--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ কৰ’না মহামাৰীৰ বাবে ৰাষ্ট্ৰৰ কোনো শীৰ্ষ-বিষয়াই বিদেশ ভ্ৰমণ কৰিব পৰাটো সম্ভৱপৰ হোৱা নাই। ফলশ্ৰুতিত ৰাষ্ট্ৰৰ শীৰ্ষ-বিষয়াসকলে বৈদেশিক ৰাষ্ট্ৰৰ সৈতে উন্নয়নমূলক চুক্তি কৰাৰ পৰা বঞ্চিত আছে। দীৰ্ঘদিনৰ বিৰতিৰ অন্তত শেহতীয়াকৈ ৰাষ্ট্ৰসমূহে বৈদেশিক ৰাষ্ট্ৰসমূহৰ সৈতে সৌহাদ্যপূৰ্ণ সম্পৰ্ক গঢ়ি তোলাৰ উদ্দেশ্যে একত্ৰিত হোৱাৰ মন মেলিছে। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও অহা সপ্তাহত আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনক সাক্ষাৎ কৰিব। হোৱাইট হাউছত সাক্ষাৎ কৰিব ৰাষ্ট্ৰপতিগৰাকীক। আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে জাপানৰ প্ৰধানমন্ত্ৰী য়োশিহিদে চুগা আৰু অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী স্কট মৰিছনৰ সৈতেও এখন বৈঠক অনুষ্ঠিত কৰিব বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে।

তেওঁলোকে ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত চীনৰ বৰ্ধিত আক্ৰমণক কেনেকৈ প্ৰতিহত কৰিব পাৰি তাকে কেন্দ্ৰ কৰি বৈঠকত মিলিত হোৱাৰ কথা। মঙলবাৰে এক বিবৃতিত হোৱাইট হাউছৰ প্ৰেছ সচিব জেন পাস্কিয়ে সদৰী কৰে যে, ‘ ২৪ ছেপ্টেম্বৰত হোৱাইট হাউছত ‘কোৱাড’ মিত্ৰজোঁটৰ শীৰ্ষ নেতাসকলৰ মাজত এখন সন্মিলন অনুষ্ঠিত হ'ব। নেতাসকলে প্ৰথমে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত উপস্থিত থাকিব। আনহাতে, ২১ ছেপ্টেম্বৰত জ’ বাইডেনে নেতৃবৃন্দক সম্বোধন কৰিব। ’ জানিবলৈ পোৱা মতে, পৃথিৱীৰ সৰ্ববৃহৎ কূটনৈতিক বৈঠক এতিয়া ব্যক্তিগত ভাৰ্ছুৱেল মাধ্যমেৰে হাইব্ৰিডত অনুষ্ঠিত হ'ব। অৱশ্যে, দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে কি ধৰণৰ বিষয়ক লৈ আলোকপাত কৰিব সেয়া এতিয়াও জানিব পৰা হোৱা নাই যদিও ৪খন দেশৰ নেতৃবৃন্দৰ সৈতে অনুষ্ঠিত হ'বলগীয়া ‘কোৱাড সন্মিলন’খনে যথেষ্ট তাৎপৰ্য বহন কৰাৰ পোষকতা কৰিছে বিভিন্ন মহলে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান