--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতৰ সীমান্ত সুৰক্ষা বাহিনী আৰু বাংলাদেশৰ ব'ৰ্ডাৰ গাৰ্ড বাংলাদেশৰ মাজত সঞ্চালক পৰ্যায়ৰ দ্বিবার্ষিক বৈঠক বৃহস্পতিবাৰে নতুন দিল্লীত সামৰণি পৰে। বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত দুয়োপক্ষই গ্ৰহণ কৰে। 

ভাৰত-বাংলাদেশৰ সংশ্লিষ্ট সীমান্ত সুৰক্ষা বাহিনীৰ উপ-সেনাধ্যক্ষসকলৰ মাজত যোগাযোগৰ নতুন সংযোগৰ বাবে এটা 'হটলাইন' স্থাপন কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰা হয়। বিগত বৰ্ষৰ ৫ আগষ্টত শ্বেখ হাছিনাৰ চৰকাৰ ক্ষমতাচ্যুত হোৱাৰ পাছত দুয়োখন দেশৰ সীমান্ত সুৰক্ষা বাহিনীৰ মাজত এইখন হৈছে প্রথম উচ্চস্তৰীয় বৈঠক। ১৮ ফেব্ৰুৱাৰীৰ পৰা ২০ ফেব্ৰুৱাৰীলৈকে তিনিদিনীয়াকৈ চলা বৈঠকখন সৌহার্দ্যপূর্ণ আছিল। 

চুবুৰীয়া দেশখনৰ সীমান্তৰ কাষৰীয়া পাঁচখন ভাৰতীয় ৰাজ্যৰ সীমান্তত বাকী থকা ৪,০৯৬ কিঃমিটাৰ এলেকাত বেৰ নিৰ্মাণৰ গুৰুত্বৰ বিষয়ে বাংলাদেশৰ পক্ষক 'সম্মত' কৰিবলৈ ভাৰতীয় পক্ষ সক্ষম হয়। আনহাতে, নতুনকৈ স্থাপন কৰিবলগা প্ৰস্তাৱিত 'হটলাইন'এ ভাৰতৰ কলকাতাস্থিত বি এছ এফৰ ইষ্টার্ন কমাণ্ডৰ এ ডি জি আৰু ঢাকাস্থিত বি জি বিৰ মুখ্য কাৰ্যালয়ৰ এ ডি জিৰ মাজত সংযোগ ঘটাব। তদুপৰি, সীমান্তৰ স্পৰ্শকাতৰ অঞ্চলসমূহত দুয়োপক্ষৰ টহল বৃদ্ধি, উভয় দেশৰ নিৰীহ জনতাৰ ওপৰত আক্রমণ বন্ধ কৰা, কাঁটা তাঁৰৰ বেৰৰ নির্মাণ আদি গুৰুত্বপূৰ্ণ বিষয়তো বৈঠকত সিদ্ধান্ত লোৱা হয়।

(দৈনিক জমনভূমিৰ প্ৰতিবেদন)

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু