--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিহত আল কায়দাৰ নেতা ওছামা বিন লাডেনৰ দেহৰক্ষীৰ মুৰব্বী হিচাপে তেওঁৰ নাম বিগত সময়ত চৰ্চিত হৈ আহিছে। এইবাৰ আল কায়দাৰ নেতা আমিন মহম্মদ উল হক ছাম খানক পাকিস্তান আৰক্ষীৰ কাউণ্টাৰ টেৰৰিজম স্কোয়াডে (চিটিডি) গ্ৰেপ্তাৰ কৰে।

চৰকাৰী সূত্ৰ অনুসৰি ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ "সন্ত্রাসবাদী" তালিকাত নাম অন্তৰ্ভুক্ত হোৱা আমিনক চোৰাংচোৱা তথ্যৰ ভিত্তিত পঞ্জাৱ প্ৰদেশৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে। পঞ্জাৱ আৰক্ষীৰ সন্ত্ৰাসবাদ বিৰোধী শাখাই দাবী কৰে যে তেওঁ তাত ভেঙুচালিৰ পৰিকল্পনাত জড়িত আছিল। চিটিডিৰ তথ্য অনুসৰি আমিনৰ বিৰুদ্ধে সন্ত্ৰাসবাদৰ সৈতে জড়িত থকাৰ বাবে গোচৰ ৰুজু কৰা হৈছে।

২০১১ চনৰ ২ মে’ত পাকিস্তানৰ এবটাবাদৰ এটা বাংলোত আমেৰিকাৰ নৌসেনাৰ ছিল কমাণ্ডো দল ‘টিম ছয়’ৰ দ্বাৰা বিন লাডেনক হত্যা কৰা হৈছিল। তেওঁৰ মৃতদেহ সাগৰত পুতি থোৱা হৈছিল। বিন লাডেনৰ ঘনিষ্ঠ আমিন নেভি ছিলৰ অভিযানৰ সময়ত সেই এবটাবাদ বাংলোটোত নাছিল। সেই সময়ত তেওঁৰ নামো ‘সম্ভাৱ্য বিশ্বাসঘাতক’ৰ তালিকাত আহিছিল।

চিডিটিৰ তথ্য অনুসৰি বন্দী আল কায়দাৰ নেতাগৰাকীয়ে আফগানিস্তানত থকা তালিবান যোদ্ধাসকলক অবৈধভাৱে অস্ত্ৰ যোগান ধৰাৰ অভিযোগো উত্থাপন হৈছে। প্ৰসংগক্ৰমে ইয়াৰ পূৰ্বে ২০২২ চনৰ জুলাই মাহত আল কায়দাৰ শীৰ্ষ নেতা হিচাপে লাডেনৰ উত্তৰাধিকাৰী আয়মান আল জাৱাহিৰী আফগানিস্তানৰ কাবুলত আমেৰিকাৰ ড্ৰ’ন আক্ৰমণত নিহত হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন