--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃ বিপন্ন সময়, বিপন্ন মানুহ ৷ চৌদিশে সামূহিক হতাশা আৰু হাহাকাৰ ৷ ইয়াৰ পিছতো আমি আকাশলৈ মূৰ তুলি চাব লাগিব ৷ সেই বোধ আাৰু ব্যাপ্তি ধাৰণ কৰিব লাগিব আমাৰ চেতনাত ৷ এই সময় আত্মোপলব্ধিৰ৷ আত্মপাঠ আৰু আত্মোৎকৰ্ষৰ ৷ হেলাৰঙে পাৰ হৈ যাব লাগিব এই দুৰ্যোগৰ দিনবোৰ। 

এই পৃথিৱীত পৰিচৰ্যা সকলোকে লাগে ৷ কি গছ, কি মানুহ ! 

আহকচোন আমি জানো কিদৰে আমি পৰিত্ৰাণ পাব পাৰো এই দুঃসহ সময়ৰ পৰা ৷ নিজৰে দুৰ্বলতাসমূহ আতৰ কৰিব পাৰো । ঋষি অগস্ত্যৰ দৰে সূৰ্য্যৰ চকুত চকু থাপিব পৰাকৈ দীপ্তিমান হৈ উঠিব পাৰো ।

নিজৰ প্ৰেমত পৰক ৷ মই একক আৰু অনন্য - এই কথা সদায় নিজকে এবাৰ হ’লেও কওক ৷ যদি পাৰে প্ৰতিদিনে সূৰ্যোদয়ৰ পূৰ্বে শুই উঠক। ধ্যান কৰক ৷ প্ৰকৃতিৰ মাজত আত্মাৰ শুদ্ধি কৰক ৷ নিজৰ পছন্দৰ একাপ চাহ তপতাই খাওক ৷ভাললগা কিতাপ পঢ়ক । মন খুলি গান গাওক ৷ কান্দক ৷ সৃষ্টি কৰক ৷ ভুল কৰক ৷ নজনা কথা শিকক ৷ প্ৰশ্ন কৰিবলৈ শিকক ৷ অন্যায়ৰ প্ৰতিবাদ কৰক৷  ভালপাওক এই পৃথিৱীক,ইয়াত বাস কৰা প্ৰতিজন মানুহ আৰু ফুলি উঠা প্ৰতিপাহ ফুলক ৷  নিজৰ ৰুচিবোধ উন্নত কৰক ৷ 

চেৰাশালি আৰু মৰিশালিৰ সকলো সত্য আৰু সুন্দৰতাৰে নিজক মানুহ কৰি তোলক। বাৰিষাৰ ভৰুণ আকাশ হওক ৷মৰুভূমিত ফুলা ফুল হওক ৷ আঁউসীৰ শেষৰ জোন হওক ৷ নিজেই নিজৰ পোহৰ হওক ৷ আত্ম দীপো ভৱঃ ৷

নিজৰ কদৰ কৰক ৷ 
নিজকে সময় দিয়ক ৷ প্ৰিয় সংগীৰ সৈতে সময় কটাওক। 
যিবোৰ কথাই আপোনাক কষ্ট দিয়ে, আঁতৰি আহক ৷ যিবোৰ মানুহে আপোনাৰ অস্তিত্বক নস্যাৎ কৰিব খোজে, আপোনাৰ সত্বাক নিঃশেষ কৰিব খোজে, পদে পদে হেয় কৰিব খোজে, তেনে লোকক কদাপি আসৈ নিদিব ৷ আওকাণ কৰক ৷ নিজকে সেই উচ্চতালৈ লৈ যাওক, যি উচ্চতাৰ পৰা সেই সকলোবোৰ বৰ তুচ্ছ  যেন লাগে৷ জেদী হওক ৷ সূৰ্য্যৰ চকুত চকু থাপিব পৰাকৈ দীপ্ত হোৱা ৷ প্ৰজ্ঞাৰে আলোকিত হওক ৷ জীৱন মহঙা। মৰি মৰি জীয়াই নাথাকিব ।



FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ