--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দুজন ৰাষ্ট্ৰপ্ৰধানৰ বাতৰিয়ে এতিয়া শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছে। কিয়নো আমেৰিকা আৰু ইউক্ৰেইনৰ মাজত পুনৰ দেখা গ'ল এক বিশেষ দৃশ্য। আমেৰিকা ভ্ৰমণলৈ যোৱা ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলাডিমিৰ জেলেনস্কীক ধমক দিলে ড'নাল্ড ট্ৰাম্পে।

উল্লেখযোগ্য যে শুকুৰবাৰে হোৱাইট হাউছত  আমেৰিকা আৰু ইউক্ৰেইনৰ মাজত এক চুক্তিৰ বাবে আলোচনা অনুষ্ঠিত হৈছিল। হোৱাইট হাউছৰ বন্ধ কোঠাৰ বিপৰীতে কেমেৰাৰ সন্মুখত অনুষ্ঠিত হোৱা এই আলোচনাই ফালৰি কাটি গৈ যুদ্ধৰ প্ৰসংগক সামৰি লয়। এই সমগ্ৰ আলোচনাৰ সাক্ষী হৈছিল বিশ্ব। এই আলোচনাত তীব্ৰ বাক- বিতণ্ডাৰ সৃষ্টি হয় জেলেনেস্কী আৰু ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ মাজত। 

আমেৰিকাই ৰাছিয়াৰ সৈতে যুদ্ধবিৰতিলৈ আহিবলৈ হেঁচা প্ৰয়োগ কৰে, কিন্তু হত্যাকাৰীৰ সৈতে কোনো কাৰণত শান্তি আলোচনা নকৰে বুলি স্পষ্টভাৱে ট্ৰাম্পক সকীয়াই দিছিল। যাৰ বাবে ড'নাল্ড ট্ৰাম্প উত্তেজিত পৰে আৰু জেলেনস্কীক ধমক দিয়ে। ইউক্ৰেইনৰ জনতাৰ জীৱনৰ সৈতে আপুনি জুৱা খেলি আছে বুলি ধমক দিয়ে ড'নাল্ড ট্ৰাম্পে। শেহতীয়াকৈ ৰাছিয়াৰ সৈতে যুদ্ধ বিৰতিলৈ আহিবলৈ আহ্বান জনাইছিল ইউক্ৰেইনক। আমেৰিকাৰ প্ৰস্তাৱ অগ্ৰাহ্য কৰিছিল ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে। যাৰ বাবে হোৱাইট হাউছত অশালীন ভাষাৰে গালি দিয়ে ড'নাল্ড ট্ৰাম্পে।

ইফালে ৰাছিয়াৰ সৈতে চলি থকা যুদ্ধত আমেৰিকাই সহায় কৰি আহিছে ইউক্ৰেইনক। সেয়ে আমেৰিকাক ধন্যবাদ নজনোৱাৰ অভিযোগ ভলাডিমিৰ জেলেনস্কীৰ বিৰুদ্ধে উপ-ৰাষ্ট্ৰপতি জে ডি ভাঞ্চৰ। আনহাতে মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ ধমকৰ পাছতে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলডিমিৰ জেলেনস্কীৰ  প্ৰতি সমৰ্থন আগবঢ়াইছে বিশ্বৰ কেইবাখনো দেশৰ ৰাষ্ট্ৰপ্ৰধানে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ