--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তেওঁৰ নিয়মীয়া অনাতাঁৰ অনুষ্ঠান ‘মন কী বাত’ৰ জৰিয়তে দেশবাসীক সম্বোধন কৰে। প্ৰধানমন্ত্ৰীৰ এই জনপ্ৰিয় অনুষ্ঠানটোৱে আজি ৮০টা খণ্ড সম্পূৰ্ণ কৰিলে। আজি ক্ৰীড়া-গ্ৰাম্য অৰ্থনীতি তথা বয়ন শিল্পৰ উত্তৰণৰ দৰে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আলোকপাত কৰে প্ৰধানমন্ত্ৰীয়ে। দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে, ‘ট’কিঅ’ অলিম্পিকৰ সময়ত ভাৰতে লাভ কৰা প্ৰতিটো পদক অত্যন্ত বিশেষ আৰু ক্ৰীড়াক্ষেত্ৰত ভাৰতে লাভ কৰা গতি ৰুদ্ধ হ’ব নোৱাৰে।

ইয়াৰ পূৰ্বে ভাৰতে হয়তো অলিম্পিকত ইমানটা পদক জিকিব পৰা নাই, কিন্তু আজিৰ প্ৰজন্মই ক্ৰীড়া সম্পৰ্কীয় সুযোগবিলাক অন্বেষণ কৰি আহিছে। আমি ইয়াৰ গতি ৰুদ্ধ হ’বলৈ দিব নোৱাৰোঁ। বৰঞ্চ অধিক তৰান্বিতহে কৰিব লাগিব।’জীৱনৰ সকলো ক্ষেত্ৰতে এই গতি স্থায়ী কৰাৰ আহ্বান মোদীৰ। প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে ‘ভাৰত জোড়ো আন্দোলন’ৰ নেতৃত্ব দিবলৈ দেশবাসীক আহ্বান জনায়।

বৈচিত্ৰ্যৰে ভৰি থকা দেশখনক একতাৰ ডোলেৰে বান্ধি ৰখাটো প্ৰতিজন ভাৰতীয়ৰ কৰ্তব্য। গ্ৰাম্য আৰু জনজাতীয় অঞ্চলৰ লাখ লাখ শিপিনী আৰু শিল্পীৰ বাবে হস্ততাঁত উপাৰ্জনৰ এক মুখ্য উৎস বুলি যুক্তি দি তেওঁ হস্ততাঁতৰ সামগ্ৰী ক্ৰয় কৰিবলৈ দেশবাসীক আহ্বান জনায়। আনকি দেশবাসীৰ সৰু সৰু প্ৰচেষ্টাই শিপিনীসকলৰ ক্ষেত্ৰত এক নতুন আশাৰ জন্ম দিয়াৰ লগতে দেশবাসীৰ আন্তৰিক প্ৰচেষ্টাৰ বাবেই আজি খাদী সামগ্ৰীৰ বিক্ৰী বহুগুণে বৃদ্ধি পোৱা বুলিও তেওঁ মন্তব্য কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক