--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতৰ সীমান্ত সুৰক্ষা বাহিনী আৰু বাংলাদেশৰ ব'ৰ্ডাৰ গাৰ্ড বাংলাদেশৰ মাজত সঞ্চালক পৰ্যায়ৰ দ্বিবার্ষিক বৈঠক বৃহস্পতিবাৰে নতুন দিল্লীত সামৰণি পৰে। বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত দুয়োপক্ষই গ্ৰহণ কৰে। 

ভাৰত-বাংলাদেশৰ সংশ্লিষ্ট সীমান্ত সুৰক্ষা বাহিনীৰ উপ-সেনাধ্যক্ষসকলৰ মাজত যোগাযোগৰ নতুন সংযোগৰ বাবে এটা 'হটলাইন' স্থাপন কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰা হয়। বিগত বৰ্ষৰ ৫ আগষ্টত শ্বেখ হাছিনাৰ চৰকাৰ ক্ষমতাচ্যুত হোৱাৰ পাছত দুয়োখন দেশৰ সীমান্ত সুৰক্ষা বাহিনীৰ মাজত এইখন হৈছে প্রথম উচ্চস্তৰীয় বৈঠক। ১৮ ফেব্ৰুৱাৰীৰ পৰা ২০ ফেব্ৰুৱাৰীলৈকে তিনিদিনীয়াকৈ চলা বৈঠকখন সৌহার্দ্যপূর্ণ আছিল। 

চুবুৰীয়া দেশখনৰ সীমান্তৰ কাষৰীয়া পাঁচখন ভাৰতীয় ৰাজ্যৰ সীমান্তত বাকী থকা ৪,০৯৬ কিঃমিটাৰ এলেকাত বেৰ নিৰ্মাণৰ গুৰুত্বৰ বিষয়ে বাংলাদেশৰ পক্ষক 'সম্মত' কৰিবলৈ ভাৰতীয় পক্ষ সক্ষম হয়। আনহাতে, নতুনকৈ স্থাপন কৰিবলগা প্ৰস্তাৱিত 'হটলাইন'এ ভাৰতৰ কলকাতাস্থিত বি এছ এফৰ ইষ্টার্ন কমাণ্ডৰ এ ডি জি আৰু ঢাকাস্থিত বি জি বিৰ মুখ্য কাৰ্যালয়ৰ এ ডি জিৰ মাজত সংযোগ ঘটাব। তদুপৰি, সীমান্তৰ স্পৰ্শকাতৰ অঞ্চলসমূহত দুয়োপক্ষৰ টহল বৃদ্ধি, উভয় দেশৰ নিৰীহ জনতাৰ ওপৰত আক্রমণ বন্ধ কৰা, কাঁটা তাঁৰৰ বেৰৰ নির্মাণ আদি গুৰুত্বপূৰ্ণ বিষয়তো বৈঠকত সিদ্ধান্ত লোৱা হয়।

(দৈনিক জমনভূমিৰ প্ৰতিবেদন)

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ