--°C
Loading...
Listen to Article
2 min read
80%

কাবুলঃ আফগান দখলৰ পাছত শান্তিৰে দিন নিয়াব পৰা নাই মৌলবাদী সংগঠনটোৱে। এইবাৰ যেন বিনা মেঘে বজ্ৰপাতহে পৰিল সংগঠনটোৰ। তালিবানৰে প্ৰতাৰণা পাকিস্তানৰ। বিগত কুৰিটা বছৰে কেইবা শ মিলিয়ন ডলাৰ ব্যয়ৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাহিনী আৰু সামৰিক মিত্ৰজোঁটৰ আন সদস্যসকলে দেশখনৰ জনসাধাৰণৰ এক গোপন ডিজিটেল ডাটাবেছ তৈয়াৰ কৰিছিল। তালিবানে আফগানিস্তানৰ নিয়ন্ত্ৰণ লোৱাৰ পাছত দেশখনৰ পূৰ্বৰ চৰকাৰৰ অসংখ্য গোপন তথ্য ভাণ্ডাৰ জব্দ কৰে। তালিবানে জব্দ কৰা এই গোপন ডিজিটেল ডাটাবেছ সমূহ সম্প্ৰতি পাকিস্তানত আছে। তাকে লৈ উদ্বিগ্ন হৈ পৰিছে তালিবান।

গোপন ডিজিটেল ডাটাবেছ সমূহ সম্প্ৰতি পাকিস্তানত আছে। তাকে লৈ উদ্বিগ্ন হৈ পৰিছে তালিবান

উল্লেখ্য যে, পাকিস্তান সেনাৰ তিনিখন চি-১৩০ বিমানে সাহায্য প্ৰদানৰ উদ্দেশ্যে আফগানিস্তানলৈ ৰাওনা হৈছিল। পৰৱৰ্তী সময়ত এই বিমানকেইখনে আফগানিস্তানৰ প্ৰাক্তন চৰকাৰৰ গোপন নথি-পত্ৰসমূহ লৈ কাবুল এৰা বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে। অৱশ্যে, নিৰপেক্ষ কোনো উৎসৰ পৰা এতিয়ালৈকে বাতৰিটোৰ সত্যতা পৰীক্ষা কৰিব হোৱা নাই। কিন্তু, এই গোপন নথি-পত্ৰসমূহ পাকিস্তানী সেনাৰ চোৰাংচোৱা সংস্থা আইএছআইৰ নিয়ন্ত্ৰণত থকা কথাটোৱে ভৱিষ্যতে আফগানভূমিলৈ ভাবুকি আনিব পাৰে বুলিও শংকা প্ৰকাশ কৰিছে বিভিন্ন মহলে। আফগান চোৰাংচোৱা সংস্থা বা এনএছডিৰ এই নথিপত্ৰসমূহত অসংখ্য হাৰ্ড ডিস্ক আৰু অন্যান্য ডিজিটেল ডাটাবেছ অন্তৰ্ভুক্ত আছে বুলিও জানিবলৈ পোৱা গৈছে।গতিকে, চিন্তাক্লিষ্ট তালিবানে পাকিস্তানৰ পৰা দেশৰ গোপন তথ্য-সমূহ উদ্ধাৰৰ বাবে কি পদক্ষেপ হাতত লৈছে সেই বিষয়ে এতিয়াও প্ৰকাশ কৰা নাই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?