--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : হয়তো ইয়াকেই কোৱা হয় আমুল পৰিৱৰ্তন! দেশত শিক্ষাৰ সংস্কাৰ তথা চিন্তা-চৰ্চা, ধ্যান-ধাৰণাৰ পৰিৱৰ্তনৰ নামত পূৰাদমে চলি আছে পশ্চাৎগামী গতি। নানা অযুক্তিকৰ কথা-কাণ্ড এতিয়া দেশত সুলভ হৈ পৰিছে। গৰুৰ গোবৰ-মূত্ৰ দিব্যশক্তি আৱিষ্কাৰ কৰাৰ পৰা মহাভাৰতৰ যুগত টেলিভিচন তথা ৰামায়নৰ যুগত বিমানলৈকে সকলো কথাৰে চৰ্চা চলিছে দেশত। এইবাৰ এই সকলোৰে সীমা অতিক্ৰম কৰি আন এক বিতৰ্কিত সিদ্ধান্ত গ্ৰহণ কৰিছে মধ্যপ্ৰদেশৰ শিক্ষা বিভাগে। এইবাৰ যু্ক্তি নিৰ্ভৰতাৰ সকলো সীমা পাৰ কৰি ইঞ্জিনীয়াৰিং পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হৈছে ৰামায়ণ। অৰ্থাৎ এতিয়াৰে পৰা ৰামায়ণ পঢ়িহে অভিযন্তা হ’ব শিক্ষাৰ্থী। মধ্যপ্ৰদেশ চৰকাৰৰ এই সিদ্ধান্তক লৈ এতিয়া তুমুল বিতৰ্কৰ সূত্ৰপাত ঘটিছে।

শিক্ষা বিভাগৰ নতুন নিৰ্দেশনা মতে তুলসীদাসৰ ‘ৰামচৰিতমানস’ ৰাজ্যখনৰ স্নাতক শ্ৰেণীৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হৈছে। আনহাতে ইঞ্জিনিয়াৰিঙৰ শিক্ষাৰ্থীয়ে পঢ়িব লাগিব ‘ৰামসেতু’ৰ বিষয়ে। ৰামায়নৰ সেই ৰামসেতু যাক ওপঙা শিলেৰে নিৰ্মাণ কৰি ৰামচন্দ্ৰই লংকালৈ সসৈন্যে গৈছিল বুলি আখ্যান প্ৰচলিত হৈ আহিছে। ইমানদিনে কল্পকাহিনী বুলি ধাৰণা কৰি অহা ৰামসেতুক অভিযান্ত্ৰিক চমৎকাৰিত্ব বুলি গণ্য কৰি তাক অধ্যয়নৰ বিষয় কৰি তোলা হৈছে নতুন পাঠ্যক্ৰমত। ৰামসেতুক অভিযান্ত্ৰিক চমৎকাৰিত্ব বুলি বিবেচনা কৰাৰ প্ৰৱনতা একাংশ সোপন্থী ‘বিদ্বান’ৰ মাজত দেখা যায়।

কেৱল এয়াই নহয়, চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থীয়ে হিন্দীত চিকিৎসা শাস্ত্ৰ অধ্যয়নৰ ব্যৱস্থাও কৰা হৈছে। ৰাজ্যখনৰ চিকিৎসা শিক্ষা বিভাগৰ মন্ত্ৰী বিশ্বাস সাৰাংগে কয়, ‘আমি যথাসম্ভৱ সোনকালে হিন্দীত চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰম প্ৰস্তুত কৰাৰ বাবে এখন কমিটী গঠন কৰিবলৈ লৈছোঁ। অদূৰ ভৱিষ্যতে আমি হিন্দীতো মেডিকেল পাঠ্যক্ৰম আৰম্ভ কৰিম। আনহাতে, ‘ৰামচৰিত মানস কে ব্যৱহাৰিক দৰ্শন’ শীৰ্ষক এক ঐচ্ছিক বিষয় স্নাতক প্ৰথম পৰ্য়ায়ত প্ৰৱৰ্তন কৰা হৈছে। প্ৰথম বাৰ্ষিকৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হৈছে মহাভাৰতৰো পাঠ। আনহাতে পাঠ্যক্ৰমত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰতিষ্ঠাপক ডঃ কেবি হেগড়েৱাৰ আৰু ভাৰতীয় জনসংঘৰ মুৰব্বী দীনদয়াল উপাধ্যায়ৰ জীৱনী অন্তৰ্ভুক্ত কৰাৰো পৰামৰ্শ প্ৰদান কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ