--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ফিটকাৰী এনেকুৱা এবিধ বস্তু যিয়ে বহু ইতিবাচক শক্তি প্ৰদান কৰে। জ্যোতিষ আৰু বাস্তুশাস্ত্ৰত ফিটকাৰীৰ বিষয়ে উল্লেখ আছে যিবোৰ অতি ফলপ্ৰসূ। আনকি ঘৰৰ কিছুমান বিশেষ ঠাইত ফিটকাৰী ৰাখিলে বহু সুফল পোৱা যায়। নেতিবাচক শক্তি আৰু বাস্তুদোষ আঁতৰোৱাৰ ক্ষেত্ৰত ফিটকাৰীৰ আচৰিত শক্তি আছে। আহকচোন জানো ঘৰত ফিটকাৰী ৰাখিলে কি কি উপকাৰী গুণ লাভ কৰা যায়।

১)ধনৰ সংকট দূৰ কৰাৰ উপায়: যদি সকলো প্ৰচেষ্টাৰ পিছতো আয় বৃদ্ধি নহয় বা আপোনাৰ ওচৰত টকা নাথাকে তেন্তে এটা সহজ সমাধান লওক। ইয়াৰ বাবে ফিটকাৰীৰ সৰু টুকুৰা এটা ৰঙা কাপোৰত বান্ধি পাৰ্চত বা টকা জমা ৰখা স্থানত ৰাখক। এনে কৰিলে টকাৰ লোকচান বন্ধ হৈ যাব আৰু একে সময়তে উপাৰ্জনো বৃদ্ধি হ’ব।

২)বেয়া সপোনৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায়ঃ যিসকল লোকে বেয়া সপোন দেখে বা শুই থাকোতে কোনো শিশুৱে ভয় খাই বাৰে বাৰে টোপনিৰ পৰা সাৰ পায় যায় তেন্তে গাঢ় নীলা বা ক’লা কাপোৰত ফিটকাৰী বান্ধি বিচনাৰ তলত ৰাখক। দুঃস্বপ্ন দেখা বন্ধ হৈ যাব।

৩)স্বামী-স্ত্ৰীৰ মাজত হোৱা কাজিয়া বন্ধ কৰাৰ উপায়ঃ যদি স্বামী-স্ত্ৰীৰ মাজত সঘনাই কাজিয়া হয় তেন্তে দুয়োৰে মাজত কমি আহে। তেনেস্থলত শোৱনি কোঠাৰ খিৰিকীত কাপোৰ এখনত ফিটকাৰী ওলোমাই থ’ব লাগে। লগতে প্ৰতি সপ্তাহত ফিটকাৰী সলনি কৰি থাকিব। কেইদিনমানৰ ভিতৰতে আপুনি আপোনাৰ সংসাৰৰ পাৰ্থক্য লক্ষ্য কৰিব।

৪)ঘৰত কাজিয়া শেষ কৰাৰ উপায়ঃ ঘৰত যদি প্ৰতিদিনে কাজিয়া হয়, যদি পৰিয়ালৰ সদস্যৰ মাজত বিচ্ছিন্নতা হয় তেন্তে বাথৰুমত এটা বাটিত ফিটকাৰী ভৰাই ৰাখিব আৰু ১০ৰ পৰা ১৫ দিনৰ মূৰে মূৰে সলনি কৰি থাকিব। কিছুদিনৰ ভিতৰতে ঘৰখনলৈ সুখ আৰু শান্তিৰ আগমন ঘটিব।



FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ