--°C
Loading...
Listen to Article
2 min read
80%

কাবুলঃ আফগান দখলৰ পাছত শান্তিৰে দিন নিয়াব পৰা নাই মৌলবাদী সংগঠনটোৱে। এইবাৰ যেন বিনা মেঘে বজ্ৰপাতহে পৰিল সংগঠনটোৰ। তালিবানৰে প্ৰতাৰণা পাকিস্তানৰ। বিগত কুৰিটা বছৰে কেইবা শ মিলিয়ন ডলাৰ ব্যয়ৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাহিনী আৰু সামৰিক মিত্ৰজোঁটৰ আন সদস্যসকলে দেশখনৰ জনসাধাৰণৰ এক গোপন ডিজিটেল ডাটাবেছ তৈয়াৰ কৰিছিল। তালিবানে আফগানিস্তানৰ নিয়ন্ত্ৰণ লোৱাৰ পাছত দেশখনৰ পূৰ্বৰ চৰকাৰৰ অসংখ্য গোপন তথ্য ভাণ্ডাৰ জব্দ কৰে। তালিবানে জব্দ কৰা এই গোপন ডিজিটেল ডাটাবেছ সমূহ সম্প্ৰতি পাকিস্তানত আছে। তাকে লৈ উদ্বিগ্ন হৈ পৰিছে তালিবান।

গোপন ডিজিটেল ডাটাবেছ সমূহ সম্প্ৰতি পাকিস্তানত আছে। তাকে লৈ উদ্বিগ্ন হৈ পৰিছে তালিবান

উল্লেখ্য যে, পাকিস্তান সেনাৰ তিনিখন চি-১৩০ বিমানে সাহায্য প্ৰদানৰ উদ্দেশ্যে আফগানিস্তানলৈ ৰাওনা হৈছিল। পৰৱৰ্তী সময়ত এই বিমানকেইখনে আফগানিস্তানৰ প্ৰাক্তন চৰকাৰৰ গোপন নথি-পত্ৰসমূহ লৈ কাবুল এৰা বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে। অৱশ্যে, নিৰপেক্ষ কোনো উৎসৰ পৰা এতিয়ালৈকে বাতৰিটোৰ সত্যতা পৰীক্ষা কৰিব হোৱা নাই। কিন্তু, এই গোপন নথি-পত্ৰসমূহ পাকিস্তানী সেনাৰ চোৰাংচোৱা সংস্থা আইএছআইৰ নিয়ন্ত্ৰণত থকা কথাটোৱে ভৱিষ্যতে আফগানভূমিলৈ ভাবুকি আনিব পাৰে বুলিও শংকা প্ৰকাশ কৰিছে বিভিন্ন মহলে। আফগান চোৰাংচোৱা সংস্থা বা এনএছডিৰ এই নথিপত্ৰসমূহত অসংখ্য হাৰ্ড ডিস্ক আৰু অন্যান্য ডিজিটেল ডাটাবেছ অন্তৰ্ভুক্ত আছে বুলিও জানিবলৈ পোৱা গৈছে।গতিকে, চিন্তাক্লিষ্ট তালিবানে পাকিস্তানৰ পৰা দেশৰ গোপন তথ্য-সমূহ উদ্ধাৰৰ বাবে কি পদক্ষেপ হাতত লৈছে সেই বিষয়ে এতিয়াও প্ৰকাশ কৰা নাই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান