাক্ষিক টি-২০ শৃংখলাৰ প্ৰথমখন টি-২০ত শুকুৰবাৰে হিটমেন খ্যাত ৰোহিতে এক দৰ্শনীয় অৰ্ধশতকীয় ইনিংছেৰে ভাৰতৰ বিজয়ত অনবদ্য ভূমিকা লয়। ভাৰতীয় ইনিংছ মুকলি কৰি ৰোহিতে মাত্ৰ ৪৪ টা বলত ৭ টা চাৰি আৰু ২ টা ছয়ৰ সমাহাৰেৰে ৬৪ ৰানৰ এক দুৰ্দান্ত ইনিংছ খেলে। এই ইনিংছটোৰ সহায়ত ৰোহিত শৰ্মাই আন্ত:ৰাষ্টীয় টি-২০ ক্ৰিকেটত দুটাকৈ নতুন অভিলেখ স্থাপন কৰে।

এই অৰ্ধশতকীয় ইনিংছটোৰে ৰোহিতৰ শৰ্মাই নিউজিলেণ্ডৰ বেটাৰ মাৰ্টিন গুপ্টিলক অতিক্ৰম কৰি টি-২০ ক্ৰিকেটত সৰ্বাধিক ৰান সংগ্ৰহকাৰী হিচাপে পৰিগণিত হয়। নিজৰ আন্ত:ৰাষ্ট্ৰীয় টি-২০ কেৰিয়াৰত ৰোহিতে এতিয়ালৈকে ২৭ টা অৰ্ধশতক আৰু ৪ টা শতকৰ সহায়ত ১২৯ খন মেচত ৩,৪৪৩ ৰান সংগ্ৰহ কৰিছে।

ইয়াৰ পূৰ্বে এই অভিলেখ নিজৰ নামত ধৰি ৰখা গুপ্টিলে কেৰিয়াৰৰ ১১৬ খন টি-২০ মেচত ২০ টা অৰ্ধশতক আৰু ৩টা শতকৰ সহায়ত ৩,৩৯৯ ৰাণ সংগ্ৰহ কৰিছে।

আনহাতে এই তালিকাত তৃতীয় স্থানত আছে ভাৰতৰ প্ৰাক্তন অধিনায়ক তথা তাৰকা ক্ৰিকেটাৰ বিৰাট কোহলী। কোহলীয়ে ৯৯ খন মেচত ৫০.১২ ৰ চমকপ্ৰদ গড়ে ৩,৩০৮ ৰাণ সংগ্ৰহ কৰিছে। আয়াৰলেণ্ডৰ পল ষ্টাৰ্লিং ২,৮৯৪ ৰানেৰে তালিকাৰ চতুৰ্থ স্থানত আৰু অষ্ট্ৰেলিয়াৰ অধিনায়ক এৰন ফিঞ্চ ২,৮৫৫ ৰানেৰে পঞ্চম স্থানত আছে।

ইফালে কালিৰ সতীৰ্থ বিৰাট কোহলীক অতিক্ৰম কৰি আন এক নতুন টি-২০ ৰেকৰ্ডো স্থানত কৰে ৰোহিতে। মেচখনত অৰ্ধশতকীয় ইনিংছটোৰে ৰোহিতৰ শৰ্মাই টি-২০ ক্ৰিকেটত ২৭ টা অৰ্ধশতক আৰু ৪ টা শতকৰ সৈতে ৫০ উৰ্দ্ধৰ ইনিংছৰ সংখ্যা ৩১ লৈ বৃদ্ধি কৰে। 

এইদৰে ৰোহিতে বিৰাট কোহলীৰ নামত থকা সৰ্বাধিক পঞ্চাশোধিক ৰানৰ ইনিংছৰ ৰেকৰ্ড ভংগ কৰে। ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টি-২০ শৃংখলাত বিশ্ৰাম দিয়া কোহলীয়ে টি-২০ ফৰ্মেটত মুঠ ৩০ টা পঞ্চাশোধিক ৰানৰ ইনিংছ খেলিছে। 

অৱশ্যে তাৰকাগৰাকীয়ে এইপৰ্যন্ত ক্ৰিকেটৰ এই সৰু ফৰ্মেটোত শতক অৰ্জন কৰিবলৈ সক্ষম হোৱা নাই। এই তালিকাত ২৭ টা ৫০ উৰ্দ্ধৰ ইনিংছেৰে তৃতীয় স্থানত আছে পাকিস্তানৰ অধিনায়ক বাবৰ আজম।

উল্লেখ্য যে কালিৰ মেচখনত বেটে-বলে অলৰাউণ্ড প্ৰদৰ্শন দাঙি ধৰি ভাৰতে ৱেষ্ট ইণ্ডিজক ৬৮ ৰানত পৰাস্ত কৰে। প্ৰথমে বেটিং কৰি ভাৰত ৰোহিত শৰ্মাৰ ৬৪ ৰান আৰু দিনেশ কাৰ্তিকৰ আক্ৰমণাত্মক ৪১ ৰানৰ ইনিংছৰ সহায়ত ৱেষ্ট ইণ্ডিজৰ সমুখত ১৯১ ৰানৰ লক্ষ্য থিয় কৰায়।

কিন্তু ভাৰতীয় দলৰ সন্মিলিত আৰু নিয়ন্ত্ৰিত বলিং আক্ৰমণৰ সন্মুখত দিশহাৰা হৈ পৰা ঘৰুৱা দলটোৱে এই লক্ষ্য অতিক্ৰম কৰি মাত্ৰ ১২২ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয়। এই জয়েৰে ভাৰতে পাঁচখনীয়া মেচৰ শৃংখলাটোত ১-০ ৰ অগ্ৰগতি লাভ কৰিছে। শৃংখলাৰ দ্বিতীয়খন মেচ ১ আগষ্টত অনুষ্ঠিত হ’ব।






FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু