--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ফিটকাৰী এনেকুৱা এবিধ বস্তু যিয়ে বহু ইতিবাচক শক্তি প্ৰদান কৰে। জ্যোতিষ আৰু বাস্তুশাস্ত্ৰত ফিটকাৰীৰ বিষয়ে উল্লেখ আছে যিবোৰ অতি ফলপ্ৰসূ। আনকি ঘৰৰ কিছুমান বিশেষ ঠাইত ফিটকাৰী ৰাখিলে বহু সুফল পোৱা যায়। নেতিবাচক শক্তি আৰু বাস্তুদোষ আঁতৰোৱাৰ ক্ষেত্ৰত ফিটকাৰীৰ আচৰিত শক্তি আছে। আহকচোন জানো ঘৰত ফিটকাৰী ৰাখিলে কি কি উপকাৰী গুণ লাভ কৰা যায়।

১)ধনৰ সংকট দূৰ কৰাৰ উপায়: যদি সকলো প্ৰচেষ্টাৰ পিছতো আয় বৃদ্ধি নহয় বা আপোনাৰ ওচৰত টকা নাথাকে তেন্তে এটা সহজ সমাধান লওক। ইয়াৰ বাবে ফিটকাৰীৰ সৰু টুকুৰা এটা ৰঙা কাপোৰত বান্ধি পাৰ্চত বা টকা জমা ৰখা স্থানত ৰাখক। এনে কৰিলে টকাৰ লোকচান বন্ধ হৈ যাব আৰু একে সময়তে উপাৰ্জনো বৃদ্ধি হ’ব।

২)বেয়া সপোনৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায়ঃ যিসকল লোকে বেয়া সপোন দেখে বা শুই থাকোতে কোনো শিশুৱে ভয় খাই বাৰে বাৰে টোপনিৰ পৰা সাৰ পায় যায় তেন্তে গাঢ় নীলা বা ক’লা কাপোৰত ফিটকাৰী বান্ধি বিচনাৰ তলত ৰাখক। দুঃস্বপ্ন দেখা বন্ধ হৈ যাব।

৩)স্বামী-স্ত্ৰীৰ মাজত হোৱা কাজিয়া বন্ধ কৰাৰ উপায়ঃ যদি স্বামী-স্ত্ৰীৰ মাজত সঘনাই কাজিয়া হয় তেন্তে দুয়োৰে মাজত কমি আহে। তেনেস্থলত শোৱনি কোঠাৰ খিৰিকীত কাপোৰ এখনত ফিটকাৰী ওলোমাই থ’ব লাগে। লগতে প্ৰতি সপ্তাহত ফিটকাৰী সলনি কৰি থাকিব। কেইদিনমানৰ ভিতৰতে আপুনি আপোনাৰ সংসাৰৰ পাৰ্থক্য লক্ষ্য কৰিব।

৪)ঘৰত কাজিয়া শেষ কৰাৰ উপায়ঃ ঘৰত যদি প্ৰতিদিনে কাজিয়া হয়, যদি পৰিয়ালৰ সদস্যৰ মাজত বিচ্ছিন্নতা হয় তেন্তে বাথৰুমত এটা বাটিত ফিটকাৰী ভৰাই ৰাখিব আৰু ১০ৰ পৰা ১৫ দিনৰ মূৰে মূৰে সলনি কৰি থাকিব। কিছুদিনৰ ভিতৰতে ঘৰখনলৈ সুখ আৰু শান্তিৰ আগমন ঘটিব।



FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু