--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিহত আল কায়দাৰ নেতা ওছামা বিন লাডেনৰ দেহৰক্ষীৰ মুৰব্বী হিচাপে তেওঁৰ নাম বিগত সময়ত চৰ্চিত হৈ আহিছে। এইবাৰ আল কায়দাৰ নেতা আমিন মহম্মদ উল হক ছাম খানক পাকিস্তান আৰক্ষীৰ কাউণ্টাৰ টেৰৰিজম স্কোয়াডে (চিটিডি) গ্ৰেপ্তাৰ কৰে।

চৰকাৰী সূত্ৰ অনুসৰি ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ "সন্ত্রাসবাদী" তালিকাত নাম অন্তৰ্ভুক্ত হোৱা আমিনক চোৰাংচোৱা তথ্যৰ ভিত্তিত পঞ্জাৱ প্ৰদেশৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে। পঞ্জাৱ আৰক্ষীৰ সন্ত্ৰাসবাদ বিৰোধী শাখাই দাবী কৰে যে তেওঁ তাত ভেঙুচালিৰ পৰিকল্পনাত জড়িত আছিল। চিটিডিৰ তথ্য অনুসৰি আমিনৰ বিৰুদ্ধে সন্ত্ৰাসবাদৰ সৈতে জড়িত থকাৰ বাবে গোচৰ ৰুজু কৰা হৈছে।

২০১১ চনৰ ২ মে’ত পাকিস্তানৰ এবটাবাদৰ এটা বাংলোত আমেৰিকাৰ নৌসেনাৰ ছিল কমাণ্ডো দল ‘টিম ছয়’ৰ দ্বাৰা বিন লাডেনক হত্যা কৰা হৈছিল। তেওঁৰ মৃতদেহ সাগৰত পুতি থোৱা হৈছিল। বিন লাডেনৰ ঘনিষ্ঠ আমিন নেভি ছিলৰ অভিযানৰ সময়ত সেই এবটাবাদ বাংলোটোত নাছিল। সেই সময়ত তেওঁৰ নামো ‘সম্ভাৱ্য বিশ্বাসঘাতক’ৰ তালিকাত আহিছিল।

চিডিটিৰ তথ্য অনুসৰি বন্দী আল কায়দাৰ নেতাগৰাকীয়ে আফগানিস্তানত থকা তালিবান যোদ্ধাসকলক অবৈধভাৱে অস্ত্ৰ যোগান ধৰাৰ অভিযোগো উত্থাপন হৈছে। প্ৰসংগক্ৰমে ইয়াৰ পূৰ্বে ২০২২ চনৰ জুলাই মাহত আল কায়দাৰ শীৰ্ষ নেতা হিচাপে লাডেনৰ উত্তৰাধিকাৰী আয়মান আল জাৱাহিৰী আফগানিস্তানৰ কাবুলত আমেৰিকাৰ ড্ৰ’ন আক্ৰমণত নিহত হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক