--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ফ্ৰিজ চাফা কৰাটো প্ৰায়ে লোকে এক লেঠাযুক্ত কাম বুলি ভাবে। ইয়াৰ লগতে বহু সময়ত তেওঁলোকে ফ্ৰিজ চাফা কৰিবলৈ দামী লিকুইড ক্ৰয় কৰে। যদি আপুনিও তেনে কৰে, তেন্তে এই খবৰটো আপোনাৰ বাবেই।

ডিজিটেল ডেস্ক: আজিকালি বেছিভাগ ঘৰতে ফ্ৰিজ থাকে আৰু ইয়াৰ ব্যৱহাৰো প্ৰচুৰ পৰিমাণে কৰা হয়। গৰমৰ দিনত ফ্ৰিজ এক বৰদানৰ দৰে প্ৰমাণিত হয়। গাখীৰ, কেঁচা শাক-পাচলি, ফল-মূল আৰু মাৰা আটা বহুত সময়লৈকে নষ্ট নোহোৱাকৈ ৰাখিবলৈ ই একমাত্ৰ সাৰথি হৈ পৰে। এনে পৰিস্থিতিত, গৰমৰ বতৰত ফ্ৰিজৰ ভিতৰখন ঠাহ খাই থাকে। ফ্ৰিজৰ ব্যৱহাৰ বৃদ্ধি পায়, কিন্তু আপুনি ইয়াক সঠিকভাৱে চাফা কৰিবলৈ সক্ষম হয়নে?


ফ্ৰিজ চাফা কৰাটো প্ৰায়ে লোকে এক লেঠাযুক্ত কাম বুলি ভাবে। ইয়াৰ লগতে বহু সময়ত তেওঁলোকে ফ্ৰিজ চাফা কৰিবলৈ দামী লিকুইড ক্ৰয় কৰে। যদি আপুনিও তেনে কৰে, তেন্তে এই খবৰটো আপোনাৰ বাবেই। আজি আমি আপোনালোকৰ বাবে এটা সৰু ঘৰুৱা দিহা লৈ আহিছোঁ, যাৰ দ্বাৰা আপোনাৰ টকা ৰাহি হ’ব পাৰে। বিশেষ কথাটো হ’ল ফ্ৰিজটো পৰিষ্কাৰকৈ ৰাখিবলৈ আপুনি পাকঘৰত থকা এবিধ বগা বস্তু এটা বাটিত ৰাখিব লাগিব। এই বগা বস্তুটো আন একো নহয়, নিমখহে। ইয়াৰ দ্বাৰা ফ্ৰিজটো কেৱল চাফা হৈ থকাই নহয়, লগতে আন বহুতো সুবিধাও পোৱা যায়। আহক জানো ফ্ৰিজত এবাটি নিমখ ৰাখিলে কি হয় আৰু কিয় সকলোৱে এনে কৰা উচিত।


১. কেঁচা শাক-পাচলি পচি নাযায়:

গৰমৰ দিনত ফ্ৰিজৰ ভিতৰত ৰখা কেঁচা শাক-পাচলি মাত্ৰ কেইদিনমানৰ ভিতৰতে পচি বা নষ্ট হ’বলৈ ধৰে। আপুনি তিয়ঁহ, জাতিলাও, বিলাহী বা বেঙেনাৰ দৰে পাচলি যিমানেই সতেজ আনিলেও, ফ্ৰিজত ৰখাৰ পিছতো সেইবোৰ সতেজ হৈ নাথাকে। গৰমৰ দিনত ফ্ৰিজৰ ভিতৰত আৰ্দ্ৰতা (ময়েশ্চাৰ)ৰ মাত্ৰা বহুত বাঢ়ি যায়, যাৰ বাবে শাক-পাচলিবোৰ সোনকালে পচিবলৈ ধৰে।


এনে পৰিস্থিতিত যদি আপুনি ফ্ৰিজৰ ৰেকত শাক-পাচলিৰ ঠিক কাষতে এটা বাটিত নিমখ থৈ দিয়ে, তেন্তে নিমখে ফ্ৰিজৰ সকলো অতিৰিক্ত আৰ্দ্ৰতা নিজৰ ভিতৰত শুহি ল’ব। ইয়াৰ পৰিণতিত আপোনাৰ শাক-পাচলিবোৰ বহু দিনলৈকে শুকান আৰু সতেজ হৈ থাকিব। ইয়াৰ লগতে এইবোৰ পচিও নাযায়।


২. ফ্ৰিজ খোলাৰ লগে লগে অহা দুৰ্গন্ধৰ পৰা মুক্তি মিলিব:

ফ্ৰিজত আপুনি প্ৰায়ে একেলগে বহুতো বস্তু ৰাখে যেনে কটা শাক-পাচলি, উতলাই থোৱা গাখীৰ, বাকী থকা আটা আৰু পাউৰুটী। এই সকলোবোৰ বস্তুৰ গোন্ধ মিলি এক আচৰিত ধৰণৰ দুৰ্গন্ধৰ সৃষ্টি কৰে। কেতিয়াবা ফ্ৰিজখন খোলাৰ লগে লগেই দুৰ্গন্ধ ওলাবলৈ ধৰে।


যদি আপোনাৰ ফ্ৰিজৰ পৰাও গৰমৰ দিনত দুৰ্গন্ধ ওলাবলৈ আৰম্ভ কৰিছে, তেন্তে এই সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাৰ আটাইতকৈ সহজ উপায়টো হ’ল নিমখ। ফ্ৰিজৰ চুকত নিমখৰ বাতিটো ৰাখিলে ই বতাহত থকা দুৰ্গন্ধ আৰু অতিৰিক্ত আৰ্দ্ৰতা সম্পূৰ্ণৰূপে শোষণ কৰি লয়, যাৰ ফলত ফ্ৰিজত সতেজতা অটুট থাকে।


৩. ৰন্ধা খাদ্য সোনকালে নষ্ট নহয়:

গৰমৰ দিনত প্ৰায়ে কিবা এটা ৰাখিবলৈ বা উলিয়াবলৈ বাৰে বাৰে ফ্ৰিজৰ দুৱাৰখন খুলিব লগা হয়। ইয়াৰ বাবে বাহিৰৰ গৰম বতাহ ভিতৰলৈ সোমাই যায় আৰু ভিতৰৰ আৰ্দ্ৰতা বৃদ্ধি পায়। এই কাৰণেই ফ্ৰিজত থকা ৰন্ধা খাদ্য বা গাখীৰ সোনকালে নষ্ট হ’বলৈ ধৰে।


এনে পৰিস্থিতিত যদি নিমখৰ বাতিটো ফ্ৰিজৰ যিকোনো এটা চুকত থৈ দিয়ে, তেন্তে ই আৰ্দ্ৰতা তৎক্ষণাত নিয়ন্ত্ৰণ কৰে, যাৰ ফলত আপোনাৰ খোৱা-বোৱা বস্তুবোৰ দীৰ্ঘদিনলৈ সুৰক্ষিত হৈ থাকে আৰু ফ্ৰিজেও সূচাৰুৰূপে কাম কৰে।


৪. ফ্ৰিজাৰত বৰফৰ পাহাৰ জমা হোৱাৰ লেঠা শেষ:

যদি আপোনাৰ ওচৰত পুৰণি বা ছিংগেল ড’ৰ (Single door) ফ্ৰিজ আছে, তেন্তে আপোনাৰ এটা সমস্যা বেছিকৈ হ’ব পাৰে। যিসকলৰ ঘৰত এনেকুৱা ফ্ৰিজ থাকে, তেওঁলোকৰ ফ্ৰিজাৰত প্ৰয়োজনতকৈ বেছি বৰফ জমা হৈ যায়। ইয়াৰ ফলত বস্তু ৰাখিবলৈ ঠাই কমি যোৱাই নহয়, ফ্ৰিজৰ কুলিং (শীতলীকৰণ) ক্ষমতাৰ ওপৰতো বেয়া প্ৰভাৱ পৰে।


এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰথমে আপোনাৰ ফ্ৰিজাৰটো ভালদৰে চাফা কৰি লওক। ইয়াৰ পিছত ফ্ৰিজাৰৰ মজিয়াত (তলত) অলপ নিমখ ছটিয়াই দিয়ক। এনে কৰিলে ফ্ৰিজাৰৰ দেৱালত অতিৰিক্ত বৰফ জমা নহ’ব আৰু আপোনাৰ ফ্ৰিজে সুন্দৰ কুলিং দিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ