--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • আমৰ বাকলি ভিটামিন, এণ্টিঅক্সিডেণ্ট আৰু পুষ্টিকৰ উপাদানৰ খনি। ইয়াক পেলাই দিয়াৰ পৰিৱৰ্তে আপুনি নিজৰ ছালৰ যত্ন (Skin Care), বাগানৰ কাম (Gardening) আৰু ঘৰুৱা অন্যান্য কামত অতি আচৰিত ধৰণে ব্যৱহাৰ কৰিব পাৰে।

ডিজিটেল ডেস্ক: আম খাই আমি আমৰ বাকলি পেলাই দিওঁ। কিন্তু আপুনি জানেনে যে আমৰ বাকলিও সমানেই মূল্যৱান? সাধাৰণতে আমি ৰসাল আমৰ জুতি লোৱাৰ পিছত তাৰ বাকলিবোৰ অদৰকাৰী বা আৱৰ্জনা বুলি ভাবি ডাষ্টবিনত পেলাই দিওঁ। যদি আপুনিও এতিয়ালৈকে তেনেকুৱাই কৰি আহিছে, তেন্তে আজিৰে পৰা তেনে নকৰিব। 


আমৰ বাকলি ভিটামিন, এণ্টিঅক্সিডেণ্ট আৰু পুষ্টিকৰ উপাদানৰ খনি। ইয়াক পেলাই দিয়াৰ পৰিৱৰ্তে আপুনি নিজৰ ছালৰ যত্ন (Skin Care), বাগানৰ কাম (Gardening) আৰু ঘৰুৱা অন্যান্য কামত অতি আচৰিত ধৰণে ব্যৱহাৰ কৰিব পাৰে। আহক জানো থওঁ আমৰ বাকলিৰ বুদ্ধিমানৰ দৰে কেনেকৈ ব্যৱহাৰ কৰিব পাৰি, যাতে আপুনি ইয়াৰ দুগুণ লাভ উঠাব পাৰে।


আমৰ বাকলি এইদৰে ব্যৱহাৰ কৰক:


ছাললৈ আনিব প্ৰাকৃতিক উজ্জ্বলতা:

আমৰ বাকলিত প্ৰচুৰ পৰিমাণে ভিটামিন চি আৰু এণ্টিঅক্সিডেণ্ট থাকে। ইয়াৰ বাকলিৰে মুখমণ্ডলত পাতলকৈ মালিচ কৰিলে ক’লা দাগ বা টেনিং (Tanning) আঁতৰ হয়, মুখৰ দাগ কমে আৰু ছাললৈ এক প্ৰাকৃতিক উজ্জ্বলতা (Natural Glow) আহে। আপুনি ইয়াক শুকুৱাই আৰু গুৰি কৰি ফেচ পেক (Face Pack) হিচাপেও ব্যৱহাৰ কৰিব পাৰে।


গছ-পুলিৰ বাবে উপকাৰী:

যদি আপোনাৰ বাগান কৰাৰ চখ আছে, তেন্তে আমৰ বাকলি আপোনাৰ গছ-পুলিৰ বাবে অমৃত সদৃশ প্ৰমাণিত হ’ব পাৰে। ইয়াত পটাছিয়াম, ভিটামিন আৰু মেগনেছিয়াম থাকে, যিবোৰ গছৰ বৃদ্ধিৰ বাবে অতি প্ৰয়োজনীয়। বাকলিবোৰ সৰু সৰুকৈ কাটি মাটিত পুতি থব পাৰে বা দুদিনমান পানীত তিয়াই ৰাখি সেই পানীখিনি গছত দিব পাৰে।


অকাল বাৰ্ধক্য প্ৰতিৰোধ কৰে:

আমৰ বাকলিয়ে মুখৰ বলিৰেখা (Wrinkles) আৰু ফাইন লাইনচ কমোৱাত সহায় কৰে। বাকলিৰ ভিতৰৰ অংশটো মুখত নিয়মিতভাৱে ঘঁহিলে ছাল টান হয় আৰু অকাল বাৰ্ধক্যৰ সমস্যাৰ পৰা সকাহ পোৱা যায়।


ভিনেগাৰ প্ৰস্তুত কৰক:

আপুনি আমৰ পৰিষ্কাৰ বাকলি ব্যৱহাৰ কৰি ঘৰতে 'মেংগো ফ্লেভাৰ্ড ভিনেগাৰ' (Mango Flavored Vinegar) তৈয়াৰ কৰিব পাৰে। ইয়াৰ বাবে বাকলিবোৰ এটা কাঁচৰ বৈয়ামত পানী, অলপ চেনি আৰু সামান্য চিৰকা (Vinegar)ৰ সৈতে কেইসপ্তাহমানৰ বাবে Ferment হ’বলৈ থৈ দিয়ক। এইটো চালাড ড্ৰেচিং (Salad Dressing)ৰ বাবে এটা বৰ ধুনীয়া বিকল্প।


ফটা গোৰোহাৰ বাবেও উপকাৰী:

যদি আপুনি ফটা গোৰোহাৰ বাবে চিন্তিত, তেন্তে আমৰ বাকলিৰ ভিতৰৰ অংশটো গোৰোহাত ঘঁহক। ইয়াত থকা মইশ্ব’ৰাইজিং গুণ আৰু ভিটামিনে গোৰোহা কোমল আৰু পৰিষ্কাৰ কৰাত সহায় কৰে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ