--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তেওঁৰ নিয়মীয়া অনাতাঁৰ অনুষ্ঠান ‘মন কী বাত’ৰ জৰিয়তে দেশবাসীক সম্বোধন কৰে। প্ৰধানমন্ত্ৰীৰ এই জনপ্ৰিয় অনুষ্ঠানটোৱে আজি ৮০টা খণ্ড সম্পূৰ্ণ কৰিলে। আজি ক্ৰীড়া-গ্ৰাম্য অৰ্থনীতি তথা বয়ন শিল্পৰ উত্তৰণৰ দৰে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আলোকপাত কৰে প্ৰধানমন্ত্ৰীয়ে। দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে, ‘ট’কিঅ’ অলিম্পিকৰ সময়ত ভাৰতে লাভ কৰা প্ৰতিটো পদক অত্যন্ত বিশেষ আৰু ক্ৰীড়াক্ষেত্ৰত ভাৰতে লাভ কৰা গতি ৰুদ্ধ হ’ব নোৱাৰে।

ইয়াৰ পূৰ্বে ভাৰতে হয়তো অলিম্পিকত ইমানটা পদক জিকিব পৰা নাই, কিন্তু আজিৰ প্ৰজন্মই ক্ৰীড়া সম্পৰ্কীয় সুযোগবিলাক অন্বেষণ কৰি আহিছে। আমি ইয়াৰ গতি ৰুদ্ধ হ’বলৈ দিব নোৱাৰোঁ। বৰঞ্চ অধিক তৰান্বিতহে কৰিব লাগিব।’জীৱনৰ সকলো ক্ষেত্ৰতে এই গতি স্থায়ী কৰাৰ আহ্বান মোদীৰ। প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে ‘ভাৰত জোড়ো আন্দোলন’ৰ নেতৃত্ব দিবলৈ দেশবাসীক আহ্বান জনায়।

বৈচিত্ৰ্যৰে ভৰি থকা দেশখনক একতাৰ ডোলেৰে বান্ধি ৰখাটো প্ৰতিজন ভাৰতীয়ৰ কৰ্তব্য। গ্ৰাম্য আৰু জনজাতীয় অঞ্চলৰ লাখ লাখ শিপিনী আৰু শিল্পীৰ বাবে হস্ততাঁত উপাৰ্জনৰ এক মুখ্য উৎস বুলি যুক্তি দি তেওঁ হস্ততাঁতৰ সামগ্ৰী ক্ৰয় কৰিবলৈ দেশবাসীক আহ্বান জনায়। আনকি দেশবাসীৰ সৰু সৰু প্ৰচেষ্টাই শিপিনীসকলৰ ক্ষেত্ৰত এক নতুন আশাৰ জন্ম দিয়াৰ লগতে দেশবাসীৰ আন্তৰিক প্ৰচেষ্টাৰ বাবেই আজি খাদী সামগ্ৰীৰ বিক্ৰী বহুগুণে বৃদ্ধি পোৱা বুলিও তেওঁ মন্তব্য কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু