--°C
Loading...
Listen to Article
2 min read
80%

ৱাশ্বিংটনঃ ইৰাণক পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰা বাধা দিয়াৰ কূটনৈতিক প্ৰচেষ্টা বিফল হ'লে বিহিত ব্যৱস্থা লোৱা হ’ব বুলি সতৰ্ক কৰি দিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বাইডেনে। ইজৰাইলৰ প্ৰধানমন্ত্ৰী নাফটালি বেনেটৰ সৈতে অনুষ্ঠিত বৈঠকৰ পাছত এই মন্তব্য কৰিছে বাইডেনে। ইফালে বৈঠকৰ পাছত ইৰাণ বিষয়ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিৰ স্থিতি প্ৰশংসনীয় বুলি ইজৰাইলৰ প্ৰধানমন্ত্ৰী নাফটালি বেনেটে সদৰী কৰিছে।

লগতে ইৰাণক পাৰমাণৱিক অস্ত্ৰ আহৰণ কৰিবলৈ অনুমতি নিদিয়াৰো অংগীকাৰ নাফটালি বেনেটৰ। উল্লেখ্য যে, কাবুলত আইছিছৰ বিমান আক্ৰমণৰ বাবে বৈঠকখন ২৪ ঘণ্টা পিছুৱাই দিয়া হৈছিল। হোৱাইট হাউচত অনুষ্ঠিত ৫০ মিনিটৰ বৈঠকৰ পাছত আধাৰিত এখন সংবাদমেলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি বাইডেনে সদৰী কৰে যে, ‘আমি প্ৰথমে কূটনৈতিক প্ৰচেষ্টাৰে আগবাঢ়িম, আমাৰ কৰণীয় কি সেই বিষয়ে উনুকিয়াই চাম। অৱশ্যে কূটনৈতিক প্ৰচেষ্টা বিফল হ’লে, আমি অন্য ব্যৱস্থাও ল’বলৈ প্ৰস্তুত।’


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক