--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : হয়তো ইয়াকেই কোৱা হয় আমুল পৰিৱৰ্তন! দেশত শিক্ষাৰ সংস্কাৰ তথা চিন্তা-চৰ্চা, ধ্যান-ধাৰণাৰ পৰিৱৰ্তনৰ নামত পূৰাদমে চলি আছে পশ্চাৎগামী গতি। নানা অযুক্তিকৰ কথা-কাণ্ড এতিয়া দেশত সুলভ হৈ পৰিছে। গৰুৰ গোবৰ-মূত্ৰ দিব্যশক্তি আৱিষ্কাৰ কৰাৰ পৰা মহাভাৰতৰ যুগত টেলিভিচন তথা ৰামায়নৰ যুগত বিমানলৈকে সকলো কথাৰে চৰ্চা চলিছে দেশত। এইবাৰ এই সকলোৰে সীমা অতিক্ৰম কৰি আন এক বিতৰ্কিত সিদ্ধান্ত গ্ৰহণ কৰিছে মধ্যপ্ৰদেশৰ শিক্ষা বিভাগে। এইবাৰ যু্ক্তি নিৰ্ভৰতাৰ সকলো সীমা পাৰ কৰি ইঞ্জিনীয়াৰিং পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হৈছে ৰামায়ণ। অৰ্থাৎ এতিয়াৰে পৰা ৰামায়ণ পঢ়িহে অভিযন্তা হ’ব শিক্ষাৰ্থী। মধ্যপ্ৰদেশ চৰকাৰৰ এই সিদ্ধান্তক লৈ এতিয়া তুমুল বিতৰ্কৰ সূত্ৰপাত ঘটিছে।

শিক্ষা বিভাগৰ নতুন নিৰ্দেশনা মতে তুলসীদাসৰ ‘ৰামচৰিতমানস’ ৰাজ্যখনৰ স্নাতক শ্ৰেণীৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হৈছে। আনহাতে ইঞ্জিনিয়াৰিঙৰ শিক্ষাৰ্থীয়ে পঢ়িব লাগিব ‘ৰামসেতু’ৰ বিষয়ে। ৰামায়নৰ সেই ৰামসেতু যাক ওপঙা শিলেৰে নিৰ্মাণ কৰি ৰামচন্দ্ৰই লংকালৈ সসৈন্যে গৈছিল বুলি আখ্যান প্ৰচলিত হৈ আহিছে। ইমানদিনে কল্পকাহিনী বুলি ধাৰণা কৰি অহা ৰামসেতুক অভিযান্ত্ৰিক চমৎকাৰিত্ব বুলি গণ্য কৰি তাক অধ্যয়নৰ বিষয় কৰি তোলা হৈছে নতুন পাঠ্যক্ৰমত। ৰামসেতুক অভিযান্ত্ৰিক চমৎকাৰিত্ব বুলি বিবেচনা কৰাৰ প্ৰৱনতা একাংশ সোপন্থী ‘বিদ্বান’ৰ মাজত দেখা যায়।

কেৱল এয়াই নহয়, চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থীয়ে হিন্দীত চিকিৎসা শাস্ত্ৰ অধ্যয়নৰ ব্যৱস্থাও কৰা হৈছে। ৰাজ্যখনৰ চিকিৎসা শিক্ষা বিভাগৰ মন্ত্ৰী বিশ্বাস সাৰাংগে কয়, ‘আমি যথাসম্ভৱ সোনকালে হিন্দীত চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰম প্ৰস্তুত কৰাৰ বাবে এখন কমিটী গঠন কৰিবলৈ লৈছোঁ। অদূৰ ভৱিষ্যতে আমি হিন্দীতো মেডিকেল পাঠ্যক্ৰম আৰম্ভ কৰিম। আনহাতে, ‘ৰামচৰিত মানস কে ব্যৱহাৰিক দৰ্শন’ শীৰ্ষক এক ঐচ্ছিক বিষয় স্নাতক প্ৰথম পৰ্য়ায়ত প্ৰৱৰ্তন কৰা হৈছে। প্ৰথম বাৰ্ষিকৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হৈছে মহাভাৰতৰো পাঠ। আনহাতে পাঠ্যক্ৰমত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰতিষ্ঠাপক ডঃ কেবি হেগড়েৱাৰ আৰু ভাৰতীয় জনসংঘৰ মুৰব্বী দীনদয়াল উপাধ্যায়ৰ জীৱনী অন্তৰ্ভুক্ত কৰাৰো পৰামৰ্শ প্ৰদান কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু