--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ‘মৃত্যুৰ নীলা পৰ্দা’ অৰ্থাৎ 'ব্লু স্ক্ৰীণ অৱ ডেথ’ৰ সমস্যা সমাধান হৈছে। এইটোৱেই দাবী কৰিছে মাইক্ৰ’ছফটে। অৱশ্যে কোম্পানীটোৱে লগতে কয় যে ‘অফিচ ৩৬৫’ এপ আৰু সেৱাৰ ক্ষেত্ৰত এতিয়াও কিছু প্ৰভাৱ পৰিব। এন্টিভাইৰাছ কোম্পানী ক্ৰাউডষ্ট্ৰাইকৰ মুখ্য কাৰ্যবাহী বিষয়াই শুকুৰবাৰে কয় যে বিশ্বজুৰি আই টিৰ ক্ষেত্ৰত মাইক্ৰ’ছফ্টৰ সমস্যা সমাধান কৰা হৈছে।

এই ঘটনাৰ কিছু সময়ৰ পাছতেই সমগ্ৰ বিশ্বতে চাইবাৰ আক্ৰমণৰ তত্ত্বই গতি লাভ কৰিছিল। কিন্তু সেই তত্ত্ব মাইক্ৰ’ছফটে সম্পূৰ্ণৰূপে নাকচ কৰিছে। শুকুৰবাৰে পুৱা প্ৰায় ১১:৩০ বজাত IST কম্পিউটাৰৰ স্ক্ৰীণ হঠাতে নীলা হৈ পৰিল। কম্পিউটাৰৰ পৰ্দা হঠাতে নীলা হৈ পৰা, তাৰ পিছত বন্ধ হৈ যোৱা, নিজাববীয়াকৈ পুনৰ আৰম্ভ হোৱাৰ দৰে কাণ্ডৰ বাতৰি পোৱা গৈছে।

কম্পিউটাৰৰ পৰ্দা নীলা হোৱাৰ পিছত, দেখুৱাবলৈ আৰম্ভ কৰা বাৰ্তাটো আছিল — 'আপোনাৰ ডিভাইচ এটা সমস্যাত পৰিল আৰু পুনৰাৰম্ভ কৰিব লাগিব।' আমি মাত্ৰ কিছুমান ভুল তথ্য সংগ্ৰহ কৰিছো, আৰু তাৰ পিছত আমি আপোনাৰ বাবে পুনৰ আৰম্ভ কৰিম।'

কিয় হ’ল, কেনেকৈ হ’ল, ক’ত সমস্যাটো চলি আছে, তেতিয়া মাইক্ৰ’ছফটে দাবী কৰে যে এই সমস্যা ‘ক্ৰাউডষ্ট্ৰাইক’ আপডেটৰ বাবেই হৈছে। ইয়াৰ ফলত উইণ্ড’জ চলোৱা ডেস্কটপ আৰু লেপটপত সমস্যাৰ সৃষ্টি হয়। যাক কম্পিউটাৰৰ ভাষাত ‘Blue Screen of Death’ বুলি কোৱা হয়।

মাইক্ৰ’ছফ্টৰ এই সমস্যাৰ বাবেই সমগ্ৰ বিশ্বৰ বিমান সংস্থা, বেংক, ষ্টক মাৰ্কেটত বিপুল প্ৰভাৱ পৰিছে। বিমান পৰিবহণৰ তথ্য বিশ্লেষণ কোম্পানী ছিৰিয়ামে জনোৱা মতে, এই সমস্যাৰ বাবেই বিশ্বজুৰি ১৪০০খন বিমান বাতিল কৰা হৈছে। সেই সংস্থাৰ তথ্য অনুসৰি আমেৰিকাত ৫১২খন বিমান বাতিল কৰা হৈছিল। জাৰ্মানীত ৯২খন, ভাৰতত ৫৬খন, ইটালীত ৪৫খন আৰু কানাডাত ২১খন বিমান বাতিল কৰা হৈছে। সূত্ৰ অনুসৰি বেংগালুৰু বিমানবন্দৰৰ টাৰ্মিনেলত ১ৰ পৰা ৯০ শতাংশ বিমান সেৱা ব্যাহত হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক