--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হাতে হাত ধৰি জীৱন বাটত আগুৱাই যোৱাটোৱেই প্ৰেমৰ মূল লক্ষ্য আৰু উদ্দেশ্য হোৱা উচিত। কিন্তু কিছুমানে আদবাটতে এৰি থৈ যায়, যাৰফলত বহু মানুহৰ জীৱনত হয় স্বপ্নভংগ।

শেহতীয়াকৈ এক প্ৰেম কাহিনীয়ে সকলোতে চৰ্চা লাভ কৰিছে। ঘটনাটো ৰাজস্থানৰ যোধপুৰৰ। কাহিনীৰ নায়ক গাঁৱৰ এটা কৃষকৰ পৰিয়ালৰ সন্তান কৈলাশ মঞ্জু। কৈলাশ মঞ্জুৱে এখন কিতাপ লিখি জনপ্ৰিয় হৈ পৰিছে। কিতাপখনৰ নাম ‘UPSC Wala Love Collector Sahiba’। নিজৰ জীৱনৰ আধাৰতে কিতাপখন লিখিছে কৈলাশ মঞ্জুৱে। 

কৈলাশ মঞ্জুৱে দিল্লীত UPSCৰ কোচিং লৈছিল। এই কোচিঙতে এজনী ছোৱালীৰ সৈতে তেওঁ চিনাকি হয় আৰু তাতেই তেওঁলোকৰ বন্ধুত্ব হয় আৰু লাহে লাহে সেই বন্ধুত্বই প্ৰেমৰ ৰূপ লয়। ইফালে UPSC ক্লিয়াৰ কৰি ছোৱালীজনী IAS হয় কিন্তু কৈলাশ মঞ্জুৱে ক্লিয়াৰ কৰিব নোৱাৰিলে। IAS হোৱাৰ পাছতেই লাহে লাহে কৈলাশ মঞ্জুৰ কাষৰ পৰা আঁতৰি যায় ছোৱালীজনী। চাকৰি পোৱাৰ লগে লগেই ছোৱালীজনীয়ে প্ৰেমৰ সম্পৰ্ক বিচ্ছেদ কৰে কৈলাশ মঞ্জুৰ সৈতে। 

ইয়াৰ পাছতেই কৈলাশ মঞ্জুৱে এই সমগ্ৰ কাহিনীটোক লৈ এখন কিতাপ লিখাৰ সিদ্ধান্ত লয়। সিদ্ধান্ত অনুসৰিয়েই তেওঁ ‘UPSC Wala Love Collector Sahiba’ নামৰ কিতাপখন লিখে। আৰু এই কিতাপখন বৰ্তমান বেষ্ট চেলাৰ।

কৈলাশ মঞ্জুৱে কয় যে হৃদয়খন ভাগি যোৱাৰ পাছতেই তেওঁ এখন কিতাপ লিখাৰ সিদ্ধান্ত লৈছিল। এই গ্ৰন্থখন স্ব-প্ৰকাশিত আৰু ইয়াৰ বাবেই কৈলাশে লাখ-লাখ কোটি টকাৰ লাভ পাবলৈ সক্ষম হৈছে। কৈলাশৰ মতে এই গ্ৰন্থখন বৰ্তমান হিন্দী ভাষাত বেষ্ট চেলাৰ। অৱশ্যে এতিয়া কিতাপখন মাৰাঠী ভাষাত প্ৰকাশ পাইছে। গুজৰাটী আৰু ইংৰাজীত ছপা কৰাৰ প্ৰস্তুতি চলি আছে। 

এতিয়া এই কিতাপখনক লৈ চিনেমা নিৰ্মাণ কৰাৰো প্ৰস্তাৱ লাভ কৰিছে লেখকগৰাকীয়ে।

প্ৰেমেৰ বিচ্ছেদৰ পৰাও যে কিবা ইতিবাচক কাম কৰিব পাৰি এই কিতাপখন তাৰেই প্ৰমাণ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ