--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ‘মৃত্যুৰ নীলা পৰ্দা’ অৰ্থাৎ 'ব্লু স্ক্ৰীণ অৱ ডেথ’ৰ সমস্যা সমাধান হৈছে। এইটোৱেই দাবী কৰিছে মাইক্ৰ’ছফটে। অৱশ্যে কোম্পানীটোৱে লগতে কয় যে ‘অফিচ ৩৬৫’ এপ আৰু সেৱাৰ ক্ষেত্ৰত এতিয়াও কিছু প্ৰভাৱ পৰিব। এন্টিভাইৰাছ কোম্পানী ক্ৰাউডষ্ট্ৰাইকৰ মুখ্য কাৰ্যবাহী বিষয়াই শুকুৰবাৰে কয় যে বিশ্বজুৰি আই টিৰ ক্ষেত্ৰত মাইক্ৰ’ছফ্টৰ সমস্যা সমাধান কৰা হৈছে।

এই ঘটনাৰ কিছু সময়ৰ পাছতেই সমগ্ৰ বিশ্বতে চাইবাৰ আক্ৰমণৰ তত্ত্বই গতি লাভ কৰিছিল। কিন্তু সেই তত্ত্ব মাইক্ৰ’ছফটে সম্পূৰ্ণৰূপে নাকচ কৰিছে। শুকুৰবাৰে পুৱা প্ৰায় ১১:৩০ বজাত IST কম্পিউটাৰৰ স্ক্ৰীণ হঠাতে নীলা হৈ পৰিল। কম্পিউটাৰৰ পৰ্দা হঠাতে নীলা হৈ পৰা, তাৰ পিছত বন্ধ হৈ যোৱা, নিজাববীয়াকৈ পুনৰ আৰম্ভ হোৱাৰ দৰে কাণ্ডৰ বাতৰি পোৱা গৈছে।

কম্পিউটাৰৰ পৰ্দা নীলা হোৱাৰ পিছত, দেখুৱাবলৈ আৰম্ভ কৰা বাৰ্তাটো আছিল — 'আপোনাৰ ডিভাইচ এটা সমস্যাত পৰিল আৰু পুনৰাৰম্ভ কৰিব লাগিব।' আমি মাত্ৰ কিছুমান ভুল তথ্য সংগ্ৰহ কৰিছো, আৰু তাৰ পিছত আমি আপোনাৰ বাবে পুনৰ আৰম্ভ কৰিম।'

কিয় হ’ল, কেনেকৈ হ’ল, ক’ত সমস্যাটো চলি আছে, তেতিয়া মাইক্ৰ’ছফটে দাবী কৰে যে এই সমস্যা ‘ক্ৰাউডষ্ট্ৰাইক’ আপডেটৰ বাবেই হৈছে। ইয়াৰ ফলত উইণ্ড’জ চলোৱা ডেস্কটপ আৰু লেপটপত সমস্যাৰ সৃষ্টি হয়। যাক কম্পিউটাৰৰ ভাষাত ‘Blue Screen of Death’ বুলি কোৱা হয়।

মাইক্ৰ’ছফ্টৰ এই সমস্যাৰ বাবেই সমগ্ৰ বিশ্বৰ বিমান সংস্থা, বেংক, ষ্টক মাৰ্কেটত বিপুল প্ৰভাৱ পৰিছে। বিমান পৰিবহণৰ তথ্য বিশ্লেষণ কোম্পানী ছিৰিয়ামে জনোৱা মতে, এই সমস্যাৰ বাবেই বিশ্বজুৰি ১৪০০খন বিমান বাতিল কৰা হৈছে। সেই সংস্থাৰ তথ্য অনুসৰি আমেৰিকাত ৫১২খন বিমান বাতিল কৰা হৈছিল। জাৰ্মানীত ৯২খন, ভাৰতত ৫৬খন, ইটালীত ৪৫খন আৰু কানাডাত ২১খন বিমান বাতিল কৰা হৈছে। সূত্ৰ অনুসৰি বেংগালুৰু বিমানবন্দৰৰ টাৰ্মিনেলত ১ৰ পৰা ৯০ শতাংশ বিমান সেৱা ব্যাহত হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন