--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ কৰ’না মহামাৰীৰ বাবে ৰাষ্ট্ৰৰ কোনো শীৰ্ষ-বিষয়াই বিদেশ ভ্ৰমণ কৰিব পৰাটো সম্ভৱপৰ হোৱা নাই। ফলশ্ৰুতিত ৰাষ্ট্ৰৰ শীৰ্ষ-বিষয়াসকলে বৈদেশিক ৰাষ্ট্ৰৰ সৈতে উন্নয়নমূলক চুক্তি কৰাৰ পৰা বঞ্চিত আছে। দীৰ্ঘদিনৰ বিৰতিৰ অন্তত শেহতীয়াকৈ ৰাষ্ট্ৰসমূহে বৈদেশিক ৰাষ্ট্ৰসমূহৰ সৈতে সৌহাদ্যপূৰ্ণ সম্পৰ্ক গঢ়ি তোলাৰ উদ্দেশ্যে একত্ৰিত হোৱাৰ মন মেলিছে। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও অহা সপ্তাহত আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনক সাক্ষাৎ কৰিব। হোৱাইট হাউছত সাক্ষাৎ কৰিব ৰাষ্ট্ৰপতিগৰাকীক। আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে জাপানৰ প্ৰধানমন্ত্ৰী য়োশিহিদে চুগা আৰু অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী স্কট মৰিছনৰ সৈতেও এখন বৈঠক অনুষ্ঠিত কৰিব বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে।

তেওঁলোকে ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত চীনৰ বৰ্ধিত আক্ৰমণক কেনেকৈ প্ৰতিহত কৰিব পাৰি তাকে কেন্দ্ৰ কৰি বৈঠকত মিলিত হোৱাৰ কথা। মঙলবাৰে এক বিবৃতিত হোৱাইট হাউছৰ প্ৰেছ সচিব জেন পাস্কিয়ে সদৰী কৰে যে, ‘ ২৪ ছেপ্টেম্বৰত হোৱাইট হাউছত ‘কোৱাড’ মিত্ৰজোঁটৰ শীৰ্ষ নেতাসকলৰ মাজত এখন সন্মিলন অনুষ্ঠিত হ'ব। নেতাসকলে প্ৰথমে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত উপস্থিত থাকিব। আনহাতে, ২১ ছেপ্টেম্বৰত জ’ বাইডেনে নেতৃবৃন্দক সম্বোধন কৰিব। ’ জানিবলৈ পোৱা মতে, পৃথিৱীৰ সৰ্ববৃহৎ কূটনৈতিক বৈঠক এতিয়া ব্যক্তিগত ভাৰ্ছুৱেল মাধ্যমেৰে হাইব্ৰিডত অনুষ্ঠিত হ'ব। অৱশ্যে, দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে কি ধৰণৰ বিষয়ক লৈ আলোকপাত কৰিব সেয়া এতিয়াও জানিব পৰা হোৱা নাই যদিও ৪খন দেশৰ নেতৃবৃন্দৰ সৈতে অনুষ্ঠিত হ'বলগীয়া ‘কোৱাড সন্মিলন’খনে যথেষ্ট তাৎপৰ্য বহন কৰাৰ পোষকতা কৰিছে বিভিন্ন মহলে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?